টেছলাই ভাৰত মুকলি কৰিলে নতুন শ্ব’ৰুম

Story by  atv | Posted by  Munni Begum • 1 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
মুম্বাই
 
আজি মুম্বাইত টেছলাই কোম্পানীটোৰ প্ৰথমটো শ্ব’ৰুম মুকলি কৰি আনুষ্ঠানিকভাৱে ভাৰতীয় বজাৰত প্ৰৱেশ কৰিছে। লগতে টেছলাই নিজৰ মডেল ৱাই ইলেক্ট্ৰিক বাহন মুকলি কৰিছে। যাৰ মূল্য ₹৬০ লাখ (প্ৰায় ৭০,০০০ ডলাৰ)ৰ পৰা আৰম্ভ হৈছে। 
 
বান্দ্ৰা কুৰ্লা কমপ্লেক্স (বিকেচি)ৰ উচ্চমানৰ মেকাৰ মেক্সিটি মলত অৱস্থিত এই নতুন শ্ব’ৰুমে বিশ্বৰ তৃতীয় বৃহত্তম অটোম’বাইল বজাৰত টেছলাৰ বহু প্ৰত্যাশিত আত্মপ্ৰকাশৰ সূচনা কৰিছে।  
 
উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নভিছে কয় যে, "মহাৰাষ্ট্ৰই টেছলাই ভাৰতত গৱেষণা আৰু উন্নয়ন আৰু উৎপাদনৰ সুবিধা স্থাপন কৰাটো বিচাৰে আৰু বিশ্বব্যাপী ইভি মেজৰগৰাকীক ৰাজ্যখনক নিজৰ যাত্ৰাত অংশীদাৰ হিচাপে বিবেচনা কৰিবলৈ আমন্ত্ৰণ জনায়। ভাৰতত গৱেষণা আৰু উন্নয়ন আৰু উৎপাদনৰ কাম হোৱাটো আমি কামনা কৰোঁ। মই নিশ্চিত যে, টেছলাই উপযুক্ত পৰ্যায়ত এই বিষয়ে চিন্তা কৰিব।"
 
তেওঁ লগতে কয় যে, "মুম্বাই কেৱল ভাৰতৰ বিত্তীয় বাণিজ্যিক আৰু মনোৰঞ্জনৰ ৰাজধানী হিচাপেই নহয়, উদ্যোগীকৰণৰো এক কেন্দ্ৰ। মুম্বাইয়ে উদ্ভাৱন আৰু বহনক্ষমতাৰ বাবে সদায় থিয় দিছে। টেছলা এটা অটোমোটিভ কোম্পানীতকৈও অধিক। টেছলা কেৱল গাড়ী কোম্পানী নহয় ইয়াৰ সকলোবোৰ ডিজাইনৰ ওপৰত উদ্ভাৱন আৰু বহনক্ষমতা নিৰ্ভৰশীল। সেইবাবেই ইয়াক বিশ্বজুৰি প্ৰিয়।" 
 
টেছলাই প্ৰথমে ভাৰতত মডেল ৱাইৰ দুটা সংস্কৰণ আগবঢ়াইছে: ৰিয়াৰ হুইল ড্ৰাইভ মডেলৰ মূল্য  ₹৬০.১ লাখ (৭০,০০০ ডলাৰ) আৰু লং ৰেঞ্জ ভেৰিয়েণ্টৰ মূল্য  ₹৬৭.৮ লাখ (৭৯,০০০ ডলাৰ)। এই দাম আন বজাৰতকৈ যথেষ্ট বেছি একেখন বাহন আমেৰিকাত ₹৩৮.৬ লাখ (৪৪,৯৯০ ডলাৰ)ৰ পৰা আৰম্ভ হয়। চীনত ₹৩০.৫ লাখ (৩৬,৭০০ ডলাৰ) (২৬৩,৫০০ ইউয়ান) আৰু জাৰ্মানীত ₹৪৬ লাখ (৫৩,৭০০ ডলাৰ) আৰু (৪৫,৯৭০ ইউৰো), যি ভাৰতৰ তীব্ৰ আমদানি শুল্কৰ বাবেই এই বৈষম্য। 
 
টেছলাই বিএমডব্লিউ আৰু মাৰ্চিডিজ-বেঞ্জৰ দৰে জাৰ্মান অটো নিৰ্মাতাসকলৰ আধিপত্য থকা প্ৰিমিয়াম ইভি ছেগমেণ্টত যোগদান কৰা ভাৰতৰ ধনী নগৰীয়া গ্ৰাহকক লক্ষ্য কৰি লোৱাৰ সম্ভাৱনা আছে। বৰ্তমান ভাৰতে বিদেশী অটো নিৰ্মাতাসকলক লক্ষ্য কৰি কৰ ৰেহাই আৰু প্ৰৰোচনাৰ জৰিয়তে আজিৰ মাত্ৰ ৪%ৰ পৰা বৃদ্ধি কৰি ২০৩০ চনৰ ভিতৰত মুঠ গাড়ী বিক্ৰীৰ ৩০% লৈ ইভি বৃদ্ধি কৰাৰ লক্ষ্য ৰাখিছে। 


শেহতীয়া খবৰ