ভোটাৰ তালিকা পুনৰীক্ষণৰ বাবে আধাৰ বৈধ: উচ্চতম ন্যায়ালয়

Story by  atv | Posted by  Munni Begum • 1 d ago
উচ্চতম ন্যায়ালয়
উচ্চতম ন্যায়ালয়
 
নতুন দিল্লী
 
চলিত বৰ্ষৰ শেষৰ ফালে নিৰ্বাচনৰ আগতে ভোটাৰ তালিকাৰ পৰা বাদ পৰা বিহাৰৰ ভোটাৰসকলে নিজৰ পৰিচয়ৰ প্ৰমাণ হিচাপে আধাৰ কার্ড দেখুৱাব পাৰিব বুলি শুকুৰবাৰে শীৰ্ষ আদালতে কয়। লগতে নিৰ্বাচন আয়োগক আধাৰক  পূৰ্বে থকা ১১টা প্ৰমাণৰ সৈতে সংলগ্ন কৰিবলৈও নিৰ্দেশ দিয়ে। 
 
বাদ পৰা ভোটাৰ সংখ্যা প্ৰায় ৩৫ লাখ হৈছে বুলি আদালতে অনুমান কৰিছে, যদিও মৃত আৰু নকল নাম বাদ দি এই সংখ্যা উল্লেখ কৰা হৈছে। কিন্তু সকলো নথি পত্ৰ পুনৰ জমা কৰিবলৈ আদালতে ১ ছেপ্তেম্বৰলৈকে সময়ৰ সীমা নিৰ্ধাৰণ কৰিছে। এই নথিপত্ৰসমূহ অনলাইন যোগে জমা কৰিব পাৰি বুলি ন্যায়াধীশ সুৰ্যকান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগছীৰ বিচাৰপীঠে মন্তব্য কৰিছে। 
 
ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ লৈ দাখিল হোৱা আবেদনৰ শুনানি চলি আছিল। আদালতে কয়, ভোটাৰ তালিকাত পুনৰ অন্তৰ্ভুক্তিৰ বাবে ১১টা পৰিচয় পত্ৰৰ যিকোনো এটা নাইবা আধাৰ প্ৰমাণ হিচাপে দাখিল কৰিব পাৰিব। 
 
আদালতে বিহাৰৰ ৰাজনৈতিক দলসমূহক লৈ কঠোৰ মন্তব্যও কৰিছে। আদালতে কয়, "বহু দলেই এই বিশেষ পুনৰীক্ষণক লৈ আপত্তি জনাইছিল, কিয়নো ই বিশেষকৈ তেওঁলোকৰ ভোট বেংক হ্ৰাস কৰিবলৈ কৰা হৈছে বুলি অভিযোগ কৰিছিল। কিন্তু তেওঁলোকে বাদ পৰা লাখ লা মানুহক তালিকাত ঘূৰাই আনিবলৈ কিয় সহায় কৰা নাই?"  
 
আদালতে লগতে উল্লেখ কৰে, "ৰাজনৈতিক দলসমহে নিজৰ কাম কৰি থকা নাই।" নিৰ্বাচন আয়োগে জনোৱা তথ্যৰ ওপৰত ভিত্তি কৰি আদালতে কৈছে যে, একাধিক এমপি আৰু এমএলে পৃথক পৃথক আপত্তি জনাইছে, কিন্তু দলসমূহে নিজৰ স্তৰত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই।" 
 
পৃথক ভোটাৰসকলে দলসমূহতকৈ অধিক সক্ৰিয়ভাৱে আপত্তি দাখিল কৰিছে। আদালতে মন্তব্য কৰিছে, "ভোটাৰসকলে ৰাজনৈতিক দলসমূহতকৈ অধিক সচেতন!" আদালতে এতিয়া এই গোচৰত জড়িত দলসমূহৰ নামো বিচাৰিছে আৰু তেওঁলোকক পক্ষভুক্ত কৰাৰ নিৰ্দেশ দিছে। পৰৱৰ্তী শুনানি ৮ ছেপ্তেম্বৰৰ বাবে নিৰ্ধাৰণ কৰা হৈছে।
 
ইতিমধ্যে নিৰ্বাচন আয়োগৰ পক্ষত জ্যেষ্ঠ আইনজীৱী ৰাকেশ দ্বিৱেদীয়ে আদালতক অনুৰোধ কৰিছে যে, ভোটাৰ তালিকাৰ পুনৰীক্ষণত ভুলভ্ৰান্তি নাই বুলি প্ৰমাণ কৰিবলৈ ১৫ দিনৰ সময় দিয়া হওঁক। তেওঁ কৈছে, "ৰাজনৈতিক দলসমূহে হৈ ছৈ কৰিছে, কিন্তু বাস্তৱত তেনে কোনো সমস্যা নাই। নিৰ্বাচন আয়োগৰ ওপৰত ভৰষা ৰাখক। আমি দেখুৱাম যে, অযথা কোনো লোককে বাদ দিয়া হোৱা নাই।"
 
নিৰ্বাচন আয়োগে আৰু জনাইছে যে, খচৰা ভোটাৰ তালিকাত বাদ দিয়া প্ৰায় ৮৫ হাজাৰ ভোটাৰে পুনৰ অন্তৰ্ভুক্তিৰ বাবে আবেদন কৰিছে আৰু নতুনকৈ ২ লাখৰো অধিক ভোটাৰে নাম নথিভুক্ত কৰিবলৈ আগবাঢ়িছে।