যুদ্ধৰ বাবে বৃদ্ধি পাইছে বিমান ভাৰা; এয়াৰ ইণ্ডিয়াৰ ঘোষণা

Story by  atv | Posted by  [email protected] • 2 h ago
এয়াৰ ইণ্ডিয়া
এয়াৰ ইণ্ডিয়া
 
নতুন দিল্লী
 
আজিৰে পৰা হোৰাহোৰে বাঢ়িছে বিমান ভাৰা। ঘৰুৱা আৰু আন্তৰ্জাতিক বিমান যাত্ৰাৰ ক্ষেত্ৰত যাত্ৰীয়ে ৪২৫ টকাৰ পৰা ২,৩০০ টকা পৰ্যন্ত ভাৰা বৃদ্ধি হ'ব বুলি এয়াৰ ইণ্ডিয়াই ঘোষণা কৰিছে৷ কাৰণ দক্ষিণ এছিয়াত হোৱা যুদ্ধৰ বাবে বিমান ইন্ধৰন দামবৃদ্ধি পাইছে৷
 
উল্লেখযোগ্য যে, আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ মাজত হোৱা যুদ্ধৰ বাবে বিশ্বজুৰি খাৰুৱা তেল, ৰন্ধন গেছ, ইন্ধৰ নাটনি হৈছে। ইফালে বিশ্বজুৰি খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ ফলতে ভাৰততো বিমান যাত্ৰাৰ ক্ষেত্ৰত যাত্ৰীয়ে ভৰিব লাগিব অধিক ভাৰা ৷ সামাজিক মাধ্যম এক্স (X)ৰ জৰিয়তে এই কথা উল্লেখ কৰিছে এয়াৰ ইণ্ডিয়াই৷
ইতিমধ্যে এয়াৰ ইণ্ডিয়াই ঘোষণা কৰা অনুসৰি, ১৪ মাৰ্চ অৰ্থাৎ আজিৰ পৰা ঘৰুৱা বিমানৰ উৰণৰ ক্ষেত্ৰত ৪২৫ টকা, মধ্য-পূবলৈ উৰণৰ বাবে ৯০০ টকা, দক্ষিণ-পূব এছিয়া আৰু চীন, আফ্ৰিকা আৰু পশ্চিম এছিয়াৰ বাবে ১,৮০০ টকাকৈ ভাৰা বৃদ্ধি কৰা হৈছে ৷ সমান্তৰালকৈ ইউৰোপলৈ ২,৩০০ টকা বিমান ভাৰা বৃদ্ধি কৰা হৈছে বুলি ঘোষণা কৰিছে ৷
 
এভিয়েশ্যন ট্ৰিবিউন ফিউল (এ টি এফ)য়ে ভাৰতত বা ভাৰতৰ পৰা চলাচল কৰা প্ৰায় ৮০ শতাংশ বিমানৰ ইন্ধন যোগান ধৰে ৷ এ টি এফে বিমান ইন্ধৰ নতুন দাম ঘোষণাৰ লগে লগে এয়াৰ ইণ্ডিয়াইও ভাৰা বৃদ্ধিৰ কথা ঘোষণা কৰিছে ৷ দক্ষিণ এছিয়াত হোৱা যুদ্ধৰ বাবে ইণ্ডিগ'ৱে বিমান ভাৰা বৃদ্ধি কৰিব লগীয়া হৈছে হৈছে বুলি এয়াৰ ইণ্ডিয়াই উল্লেখ কৰিছে ৷ ইৰাণৰ ওপৰত আমেৰিকা আৰু ইজৰাইলৰ ভয়ংকৰ আক্ৰমণৰ ফল ভুগিছে বিশ্বসবাসীয়ে ৷