হাতীৰ আৱাসভূমিৰ উন্নয়নৰ বাবে অভিলাষী প্ৰকল্প আৰম্ভ আৰণ্যকৰ

Story by  atv | Posted by  Munni Begum • 8 Months ago
হাতীৰ আৱাসভূমি থলুৱা প্ৰজাতিৰ পুলি ৰোপণ
হাতীৰ আৱাসভূমি থলুৱা প্ৰজাতিৰ পুলি ৰোপণ
 
আৱাজ-দ্য ভইচ' অসম ব্যুৰো
 
মানৱ আৰু হাতীৰ সংঘাত প্ৰশমনৰ লগতে বন্যহস্তী আৰু মানুহৰ মাজত সহাৱস্থানক উদগনিৰ দীৰ্ঘম্যাদী পদক্ষেপৰ অংশ হিচাপে জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে অসমৰ ওদালগুৰি জিলাৰ ধনশিৰি বন সংমণ্ডলৰ অন্তৰ্গত ৰৌতা সংৰক্ষিত বনাঞ্চলৰ ১০০ হেক্টৰ ভূমি সামৰি হাতীৰ আৱাসভূমি উন্নয়নৰ বাবে এক অভিলাষী প্ৰকল্প আৰম্ভ কৰিছে।
 
আৰণ্যকৰ জ্যেষ্ঠ সংৰক্ষণ বিজ্ঞানী ড০ বিভূতি প্ৰসাদ লহকৰে কয়, "মানৱ-হাতী সংঘাত প্ৰশমনৰ দীৰ্ঘম্যাদী ব্যৱস্থা হিচাপে হাতীৰ আৱাসভূমি সুৰক্ষিত কৰা আৰু হাতীৰ চলা-ফুৰাৰ সুবিধা সৃষ্টি কৰাৰ উদ্দেশ্যে আৰণ্যকে এই প্ৰকল্পৰ অধীনত হাতীৰ আৱাসভূমিৰ উন্নতি আৰু পতিত অঞ্চল পুনৰুদ্ধাৰৰ বাবে কাম কৰিছে।"
 
বনাঞ্চলত আৰণ্যকৰ কৰ্মকৰ্তাসকল
 
বালিচহীয়া ৰুক্ষ অঞ্চলৰ পৰা আৰম্ভ কৰি শিলাময় আৰু জলাশয়লৈকে বিভিন্ন প্ৰকাৰৰ মাটিৰ স্তৰ থকা এটা এলেকাক ঘাঁহনি আৰু বনাঞ্চলেৰে সম্পূৰ্ণ কৰাৰ বাবে বাছনি কৰা হৈছে।  
 
আৰণ্যকৰ সংৰক্ষণ জীৱবিজ্ঞানী ড০ আলোলিকা সিনহাই কয়, "এই বছৰৰ জুন মাহৰ পৰা আমি বিভিন্ন গছ আৰু জোপোহা প্ৰজাতিৰ ২৫ হাজাৰৰো অধিক পুলি ৰোপণ কৰিছো। ভূমি ব্যৱহাৰৰ ধৰণ আৰু সেই অঞ্চলত ঐতিহাসিকভাৱে কি কি প্ৰজাতিৰ গছ আছিল সেই বিষয়ে জনা আৰু জ্ঞান থকাটো গুৰুত্বপূৰ্ণ। সেয়ে কি থলুৱা প্ৰজাতিৰ পুলি ৰোৱা হ’ব সেই বিষয়ে সম্যক সিদ্ধান্তত উপনীত হোৱাৰ বাবে পুলি ৰোপণৰ পূৰ্বে আমি এতিয়াও অক্ষত অৱস্থাত থকা বানাঞ্চলত এটা জৰীপ চলাইছিলো।" 
 
'এটা বহনক্ষম ভৱিষ্যতৰ বাবে হাতী আৱাসভূমি সুৰক্ষিত কৰা' এই মূলমন্ত্ৰৰে উদযাপন কৰা বিশ্ব হাতী দিৱস উপলক্ষে চলোৱা গছপুলি ৰোপণ অভিযানত সশস্ত্ৰ সীমা বলৰ (এছ এছ বি) ৬১ নং বেটেলিয়ন, ধনশিৰি বন সংমণ্ডল আৰু ৰৌতা  সংৰক্ষিত বনাঞ্চলৰ ধনশিৰি-চিকাৰীডাঙা জে এফ এম চিয়ে আৰণ্যকক সহযোগিতা কৰিছে। হাতীৰ আৱাসভূমি সুৰক্ষিত কৰাৰ বাবে হাতীৰ প্ৰিয় খাদ্য প্ৰজাতিৰ গছ এলপিনিয়া এছ পি পিৰ প্ৰায় ২০০০ টা ৰোপণ কৰা হৈছে। 
 
হাতীৰ আৱাসভূমি গছপুলি ৰোপন কৰিছে আৰণ্যকৰ কৰ্মকৰ্তাই
 
এছ এছ বিৰ ৬১ নং বেটেলিয়নৰ কমাণ্ডেণ্ট ৰাজ কুমাৰ জালজোৱে এছ এছ বিৰ ৩০ জন জোৱানক নিয়োজিত কৰি এই কামত সহায় কৰিছে। জোৱানসকলে এছ এছ বিৰ উপ কমাণ্ডেণ্ট সুনীল কুমাৰৰ উপস্থিতিত পুলি ৰোপণ কাৰ্যত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে বুলি আৰণ্যকৰ ক্ষেত্ৰ বিষয়া ৰাবিয়া দৈমাৰীয়ে জনায় আৰু তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে। এই পদক্ষেপত এছ বি আই ফাউণ্ডেশ্যন আৰু ইউ এন ডি পিয়ে সহযোগিতা আগবঢ়াইছে। 
 
মানৱ-হাতী সংঘাত প্ৰশমনৰ বাবে লোৱা এই নতুন পদক্ষেপত আৰণ্যকৰ বিষয়ববীয়া ৰাবিয়া দৈমাৰী, ডিদোম দৈমাৰী, ৰেশমা নাৰ্জাৰী, মনদীপ বসুমতাৰী, দিবাকৰ নায়ক, বিকাশ টোছা, বিনেশ্বৰ দৈমাৰী আৰু ৰূপম গয়াৰীয়ে মূল ভূমিকা পালন কৰিছে। উল্লেখ্য যে আৰণ্যকে মানুহ আৰু হাতীৰ সহাৱস্থানক উদগনি যোগোৱাৰ বাবে স্থানীয় লোকসকলৰ সবলীকৰণ আৰু হাতীৰ আৱাস ভূমি সুৰক্ষিত কৰাৰ দিশত নিৰলস অহোপুৰুষাৰ্থ কৰি আহিছে।