গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত নাম সন্নিবিষ্ট হ'ল অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ

Story by  atv | Posted by  [email protected] • 12 h ago
অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু
অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু
 
নতুন দিল্লী
 
গিনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়িলে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে। অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ২৪ ঘণ্টাৰ ভিতৰত প্ৰায় ৪ হাজাৰ ছুপাৰ চাইকেল (ই-চাইকেল) বিতৰণ কৰি এই অভিলেখ গঢ়িবলৈ সক্ষম হয়। শেহতীয়াকৈ তেওঁৰ গৃহ সমষ্টি কুপ্পাম ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰী নাইডুৱে বিতৰণৰ বাবে নিৰ্ধাৰিত ৫,৫৫৫ ইউনিটৰ ভিতৰত ৩,৭৪২খন ছুপাৰ চাইকেল বিতৰণ কৰে।
 
মঙলবাৰে এক প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰে, "মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে ৩১ জানুৱাৰীত মহিলা সবলীকৰণ আৰু বহনক্ষম উন্নয়নৰ বাবে এক ঐতিহাসিক মাইলৰ খুঁটিত গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত অন্তৰ্ভুক্ত হয়।" যোৱা ৩১ জানুৱাৰীত থুমছি গাঁৱত এখন ৰাজহুৱা সভাত ভাষণ দি মুখ্যমন্ত্ৰী নাইডুৱে ছুপাৰ চাইকেলক আত্মবিশ্বাস আৰু অৰ্থনৈতিক স্বাধীনতাৰ অনুঘটক বুলি কয়। ছুপাৰ চাইকেল কেৱল পৰিবহণতকৈও অধিক বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী নাইডুৱে কয়,"ই এক প্ৰগতিৰ বাহন আৰু চলাবলৈ গৰাকীক কোনো ধনৰ প্ৰয়োজন নহয়।"
 
"ই-চাইকেল চাৰ্জিঙৰ বাবে ছাদৰ ওপৰৰ সৌৰশক্তিৰ ব্যৱহাৰ কৰি মহিলা আৰু ছাত্ৰ-ছাত্ৰীসকলে আমাৰ পৰিৱেশ সুৰক্ষিত কৰাৰ লগতে ইন্ধনৰ ব্য়য়ত প্ৰতিমাহে ১৫০০ টকা পৰ্যন্ত ৰাহি কৰিব পাৰিব।" এইদৰে কয় টিডিপিৰ মূৰব্বীগৰাকীয়ে। মুখ্যমন্ত্ৰী নাইডুৰ মতে, কুপ্পামত একত্ৰিত কৰা ই-মটৰেডে এই ই-চাইকেল যোগান ধৰিছে। প্ৰতিখন চাইকেলে এবাৰ চাৰ্জ কৰিলে ৬০ কিলোমিটাৰ দূৰত্ব চলাচল কৰিব পৰা সুবিধা আছে।
 
মুখ্য়মন্ত্ৰীয়ে অভিলেখ ভংগ কৰি বিতৰণ কৰা ই-চাইকেল আত্মসহায়ক গোটৰ সদস্য, গাঁও সচিবালয়ৰ কৰ্মচাৰী, অংগনৱাড়ী শিক্ষক, আশাকৰ্মী আৰু অন্যান্য শ্ৰমিক মহিলাই লাভ কৰিছে।
 
এয়া হৈছে আই আই টি কাণপুৰৰ সহযোগিতাত ভাৰতৰ প্ৰথমটো নেট-জিৰ’ মডেললৈ ৰূপান্তৰিত কৰিবলৈ কুপ্পম এৰিয়া ডেভেলপমেণ্ট অথৰিটি (কাডা)ৰ সহায়ত প্ৰস্তুত কৰা স্বৰ্ণ কুপ্পম ভিজন ২০২৯ (সোণালী কুপ্পম)ৰ অন্য়তম স্তম্ভ। এই বুলি উল্লেখ কৰা হৈছে এই বিবৃতিটোত।
 
ই-মবিলিটিলৈ কৰা এই পৰিৱৰ্তনে কাৰ্বন হ্ৰাস কৰে। প্ৰতিটো ই-চক্ৰই গ্ৰীণ হাউছ গেছৰ তীব্ৰতা ৭৫ শতাংশ হ্ৰাস কৰে। বিবৃতিটোত পুনৰ উল্লেখ কৰা হৈছে যে এখন ষ্টেণ্ডাৰ্ড পেট্ৰ’ল স্কুটাৰে প্ৰতি কিলোমিটাৰত প্ৰায় ৬৮ গ্ৰাম CO2 নিৰ্গত কৰে যদিও ই-চাইকেলে প্ৰতি কিলোমিটাৰত মাত্ৰ ১৫.২ গ্ৰাম CO2 উৎপন্ন কৰে। ইফালে, দক্ষিণৰ ৰাজ্যখনে এতিয়া সমগ্ৰ ৰাজ্যতে ছুপাৰ চাইকেলৰ ব্যৱহাৰ প্ৰসাৰিত কৰাৰ লক্ষ্য বান্ধি লৈছে।