মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই আৰম্ভ এক্সন; ধুবুৰীত থানাই থানাই অপৰাধী

Story by  atv | Posted by  [email protected] • 16 h ago
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
 
গুৱাহাটী
 
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতেই আৰম্ভ হৈছে এক্সন। থানাই থানাই গ্ৰেপ্তাৰ কৰিছে  অপৰাধীক। চহৰখনত নিশা টহল দিছিল ৰেপিড এক্সন ফৰ্ছে। বিশেষ বাহন লৈ ৰেপিড ফৰ্ছ ঘূৰিছে চহৰখনত।
 
বজ্ৰ বাহনেৰে RAFৰ দিছে টহল। চহৰখনখনৰ প্ৰতিটো প্ৰান্ততত নজৰ ৰাখিছে ৰেপিড ফৰ্ছে। এতিয়াৰ পৰা চহৰখনত নিস্তাৰ নাই অপৰাধীৰ।
 
জামিন বিহীন ধাৰাত ৰুজু হৈছিল গোচৰ। বৰ্তমানলৈকে ৩০ অপৰাধী পৰিছে আৰক্ষীৰ জালত।ধুবুৰী সদৰ থানাত ৪টা, তামাৰহাটত ৫টা, আগমনিত ১টা, গোলকগঞ্জত ৪টা, বিলাসীপাৰাত ১টা, চাপৰত ৩টা, আৰু সপটগ্ৰামত ৫টা অপৰাধীক গ্ৰেপ্তাৰ কৰা হৈছে।
 
ইয়াৰ লগতে আৰক্ষীয়ে সাজু কৰিছে দীঘলীয়া তালিকা। আজিও চহৰখনৰ বিভিন্ন প্ৰান্তত চলিব বৃহৎ অভিযান।