৯ নবেম্বৰত আকাশমার্গত মায়াবিনী গীতৰ সংগীতেৰে জুবিন গাৰ্গ শ্রদ্ধাঞ্জলি জনাব বায়ুসেনাই

Story by  atv | Posted by  Munni Begum • 14 h ago
ভাৰতীয় বায়ুসেনা বাহিনী আৰু জুবিন গাৰ্গ
ভাৰতীয় বায়ুসেনা বাহিনী আৰু জুবিন গাৰ্গ
 
গুৱাহাটী
 
ভাৰতীয় বায়ুসেনা বাহিনীৰ বায়ুসেনা দিৱস উপলক্ষে অহা ৯ নবেম্বৰত মহানগৰীৰ ব্ৰহ্মপুত্ৰ পাৰৰ লাচিতঘাটত প্রদর্শন হ'ব বায়ুসেনাৰ বিশেষ বিমানৰ কুচকাৱাজ। গুৱাহাটীৰ আকাশমার্গত অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠানৰ আৰম্ভণিতে শিল্পী জুবিন গাৰ্গৰ মায়াবিনী ৰাতিৰ বুকুত নামৰ গীতটোৰ সংগীতেৰে তেওঁক শ্রদ্ধাঞ্জলি জনোৱা হ'ব।  
 
এই অনুষ্ঠান মহানগৰীৰ ভৰলুমুখ, খাৰঘুলি, সোণাৰাম খেলপথাৰ আদিৰ পৰাও উপভোগ কৰিব পাৰিব। এক সংবাদমেলত ভাৰতীয় বায়ুসেনা ইষ্টাৰ কমাণ্ডৰ এয়াৰ মার্শাল সুৰত সিং, ৰাজ্যৰ মুখ্য সচিব ড° ৰবি কোটা আৰু আৰক্ষী সঞ্চালকপ্রধান হৰমীত সিঙে এই কথা সদৰী কৰিছে। 
 
অসম তথা উত্তৰ-পূবত পোনপ্ৰথমবাৰৰ বাবে বায়ুসেনা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা এই অনুষ্ঠান উপভোগ কৰাৰ বাবে ছাত্র-ছাত্রীসকলৰ ক্ষেত্রত পৃথক ব্যৱস্থা থাকিব।
 
ভাৰতীয় বায়ুসেনা বাহিনীৰ উদ্যোগত আয়োজিত এই যৌথ সংবাদমেলত লগতে উল্লেখ কৰা হৈছে যে, এই কার্যসূচী সমগ্র অসম তথা উত্তৰ-পূবৰ জনগণে সামাজিক মাধ্যমযোগে একে সময়তে নির্দিষ্ট লিংকত উপভোগ কৰাৰ সুবিধা পাব। কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙো এই অনুষ্ঠানত অংশ গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।