আৰণ্যকৰ গ্ৰীষ্মকালীন প্ৰকৃতি কৰ্মশালা “নেচাৰ ডিটেক্টিভ ২০২৫”ৰ জৰিয়তে শিক্ষাৰ্থীক ফৰেণচিক বিজ্ঞান জগতৰে পৰিচয়

Story by  atv | Posted by  [email protected] • 19 h ago
আৰণ্যকৰ গ্ৰীষ্মকালীন প্ৰকৃতি কৰ্মশালাৰ একাংশ অংশগ্ৰহণকাৰী
আৰণ্যকৰ গ্ৰীষ্মকালীন প্ৰকৃতি কৰ্মশালাৰ একাংশ অংশগ্ৰহণকাৰী
 
গুৱাহাটী

উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰণী জৈৱ বৈচিত্ৰ সংৰক্ষণ সংস্থা আৰণ্যকে ইয়াৰ “ষ্টুডেন্ট এনগেজমেন্ট লাৰ্ণিং প্ৰগ্ৰেম”ৰ অধীনত যুৱ প্ৰতিভাসকলৰ বাবে গুৱাহাটীত “নেচাৰ ডিটেক্টিভ ২০২৫” শীৰ্ষক এখন চাৰিদিনীয়া গ্ৰীষ্মকালীন প্ৰকৃতি কৰ্মশালা অনুষ্ঠিত কৰে। ভৱিষ্যতৰ প্ৰকৃতি সংৰক্ষণৰ নেতৃত্ব বহনকাৰী সকলক আৱিষ্কাৰ, কৌতুহল আৰু পৰিৱেশ অন্বেষণৰ বিশাল জগতখনৰ সৈতে পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যে ২২ জুলাইৰ পৰা ২৫ জুলাইলৈ এই কৰ্মশালাখন অনুষ্ঠিত কৰা হয়।
 
অসমৰ বিশিষ্ট ফৰেনছিক বিজ্ঞানী ড০ পদ্মপানীয়ে ২৪ জুলাইত কৰ্মশালাখনত ছাত্ৰ-ছাত্ৰী, গৱেষক, জীৱবিজ্ঞানী আৰু প্ৰকৃতিপ্ৰেমীকে ধৰি অৰ্ধ-শতাধিক উৎসাহী অংশগ্ৰহণকাৰী সৈতে মত-বিনিময় কৰি ফৰেনছিক বিজ্ঞানী হিচাপে তেওঁৰ জীৱনজোৰা অভিজ্ঞতাৰ ওপৰত আলোকপাত কৰে আৰু অপৰাধ অনুসন্ধানৰ ক্ষেত্ৰত ফৰেনছিক বিজ্ঞানৰ বহুল প্ৰয়োগত গুৰুত্ব আৰোপ কৰে।
 
উল্লেখ্য যে ফৰেনছিক বিজ্ঞানত পিএইচডি অৰ্জন কৰা ড০ পদ্মপানী উত্তৰ-পূব ভাৰতৰ একমাত্ৰ ব্যক্তি। অসম ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰত ৩০ বছৰতকৈও অধিক সময় কাম কৰা ড০ পদ্মপানীয়ে ২০০৯ চনত সঞ্চালক হিচাপে অৱসৰ গ্ৰহণ কৰে।
 
কৰ্মশালাত ড০ পদ্মপানীয়ে বন্যপ্ৰাণীৰ অপৰাধ ধৰা পেলোৱাত ফৰেনছিক বিজ্ঞানৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ জীৱনৰ বহু হৃদয়স্পৰ্শী অভিজ্ঞতা বৰ্ণনা কৰে আৰু প্ৰত্যেকেই, বিশেষকৈ উঠি অহা প্ৰজন্ম, একোজন ভাল মানুহ হোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আমাৰ চৌপাশে এখন সুন্দৰ পৃথিৱী সৃষ্টি কৰাৰ বাবে তেওঁ চেমনীয়া সকলৰ মনত প্ৰকৃতি আৰু সমাজৰ প্ৰতি প্ৰেম আৰু সহানুভূতিৰ বীজ ৰোপণ কৰাৰ পোষকতা কৰে ।
 
কৰ্মশালাখনত অংশগ্ৰহণ কৰি অল ইণ্ডিয়া ৰেডিঅ’ৰ ঘোষিকা শিখা মহন্তই জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ ক্ষেত্ৰত আৰণ্যকৰ অবিৰত প্ৰচেষ্টাৰ শলাগ লয়।আৰণ্যকৰ সচিব প্ৰধান তথা কাৰ্যবাহী সঞ্চালক ড০ বিভৱ কুমাৰ তালুকদাৰে তেওঁৰ আদৰণি ভাষণত অংশগ্ৰহণকাৰীসকলক তেওঁলোকৰ বন্ধৰ দিনত এনে কৰ্মশালাত অংশগ্ৰহণ কৰাৰ বাবে সাধুবাদ দিয়ে আৰু এই কাৰ্য্যই প্ৰকৃতিৰ প্ৰতি তেওঁলোকৰ অনুৰাগ আৰু দায়বদ্ধতাক প্ৰতিফলিত কৰে বুলি মন্তব্য কৰে।
 

আৰণ্যকৰ গ্ৰীষ্মকালীন কৰ্মশালাৰ এক মুহূৰ্ত
 
আৰণ্যকৰ পৰিৱেশ শিক্ষা আৰু সামৰ্থ্য বিকাশ বিভাগৰ সহকাৰী সঞ্চালক জয়ন্ত কুমাৰ পাঠকে কয়,  “ অংশগ্ৰহণকাৰী সকলক STEM ৰ সৈতে আগতীয়াকৈ পৰিচয় কৰাই,  ফৰেনছিক বিজ্ঞানৰ বিভিন্ন কৌশলৰ বিষয়ে জ্ঞান দি,  বন্যপ্ৰাণীৰ দ্বাৰা অনুপ্ৰাণিত সৃষ্টিশীল কামত নিয়োজিত কৰি, ফৰেনছিক বিশেষজ্ঞৰ সৈতে মত-বিনিময় কৰাই, আৰু বিভিন্ন প্ৰাসংগিক বিষয়ত মনোনিৱেশ কৰাই তেওঁলোকৰ ব্যৱহাৰিক বিজ্ঞানৰ দক্ষতাৰ বিকাশ ঘটোৱাই এই গ্ৰীষ্মকালীন কৰ্মশালাৰ লক্ষ্য।”   
 
চাৰিদিনীয়া কৰ্মশালাখনত অংশগ্ৰহণকাৰীসকলক বন্যপ্ৰাণী অপৰাধ আৰু বন্যপ্ৰাণীৰ অবৈধ ব্যৱসায়ৰ বিষয়ে সজাগতা বিয়পোৱাৰ STEM ভিত্তিক শিকন অভিজ্ঞতাৰ জৰিয়তে বন্যপ্ৰাণীৰ জগতখনৰ সৈতে পৰিচয় কৰাই দিয়াৰ লগতে প্ৰকৃতিৰ প্ৰতি তেওঁলোকৰ কৌতুহল আৰু অনুৰাগ বৃদ্ধি কৰা হয় ।
 
অংশগ্ৰহণকাৰীসকলে ভাগ লোৱা “হুছ ট্ৰেক ইজ দ্যট্?,  হু ডাং ইট,   প্লাষ্টাৰ অৱ পেৰিছ (পি অ’ পি), ৱাইল্ড ক্লুজ –  ট্ৰেকছ্…,  ফাৰজ্… এণ্ড ফিডাৰছ্…, ৱাইল্ড বিটছ্, দ্যা  লিফ ক’ড –  চিক্ৰেটছ্… হিডেন ইন প্লেন্টছ্, প্লেন্ট ক্লু পেট্ৰ’ল, প্লেন্ট এভিডেন্স লেব, বিল্ড ইউৰ ক্লু বুক, মিষ্ট্ৰী এট নেচাৰ চিন্… – ছ’লভিং ইক’ ক্ৰাইমছ  আদি বিভিন্ন কাৰ্য-কলাপে তেওঁলোকক জীৱ-জন্তু অনুসৰণ পদ্ধতি আৰু পদাংক বিশ্লেষণৰ লগতে বন্যপ্ৰাণী আৰু পৰিৱেশ সম্পৰ্কীয় অপৰাধৰ প্ৰাকৃতিক সাক্ষ্যৰ পাঠোদ্ধাৰৰ বাবে বৃদ্ধিৰ ধৰণ বুজিবলৈ বুনিয়াদী ফৰেনছিক কৌশলবোৰ বুজি পোৱাত সহায় কৰে।
 
ছাত্ৰ-ছাত্ৰীসকলৰ অসম ৰাজ্যিক চিৰিয়াখানা তথা উদ্ভিদ উদ্যানৰ ক্ষেত্ৰ ভ্ৰমণেৰে এই গ্ৰীষ্মকালীন প্ৰকৃতি শিবিৰৰ সামৰণি পৰে। এই ভ্ৰমণকালত শিক্ষাৰ্থী সকলক চিৰিয়াখানাৰ চৌহদৰ ভিতৰত ট্ৰেকিং কৰোৱাৰ লগতে অসম ৰাজ্যিক চিৰিয়াখানাৰ জীৱবিজ্ঞানী প্ৰাঞ্জল মহানন্দৰ নেতৃত্বত চিৰিয়াখানাৰ প্ৰকৃতি শিকন কেন্দ্ৰত প্ৰকৃতি সম্পৰ্কে জ্ঞান দিয়া হয়। কৰ্মশালাৰ সামৰণিত ছাত্ৰ-ছাত্ৰীসকলক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়।
 
মবিয়াছ ফাউণ্ডেশ্যনৰ সহযোগত এই কৰ্মশালাখন অনুষ্ঠিত কৰা হয় আৰু আৰণ্যকৰ পৰিৱেশ শিক্ষা আৰু সামৰ্থ্য বিকাশ বিভাগৰ (ইইচিবিডি) সহকাৰী সঞ্চালক জয়ন্ত কুমাৰ পাঠকে ইয়াৰ গুৰি ধৰে। ইইচিবিডিৰ প্ৰকল্প সমন্বয়ক প্ৰজ্ঞান শৰ্মা, যুৱ পেছাদাৰী এন্দ্ৰিউ ৰয়, দীপাংকৰ মজুমদাৰ, দিশা হালৈ, গীতাশ্ৰী শৰ্মা, জ্যোতিস্মিতা কাশ্যপ, কৌশিক ৰঞ্জন শইকীয়া, পূৰ্ব পাল আৰু পূৰ্ণ পালে কৰ্মশালাখনৰ সমন্বয় ৰক্ষাৰ লগতে বিভিন্ন অধিবেশনত বক্তৃতা প্ৰদান কৰে।