গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি আশুতোষ কুমাৰক

Story by  atv | Posted by  Munni Begum • 1 d ago
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অশুতোষ কুমাৰ
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অশুতোষ কুমাৰ
 
নতুন দিল্লী
 
গুৱাহাটী উচ্চ ন্যায়ালয়কে ধৰি দেশৰ পাঁচ উচ্চ ন্যায়ালয়ত নতুন মুখ্য ন্যায়াধীশ নিযুক্তি দি কেন্দ্রই অধিসূচনা জাৰি কৰিছে। পাটনা উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিছে। লগতে আন চাৰি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক ৰদ-বদল কৰা হৈছে।  
 
পাটনা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বিপুল মনুভাই পাঞ্চালীক উচ্চ ন্যায়ালয়খনৰ মুখ্য ন্যায়াধীশ হিচাপে পদোন্নতি দিয়া হৈছে। হিমাচল প্রদেশ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ তার্লোক সিং চৌহানক ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে পদোন্নতি দিয়া হৈছে। মধ্যপ্রদেশ উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ সঞ্জীৱ সহদেৱক উচ্চ ন্যায়ালয়খনৰ স্থায়ী মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে। ন্যায়াধীশ বিভূ বাখৰুক কর্ণাটক উচ্চ ন্যায়ালয়ত মুখ্য ন্যায়াধীশৰূপে নিযুক্তি দিয়া হৈছে। 
 
একেদৰে আন চাৰি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক ৰদ-বদল কৰা হৈছে। ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ মনিন্দ্র মোহন শ্রীবাস্তৱক মাদ্রাজ উচ্চ ন্যায়ালয়লৈ বদলি কৰা হৈছে। ন্যায়াধীশ অপাৰেশ কুমাৰ সিঙক ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ পৰা তেলেংগানা উচ্চ ন্যায়ালয়লৈ বদলি কৰাৰ বিপৰীতে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এম এছ ৰামচন্দ্ৰ ৰাওক ত্ৰিপুৰা উচ্চ ন্যায়ালয়লৈ বদলি কৰা হৈছে।
 
একেদৰে মাদ্রাজ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কে আৰ শ্ৰীৰামক ৰাজস্থান উচ্চ ন্যায়ালয়লৈ বদলি কৰা হৈছে। মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ অধ্যক্ষতাৰ উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামৰ অনুমোদনমর্মে কেন্দ্রই ন্যায়িক নিযুক্তি আৰু বদলি কৰে।


শেহতীয়া খবৰ