জুবিন গাৰ্গৰ মৃত্যুত আজিৰে পৰা তিনিদিনীয়া ৰাজ্যিক শোক ঘোষণা

Story by  atv | Posted by  [email protected] • 2 h ago
মৰমৰ শিল্পী জুবিনৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছে এগৰাকী অনুৰাগীয়ে
মৰমৰ শিল্পী জুবিনৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছে এগৰাকী অনুৰাগীয়ে
 
গুৱাহাটী

অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যুক লৈ অসম চৰকাৰে তিনিদিনীয়া ৰাজ্যিক শোক ঘোষণা কৰিছে। শনিবাৰে (২০ ছেপ্টেম্বৰ, ২০২৫) ৰাজ্য চৰকাৰৰ মুখ্য সচিব ৰবি কোটাই এক্সৰ এটা পোষ্টত এই ঘোষণা কৰে। গায়ক, চলচ্চিত্ৰ নিৰ্মাতা আৰু প্ৰখ্যাত সাংস্কৃতিক ব্যক্তিত্ব জুবিন গাৰ্গৰ মৃত্যুত অসম চৰকাৰে গভীৰ শোক প্ৰকাশ কৰি এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
 
তেওঁ কয় যে ২০ৰ পৰা ২২ ছেপ্টেম্বৰলৈকে ৰাজ্যিক শোক ঘোষণা কৰা হৈছে। এই সময়ছোৱাত কোনো ধৰণৰ চৰকাৰী মনোৰঞ্জন, নৈশভোজ বা চৰকাৰী অনুষ্ঠান অনুষ্ঠিত নহ’ব। অৱশ্যে স্বাস্থ্য শিবিৰ, টিবি ৰোগীৰ বাবে নিক্ষয় মিত্ৰৰ সমৰ্থন, বৃক্ষ ৰোপন অভিযান আদি সেৱামুখী কাৰ্যসূচীসমূহ অব্যাহত থাকিব।
উল্লেখ্য যে, শুকুৰবাৰে দুপৰীয়া ছিংগাপুৰত এক অনাকাংক্ষিত দূৰ্ঘটনাৰ সন্মুখীন হৈ জুবিন গাৰ্গৰ অকাল মৃত্যু ঘটাৰ পিছৰে পৰা শোক সাগৰত ডুবিছে সমগ্ৰ অসম। সূদূৰ ছিংগাপুৰৰ পৰা অহা সেই দুসংবাদটোৱে স্তব্ধ কৰি তুলিছে অসমৰ জন-জীৱন।