মৰিগাঁৱৰ জৱাহৰ নৱোদয় বিদ্যালয়ত ৰেগিং কাণ্ডৰ পিছত শিক্ষকক নিলম্বন, ৯ ছাত্ৰক বদলি

Story by  atv | Posted by  Munni Begum • 3 h ago
জৱাহৰ নৱোদয় বিদ্যালয়, মৰিগাঁও
জৱাহৰ নৱোদয় বিদ্যালয়, মৰিগাঁও
 
মৰিগাঁও
 
মৰিগাঁও জিলাৰ জৱাহৰ নৱোদয় বিদ্যালয়ত সংঘটিত ৰেগিং কাণ্ডৰ পিছত এগৰাকী শিক্ষকক নিলম্বন কৰাৰ লগতে ৯ গৰাকী শিক্ষাৰ্থীক বিভিন্ন বিদ্যালয়লৈ বদলি কৰা হয়।
 
অতিৰিক্ত জিলা আয়ুক্ত (শিক্ষা) অনুসূয়া শৰ্মাই প্ৰকাশ কৰা মতে, জিলা প্ৰশাসনে জে এন ভি কৰ্তৃপক্ষৰ সৈতে মিলি দোষীসকলৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰে। বিদ্যালয়ৰ হাউছ মাষ্টৰ বিশ্বজিৎ চৌধুৰীক কৰ্তব্যত অৱহেলা কৰাৰ বাবে নিলম্বন কৰাৰ বিপৰীতে বিদ্যালয়ৰ উপাধ্যক্ষ ধ্ৰুৱজ্যোতি শৰ্মাক নাগালেণ্ডৰ জেএনভি মকোকচুংলৈ বদলি কৰা হয়। আনহাতে, যোৱা ৫ নৱেম্বৰত এজন কনিষ্ঠ ছাত্ৰক আক্ৰমণ কৰা ৯ জন জ্যেষ্ঠ ছাত্ৰক অসমৰ বিভিন্ন জেএনভিলৈ স্থানান্তৰ কৰা হৈছে। জিলা প্ৰশাসন, আৰক্ষী, জেএনভি কৰ্তৃপক্ষৰ বিষয়াৰে গঠিত এখন সমিতিৰ তদন্তৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।
 
জ্যেষ্ঠ শিক্ষাৰ্থীসকলৰ পিতৃ-মাতৃক তেওঁলোকৰ সন্তানে যাতে পুনৰ এনেধৰণৰ অপৰাধত লিপ্ত নহয়, তাৰ বাবে লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
 
শিক্ষানুষ্ঠানত ৰেগিঙৰ প্ৰতি প্ৰশাসনে শূন্য সহনশীল নীতি বজাই ৰখা বুলি উল্লেখ কৰি শৰ্মাই কয়, ‘সকলো শিক্ষককে হাউছ মাষ্টাৰ হিচাপে দায়িত্বশীলভাৱে কৰ্তব্য পালন কৰিবলৈ সকীয়াই দিয়া হৈছে, যাতে এনেধৰণৰ ঘটনাৰ পুনৰাবৃত্তি নহয়।’