ধেমাজিৰ জোনাইত ভয়ংকৰ হত্যাকাণ্ড; কুঠাৰেৰে ঘপিয়াই পত্নী আৰু তিনি সন্তানক নিৰ্মমভাৱে হত্যা শিক্ষক পিতৃৰ

Story by  atv | Posted by  [email protected] • 56 m ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
গুৱাহাটী
 
ধেমাজি জিলাৰ জোনাই মহকুমাৰ অন্তৰ্গত তেলামত সংঘটিত হোৱা এক অতি লোমহৰ্ষক তথা বৰ্বৰ হত্যাকাণ্ডই সমগ্ৰ ৰাজ্যবাসীকে গভীৰ জোকাৰণি দিছে। এখন সুখৰ সংসাৰ নিমিষতে নিঃশেষ কৰি এগৰাকী শিক্ষকে নিজৰেই পত্নী আৰু তিনিটাকৈ নিস্পাপ সন্তানক হত্যা কৰা ঘটনাই সকলোৰে বুকু কঁপাই তুলিছে।
 
প্ৰাপ্ত অভিযোগ অনুসৰি, এই জঘন্য কাণ্ড সংঘটিত কৰা অভিযুক্ত লোকজনৰ নাম ফিৰোজ আলী। তেওঁ পেছাত গামচুক প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী সহকাৰী শিক্ষক আছিল। শিক্ষাৰ পোহৰ বিলাই অহা এইগৰাকী শিক্ষকে হাতত তুলি লয় এখন তীক্ষ্ণ কুঠাৰ আৰু কোনো পুতৌ নোহোৱাকৈ ঘপিয়াই ঘপিয়াই নিজৰেই পত্নীৰ লগতে দুগৰাকী কন্যা আৰু এটি পুত্ৰ সন্তানক চিৰদিনৰ বাবে মৃত্যুৰ শীতল কোলাত শুৱাই দিয়ে।
 
আজি পুৱাৰ ভাগত এই ভয়ংকৰ কাণ্ডৰ বিষয়ে পোহৰলৈ অহাৰ লগে লগে সমগ্ৰ তেলাম অঞ্চলত এক শোকাকুল তথা চেপা উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছে। স্থানীয় ৰাইজে এই নৃশংস দৃশ্য দেখি বাকৰুদ্ধ হৈ পৰিছে। যিজন ব্যক্তিয়ে ছাত্ৰ-ছাত্ৰীক নীতি-আদৰ্শৰ পাঠ পঢ়াব লাগে, তেওঁৰ এনে পাশৱিক ৰূপে সমাজৰ বিবেকক বাৰুকৈয়ে জোকাৰি গৈছে।
 
ঘটনাৰ খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত ততাতৈয়াকৈ উপস্থিত হয় আৰক্ষীৰ এটি দল। আৰক্ষীয়ে ইতিমধ্যে পাষাণ হত্যাকাৰী ফিৰোজ আলীক গ্ৰেপ্তাৰ কৰি নিজৰ জিম্মালৈ নিছে। অৱশ্যে, কি পৰিস্থিতিত পৰি বা কিহৰ তাড়নাত এজন শিক্ষিত লোকে নিজৰেই পৰিয়ালটোক এনেদৰে কুঠাৰেৰে ঘপিয়াই নিচিহ্ন কৰি দিলে, সেইয়া এতিয়াও ৰহস্যৰ আৱৰ্তত। বৰ্তমান আৰক্ষীয়ে সমগ্ৰ ঘটনাটোৰ এক সুক্ষ্ম তদন্ত আৰম্ভ কৰিছে আৰু এই তদন্তৰ অন্ততহে জঘন্য হত্যাকাণ্ডটোৰ আঁৰৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব।