মানাহৰ স্থানীয় মহিলাৰ বাবে আৰণ্যকৰ চিলাই প্ৰশিক্ষণ কেন্দ্ৰ আৰম্ভ

Story by  atv | Posted by  [email protected] • 1 Months ago
মানাহৰ স্থানীয় মহিলাৰ বাবে আৰণ্যকৰ চিলাই প্ৰশিক্ষণ কেন্দ্ৰ আৰম্ভ
মানাহৰ স্থানীয় মহিলাৰ বাবে আৰণ্যকৰ চিলাই প্ৰশিক্ষণ কেন্দ্ৰ আৰম্ভ
 
গুৱাহাটী
 
জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু বনাঞ্চলৰ চৌপাশৰ স্থানীয় লোকসকলৰ মংগলৰ কাৰণে নিষ্ঠাৰে কাম কৰা অসমস্থিত প্ৰখ্যাত সংস্থা আৰণ্যকে মানাহ ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ কাষৰীয়া গাঁৱত বসবাস কৰা খিলঞ্জীয়া মহিলা আৰু যুৱতী সকলৰ বাবে এখন চিলাই প্ৰশিক্ষণ কেন্দ্ৰ আৰম্ভ কৰিছে।
 
 
এই কেন্দ্ৰখনৰ জৰিয়তে গৱেষণা-চালিত সংস্থাটোৱে প্ৰশিক্ষাৰ্থীসকলক জোখ-মাখ, কাটিং আৰু চিলাইৰ মৌলিক প্ৰশিক্ষণ প্ৰদান কৰিব যাতে তেওঁলোকে দৰ্জী হিচাপে নিজকে দক্ষ কৰি তুলি জীৱিকাৰ বিকল্প পথ বাচি ল’ব পাৰে। ই বনাঞ্চলৰ ওপৰত তেওঁলোকৰ নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ লগতে সংৰক্ষণত অৰিহণা যোগাব।
 
বাক্সাৰ ভূঞাপাৰাস্থিত মানাহ সংৰক্ষণ আৰু প্ৰচাৰ কেন্দ্ৰত যোৱা ১২ মাৰ্চত চিলাই প্ৰশিক্ষণ কেন্দ্ৰখন আনুষ্ঠানিকভাৱে মুকলি কৰা হয় । উদ্বোধনী অনুষ্ঠানত মানাহ ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ দাঁতি কাষৰীয়া ভূঞাপাৰা, বামুনখাল আৰু কুমগুৰি গাঁৱৰ ২৩ গৰাকী প্ৰশিক্ষাৰ্থীৰ লগতে মাষ্টাৰ প্ৰশিক্ষক পখিলা দাস উপস্থিত থাকে।
 
প্ৰশিক্ষণ আনুষ্ঠানিক ভাৱে আৰম্ভ কৰা মুহূৰ্তত
 
পখিলা দাসে বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী আৰম্ভ কৰে । তাৰ পাছত প্ৰশিক্ষাৰ্থীসকলক চিলাই প্ৰশিক্ষণ কেন্দ্ৰখন স্থাপন কৰাৰ উদ্দেশ্যৰ চমু আভাস দিয়া হয়। ইয়াৰ পাছত অংশগ্ৰহণকাৰীসকলক প্ৰশিক্ষণ বিদ্যালয়ত শিকিব বিচৰা চিলাইৰ দিশসমূহৰ বিষয়ে আলোচনা কৰিবলৈ আমন্ত্ৰণ জনোৱা হয়। কাৰ্যসূচীৰ অন্তত প্ৰশিক্ষাৰ্থীসকলক ৪টা গোটত বিভক্ত কৰা হয় আৰু তেওঁলোকে সপ্তাহত তিনিদিন শ্ৰেণীত অংশগ্ৰহণ কৰিব।
 
আৰণ্যকে এটা প্ৰেছ বিবৃতিত কয়, “বনাঞ্চলৰ কাষৰীয়া মহিলাসকক প্ৰদান কৰা চিলাই প্ৰশিক্ষণে তেওঁলোকক অৰ্থনৈতিকভাৱে শক্তিশালী কৰে আৰু বন সংৰক্ষণৰ ক্ষেত্ৰত তেওঁলোকৰ দায়িত্ববোধ গঢ়ি তোলে। দক্ষতা বৃদ্ধি কৰা এই মহিলাসকল বহনক্ষম জৈৱ বৈচিত্ৰ্য সংৰক্ষণ প্ৰক্ৰিয়ালৈ অৰিহণা যোগোৱা প্ৰধান অংশীদাৰ হৈ পৰে। এই সামগ্ৰিক দৃষ্টিভংগীয়ে লিংগ অসমতা দূৰ কৰাই নহয়, অধিক ফলপ্ৰসু আৰু স্থায়ী বন সংৰক্ষণ প্ৰচেষ্টাত স্থানীয় লোকক জড়িত কৰাটো নিশ্চিত কৰে”।
 
বাকছা জিলাৰ মানাহ ভূখণ্ডত ৰুপায়ন কৰি থকা আৰু আই ইউ চি এন-কে এফ ডব্লিউ সমৰ্থিত “ভাৰত, অসমত বাঘৰ সংখ্যা, বাসস্থান আৰু জৈৱিক কৰিডৰ সুৰক্ষিত কৰা” শীৰ্ষক প্ৰকল্পৰ অংশ হিচাপে এই চিলাই প্ৰশিক্ষণ বিদ্যালয়খন আৰম্ভ কৰা হৈছে।
 
ড০ পাৰ্থ সাৰথি ঘোষ,  বিনীতা বাৰুৱাতী, স্বপন কুমাৰ দাস, পংকজ দাস, ষ্টিফেন বসুমতাৰী, বৰ্ণালী চক্ৰৱৰ্তী, আৰু ধনঞ্জয় মুছাহাৰীয়ে আৰণ্যকৰ দলটোক প্ৰতিনিধিত্ব কৰিছিল।