নতুন দিল্লী
ৰাঁচীৰ পৰা দিল্লীলৈ যোৱাৰ পথত সোমবাৰে সন্ধিয়া ঝাৰখণ্ডৰ চত্ৰা জিলাত দুৰ্ঘটনাত পতিত হয় এখন এয়াৰ এম্বুলেঞ্চ। দুৰ্ঘটনাৰ ফলত বিমানখনত থকা ৭গৰাকী ব্যক্তিৰে মৃত্যু হয়। ৰেডবাৰ্ড এয়াৰৱেজ প্ৰাইভেট লিমিটেডৰ দ্বাৰা পৰিচালিত বিমানখন সন্ধিয়া ৭:১১ বজাত ৰাঁচী বিমানবন্দৰৰ পৰা উৰা মৰাৰ কিছু সময়ৰ পিছতে চিমৰিয়াৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত হয়।
চত্ৰাৰ জিলা উপায়ুক্ত কীৰ্তিশ্ৰী জিয়ে সংবাদ সংস্থা পিটিআইক জনোৱা মতে, ‘‘এয়াৰ এম্বুলেঞ্চখনত থকা সাতগৰাকী যাত্ৰীৰে দুৰ্ঘটনাত মৃত্যু হৈছে’’। বিমানখন সেই সময়ত দিল্লী অভিমুখে গৈ আছিল বুলি তেওঁ নিশ্চিত কৰে। ডাইৰেক্টৰ জেনেৰেল অৱ চিভিল এভিয়েশ্যন (DGCA)য়ে জনাইছে যে VT-AJV পঞ্জীয়ন নম্বৰৰ বিচক্ৰাফ্ট C90 বিমানখন ৰাঁচী-দিল্লী খণ্ডত চিকিৎসা সেৱাৰ বাবে ব্যৱহাৰ কৰা হৈছিল।
DGCAৰ মতে, বিমানখনে সন্ধিয়া ৭:১১ বজাত ৰাঁচীৰ পৰা উৰা মাৰিছিল আৰু পিছত কলকাতা এয়াৰ ট্ৰাফিক কণ্ট্ৰোলৰ সৈতে যোগাযোগ স্থাপন কৰিছিল। প্ৰতিকূল বতৰৰ বাবে বিমানখনে পথ সলনি কৰাৰ অনুৰোধ জনাইছিল যদিও তাৰ পিছতে যোগাযোগ বিচ্ছিন্ন হয়। প্ৰায় ৭:৩৪ বজাত বাৰাণসীৰ পৰা ১০০ নটিকেল মাইল দক্ষিণ-পূবত বিমানখনৰ সৈতে ৰাডাৰ সংযোগ বিচ্ছিন্ন হয়।
উপায়ুক্তগৰাকীয়ে জনোৱা মতে, প্ৰাথমিক তদন্তত বজ্ৰপাত আৰু ধুমুহাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে। মৃতসকলৰ ভিতৰত দুজন ক্ৰু মেম্বাৰ, এজন ৰোগী আৰু তেওঁৰ পৰিয়ালৰ তিনিজন সদস্য আছিল।
চত্ৰা জিলাৰ কৰ্মটাণ্ডৰ ওচৰৰ এখন ঘন অৰণ্যত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ বাবে উদ্ধাৰকাৰী দলৰ বাবে সেই স্থানত উপস্থিত হোৱাটো প্ৰত্যাহ্বানজনক হৈ পৰিছিল। চত্ৰাৰ আৰক্ষী অধীক্ষক সুমিত কুমাৰ আগৰৱালাই জনোৱা মতে, নিশা প্ৰায় ১০ বজাত তেওঁলোকে দুৰ্ঘটনাৰ খবৰ লাভ কৰিছিল। তদন্তকাৰী দলে বিমানখনৰ 'ব্লেক বক্স' উদ্ধাৰ কৰিবলৈ চেষ্টা চলাই আছে।
ৰাঁচীৰ দেৱ কমল হাস্পতালৰ চিইঅ’ অনন্ত সিনহাই জনোৱা মতে, সঞ্জয় কুমাৰ নামৰ এজন ৪১ বছৰীয়া ব্যক্তিক (যিয়ে ৬৫ শতাংশ অগ্নিদগ্ধ হৈ চিকিৎসাধীন হৈ আছিল) উন্নত চিকিৎসাৰ বাবে দিল্লীলৈ নিয়াৰ ব্যৱস্থা কৰা হৈছিল। পৰিয়ালে নিজেই এই বিমানখনৰ ব্যৱস্থা কৰিছিল। দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকল হৈছে, দুই পাইলট কেপ্তেইন বিবেক বিকাশ ভগত, কেপ্তেইন সাৱৰাজদীপ সিং, সঞ্জয় কুমাৰ নামৰ ৰোগীজন, ডাঃ বিকাশ কুমাৰ গুপ্তা, স্বাস্থ্যকৰ্মী শচীন কুমাৰ মিশ্ৰ আৰু ৰোগীৰ আত্মীয় অৰ্চনা দেৱী আৰু ধুৰু কুমাৰ।
উল্লেখযোগ্য যে, DGCAএ এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰু এয়াৰক্ৰাফ্ট এক্সিডেণ্ট ইনভেষ্টিগেশ্যন ব্যুৰো (AAIB)-ৰ এটা দলে দুৰ্ঘটনাস্থলীত আৰম্ভ কৰিছে তদন্ত। ঝাৰখণ্ডৰ মন্ত্ৰী ইৰফান আনছাৰীয়ে চৰকাৰে পৰিস্থিতি নিৰীক্ষণ কৰি থকা বুলি জনাইছে।