জুবিন গাৰ্গক জীয়াই ৰাখিবলৈ গছপুলি ৰোপণ কৰিবলৈ আহ্বান সৰ্বধৰ্ম সমন্বয় সভাৰ

Story by  atv | Posted by  [email protected] • 13 h ago
এইচ এম আমিৰ হুছেইন
এইচ এম আমিৰ হুছেইন
 
গুৱাহাটী
 
কেৱল বৃক্ষৰোপণ কৰিলেহে জুবিনৰ স্মৃতি সজীৱ হৈ থাকিব। এই আহ্বান সৰ্বধৰ্ম সমন্বয় সভাৰ। এইদৰেই প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰি প্ৰিয় শিল্পীগৰাকী চিৰস্মৰণীয় হৈ ৰ'ব বুলি মন্তব্য কৰে এইচ এম আমিৰ হুছেইনে।
 
তেওঁ কয় যে অসম চৰকাৰে এই সন্দৰ্ভত এক অধিসূচনা জাৰি কৰিব লাগে। অফিচ, আদালত আৰু শিক্ষানুষ্ঠানত গছপুলি ৰোপণ কৰক। আমিৰ হুছেইনে লগতে কয় যে জুবিন গাৰ্গ এজন পৰিৱেশ প্ৰেমী আছিল। তেওঁৰ বহুতো গীতত প্ৰাণী, পক্ষী আৰু উদ্ভিদৰ প্ৰসংগ পোৱা যায়।
 
হিংসা ঘৃণাৰ পৰিৱৰ্তে মানুহক ভালপোৱাৰ কথা কৈছিল। মহাসচিব এইচ এম আমিৰ হুছেইনে ৰাজ্যখনৰ প্ৰতিখন জিলাত প্ৰশাসনৰ উদ্যোগত জুবিন গাৰ্গৰ আত্মাৰ শান্তি কামনা কৰি সৰ্বধৰ্ম প্ৰাৰ্থনা সভা আয়োজন কৰিবলৈ আহ্বান জনায়।
 
বৰ্তমান সময়ত পৰিৱেশ ৰক্ষা কৰিবলৈ হ'লে কেৱল সেউজীয়া গছ-গছনিৰ আৱশ্যক হয়, সেয়ে জুবিনৰ স্মৃতি ৰক্ষা কৰাই নহয়, এই গছ-গছনিয়ে মানৱ জীৱন ৰক্ষা কৰিব, ঠিক জুবিনে যিটো বিচাৰিছিল।