মণিপুৰৰ বিষ্ণুপুৰত বন্দুকধাৰীৰ আক্ৰমণত নিহত আছাম ৰাইফলছৰ দুজন জোৱান

Story by  atv | Posted by  Munni Begum • 1 Months ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
ইম্ফল
 
যোৱা ১৯ ছেপ্টেম্বৰত মণিপুৰৰ বিষ্ণুপুৰ জিলাত অচিনাক্ত বন্দুকধাৰীয়ে কনভয়ত এম্বুছ কৰি আছাম ৰাইফলছৰ দুজন জোৱানক  হোৱাৰ লগতে কেইবাজনো আহত হয়। 
 
বিয়লি প্ৰায় ৫:৫০ বজাত নামবোল আৰক্ষী থানাৰ সীমাৰ অন্তৰ্গত নামবোল সবাল লেইকাইত সংঘটিত হয় এই আক্ৰমণ। ইম্ফলৰ পৰা বিষ্ণুপুৰ অভিমুখে আছাম ৰাইফলছৰ জোৱান কঢ়িয়াই অনা ৪০৭ টাটা বাহনত বন্দুকধাৰীয়ে গুলীচালনা কৰা বুলি জানিব পৰা গৈছে। দুজন জোৱানৰ থিতাতে মৃত্যু হয়, আনহাতে আন একাধিক লোক বন্দুকৰ গুলীত আহত হয়।
 
আহতসকলক ক্ষীপ্ৰতাৰে উলিয়াই অনা হয়, কমেও পাঁচজন কৰ্মীক চিকিৎসাৰ বাবে ইম্ফলৰ আঞ্চলিক চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানলৈ স্থানান্তৰ কৰা হয়। এই এম্বুছৰ পিছতে নিৰাপত্তা বাহিনীয়ে অঞ্চলটোৰ ভিতৰত আৰু ইয়াৰ আশে-পাশে কটকটীয়া সতৰ্কতা অৱলম্বন কৰিছে। কৰ্তৃপক্ষই এতিয়াও আক্ৰমণকাৰীক চিনাক্ত কৰিব পৰা নাই, আৰু তালাচী অভিযান চলি আছে।
 
ইফালে মণিপুৰৰ ৰাজ্যপালগৰাকীয়ে এই আক্ৰমণক তীব্ৰ গৰিহণা দিছে। শ্বহীদ জোৱানসকলৰ শোকসন্তপ্ত পৰিয়াললৈ গভীৰ শোক প্ৰকাশ কৰাৰ লগতে জাতি ৰক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ অদম্য সাহস আৰু নিষ্ঠাক স্বীকাৰ কৰি আন্তৰিক সমবেদনা জ্ঞাপন কৰে। তেওঁ আৰু এই ঘটনাত আঘাতপ্ৰাপ্ত লোকসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনায়।
 
ৰাজ্যপালগৰাকীয়ে এনে জঘন্য হিংসাত্মক কাৰ্যক কোনো কাৰণতে সহ্য কৰা নহ’ব বুলি পুনৰ দৃঢ়তাৰে কয় আৰু অঞ্চলটোৰ শান্তি আৰু স্থিতিশীলতা ৰক্ষাৰ বাবে আটাইতকৈ শক্তিশালী সংকল্পৰে তেওঁলোকক সাক্ষাৎ কৰা হ’ব বুলি সকীয়াই দিয়ে।
 
মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন বীৰেন সিঙেও এই ঘটনাক লৈ শোক প্ৰকাশ কৰে। এক্সত সিঙে লিখিছে- "নিহতসকলৰ পৰিয়াললৈ মোৰ গভীৰ সমবেদনা আৰু আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিলো। তেওঁলোকৰ সাহস আৰু ত্যাগ আমাৰ অন্তৰত চিৰদিন থাকিব। এই জঘন্য অপৰাধৰ দোষীসকলে কঠোৰতম শাস্তিৰ সন্মুখীন হ’ব লাগিব।"