শ্যামকানু মহন্ত আৰু তেওঁৰ সকলো সংগঠনক অসমত নিষিদ্ধ ঘোষণা মুখ্যমন্ত্ৰীৰ

Story by  atv | Posted by  [email protected] • 14 h ago
শ্যামকানু মহন্ত আৰু তেওঁৰ সকলো সংগঠনক অসমত নিষিদ্ধ ঘোষণা মুখ্যমন্ত্ৰীৰ
শ্যামকানু মহন্ত আৰু তেওঁৰ সকলো সংগঠনক অসমত নিষিদ্ধ ঘোষণা মুখ্যমন্ত্ৰীৰ

গুৱাহাটী

অসম আৰু অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যৰ সৈতে নাম সাঁঙোৰ খাই পৰা শ্যামকানু মহন্ত আৰু তেওঁৰ সকলো সংগঠনক অসমত নিষিদ্ধ কৰা হৈছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি এই কথা ঘোষণা কৰি কয় যে ভৱিষ্যতলৈ শ্যামকানু মহন্ত আৰু তেওঁৰ সংগঠনে অসমত কোনো অনুষ্ঠান আয়োজন কৰিব নোৱাৰিব।
 
ছিংগাপুৰত যোৱা শুকুৰবাৰে জুবিন গাৰ্গৰ কৰুণ মৃত্যুৰ সৈতে জড়িত ঘটনা সন্দৰ্ভত ৰাজ্য চৰকাৰে এতিয়ালৈকে লোৱা এয়া আটাইতকৈ শক্তিশালী পদক্ষেপ হিচাপে চিহ্নিত হৈছে।
 
"ৰাজ্য চৰকাৰে অসমৰ ভিতৰত শ্যামকানু মহন্ত আৰু তেওঁৰ সৈতে জড়িত কোনো সংগঠনে কোনো ধৰণৰ অনুষ্ঠান বা উৎসৱ অনুষ্ঠিত কৰাত বাধা আৰোপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তদুপৰি, ৰাজ্য চৰকাৰে তেওঁৰ সৈতে জড়িত কোনো অনুষ্ঠানক প্ৰত্যক্ষ বা পৰোক্ষভাৱে কোনো ধৰণৰ আৰ্থিক অনুদান, বিজ্ঞাপন, বা পৃষ্ঠপোষকতা প্ৰদান নকৰে।"- ২৪ ছেপ্টেম্বৰত এইদৰে টুইট কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
তেওঁ লগতে কয় যে ৰাজ্য চৰকাৰে শ্যামকানু মহন্তক কোনো ধৰণৰ আৰ্থিক সাহায্য বা পৃষ্ঠপোষকতা প্ৰদান নকৰিবলৈ ভাৰত চৰকাৰকো অনুৰোধ কৰিব। উল্লেখ্য যে, ছিংগাপুৰত সাগৰত সাতুৰিবলৈ যোৱাৰ সময়ত জনপ্ৰিয় সংগীত শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পিছত নৰ্থ-ইষ্ট ফেষ্টিভেলৰ মুখ্য আয়োজক শ্যামকানু মহন্ত আৰু জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে একাধিক এফআইআৰ দাখিল কৰাৰ সময়তে মুখ্যমন্ত্ৰীয়ে আজি এই নিষেধাজ্ঞা আৰোপ কৰিছে। জুবিনৰ আকস্মিক মৃত্যুৰ পিছত ছিংগাপুৰ ভ্ৰমণৰ পৰিস্থিতিৰ ওপৰত তীব্ৰ তদন্ত আৰু সুৰক্ষা প্ৰট’কলৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে।
 
মহন্তই পূৰ্বে দাবী কৰিছিল যে জুবিন গাৰ্গে স্থানীয় প্ৰৱাসী অসমীয়া সমূদায়ৰ সৈতে ইয়ট ভ্ৰমণলৈ গৈছিল আৰু নৰ্থ-ইষ্ট ফেষ্টিভেলৰ আয়োজকসকলে এই ভ্ৰমণৰ বিষয়ে কোনো পূৰ্ব জ্ঞান নাছিল। তেওঁৰ এই ব্যাখ্যাই জনসাধাৰণক সন্তুষ্ট কৰাত ব্যৰ্থ হয় আৰু ছ’চিয়েল মিডিয়াত তেওঁৰ বিৰুদ্ধে তীব্ৰ ক্ষোভৰ উদগীৰণ ঘটে। জুবিন গাৰ্গৰ দূৰ্ভাগ্যজনক মৃত্যুৰ বাবে সকলোৱে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক নৈতিকভাৱে দায়ী কৰিছে।