গণৰাজ্য দিৱসৰ প্রতীকপটৰ প্ৰায় চূড়ান্ত তালিকাত এইবাৰ অসমৰ নাম নাই

Story by  atv | Posted by  Munni Begum • 3 Years ago
২০২১ বৰ্ষৰ গণৰাজ্য দিৱসত দিল্লীৰ ৰাজপথত  অসমৰ প্রতীকপট
২০২১ বৰ্ষৰ গণৰাজ্য দিৱসত দিল্লীৰ ৰাজপথত অসমৰ প্রতীকপট
গুৱাহাটী 
 
দেশৰ ৭৫ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে দিল্লীৰ ৰাজপথত অনুষ্ঠিত হ'ব লগীয়া পেৰেডত  দেখিবলৈ পোৱা নাযাব অসমৰ প্রতীকপট। কিয়নো ২৬ জানুৱাৰীত দিল্লীৰ ৰাজপথত প্ৰদৰ্শন কৰিব লগীয়া প্রতীকপটৰ প্ৰায় চূড়ান্ত হোৱা তালিকাত অসমৰ নাম উল্লেখ নাই। 
 
'আজাদী কা অমৃত মহোৎসৱ' এই  বিষয়বস্তুৰ আধাৰত এইবাৰ গণৰাজ্য দিৱসত বিভিন্ন ৰাজ্যই নিজৰ প্রতীকপট প্রদর্শন কৰিব, যদিও প্রতীকপট প্রদর্শন কৰিবলগা ৰাজ্যসমূহৰ ভিতৰত এতিয়ালৈকে অসমৰ নাম অন্তর্ভূক্ত হোৱা নাই।
প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনস্থ গণৰাজ্য দিৱসৰ প্রতীকপট প্রদর্শনৰ বিষয়টো সম্পর্কত মন্ত্রালয়ৰ কৰ্তৃত্বপ্রাপ্ত বিষয়াই জানিবলৈ দিয়া অনুসৰি, উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য অৰুণাচল প্রদেশ আৰু মেঘালয়ৰ প্রতীকপট এইবাৰ গণৰাজ্য দিৱসত প্রদর্শিত হব। ইয়াৰ বাহিৰে উত্তৰ-পূৰ্বাঞ্চলৰ আন কোনো ৰাজাৰ প্রতীকপট অহা ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱসৰ দিনা প্ৰদৰ্শন কৰাৰ বাবে তালিকাভুক্ত হোৱা নাই।
প্রতিৰক্ষা মন্ত্ৰালয়ৰ প্রতীকপট সম্পর্কীয় কমিটীৰ এক পুনৰীক্ষণ বৈঠক অহা দুই-এদিনৰ ভিতৰত অনুষ্ঠিত হ'ব আৰু এই বৈঠকত প্রতীকপটৰ সূচী চূড়ান্ত হ'ব বুলি জানিবলৈ দি বিষয়াগৰাকীয়ে কয় যে এই বৈঠকত এতিয়ালৈকে চুড়ান্ত হোৱা ৰাজ্যসমূহৰ বাহিৰে কোনো নতুন ৰাজ্যৰ প্রতীকপটে অনুমোদন লাভ কৰাৰ সম্ভাৱনা তেনেই ক্ষীণ।  
 
বিষয়াগৰাকীয়ে লগতে কয়, "ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্রতীকপটৰ ক্ষেত্ৰত ইতিমধ্যে নির্দিষ্ট কৰি দিয়া নির্দেশাৱলীৰ লগতে মন্ত্ৰালয়ৰ ফালৰ পৰা প্ৰদৰ্শন কৰিব লগা প্রতীকপটত হ'ব পৰা সৰু-সুৰা পৰিৱৰ্তন সন্দৰ্ভত পুনৰীক্ষণ বৈঠকত আলোচনা হোৱাৰ সম্ভাৱনা আছে।" 
 
উক্ত বৈঠকতে ৭৫ সংখ্যক গণৰাজ্য দিৱসত প্রদর্শিত হ'ব লগা প্রতীকপটৰ তালিকা চূড়ান্ত হ'ব বুলি তেওঁ কয়। 
 
বিষয়াগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, মেঘালয়ে প্রদর্শন কৰিব লগীয়া প্রতীকপটৰ বিষয়বস্তু "মহিলা সবলীকৰণ' হোৱাৰ বিপৰীতে অৰুণাচল  প্রদেশে 'এংলো-আবৰ যুঁজ' (anglo-abor war) এই বিষয়বস্তুৰ আধাৰত নিজস্ব প্রতীকপট প্রদর্শন কৰিব। 
প্রতীকপটৰ মূল বিষয়বস্তু আজাদী কা অমৃত মহোৎসৱ বুলি উল্লেখ কৰি বিষয়াগৰাকীয়ে কয় যে এই বিষয়বস্তুক আগত ৰাখিয়েই সকলো ৰাজ্য তথা বিভিন্ন বিভাগৰ প্রতীকপটসমূহ এইবাৰ প্রদর্শিত হ'ব। এনে পৰিস্থিতিত অহা ২৬ জানুৱাৰীত দেশৰ ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডত দিল্লীৰ ৰাজপথত অসমৰ প্রতীকপট প্রদর্শিত হোৱাৰ সম্ভাৱনা প্রায় নোহোৱা হৈছে। এইবাৰ অসমে কনকলতা বৰুৱাকে ধৰি স্বাধীনতা আন্দোলনত অসমৰ ভূমিকাক উপস্থাপন কৰাৰ বাবে নিজৰ প্রতীকপটৰ আৰ্হি দাখিল কৰিছিল। 
প্রতিৰক্ষা মন্ত্ৰালয়ে সংশ্লিষ্ট কমিটীয়ে উক্ত প্রতীকপটত কিছু সংশোধনৰ কাৰণে পৰামৰ্শও আগবঢ়াইছিল। কিন্তু প্রতীকপটৰ ক্ষেত্ৰত নির্দিষ্ট কৰা প্রতিৰক্ষা মন্ত্ৰালয়ৰ মাপকাঠী পূৰণ কৰিব নোৱাৰা বাবে এতিয়ালৈকে ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডৰ কাৰণে অসমৰ প্রতীকপটে অনুমোদন লাভ কৰা নাই। 
 
অৱশ্যে প্রতিৰক্ষা মন্ত্ৰালয়ৰ প্রতীকপট সম্পর্কীয় সংশ্লিষ্ট কমিটীয়ে শেষ মুহূৰ্তত অসমৰ প্রতীকপটত অনুমোদন জনোৱাৰ এক ক্ষীণ সম্ভাৱনা এতিয়াও সজীৱ হৈ আছে। 
 
এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰাকাশ কৰি কয় যে, প্ৰত্যেক বছৰত গনৰাজ্য দিৱসৰ পেৰেডত ১৬ খন ৰাজ্যৰ প্ৰতিকপট অন্তৰ্ভুক্ত কৰা হয়। ইয়াৰ আগতে অসমৰ প্ৰতিকপট কেইবাবাৰো পেৰেডত লোৱা হৈছে। গতিকে এইবাৰ নলোৱাটো কোনো অস্বাভাৱিক নহয়।  


শেহতীয়া খবৰ