নগাঁৱত বাল্য বিবাহৰ বাবে মহিলা ৱাৰ্ড সদস্যক অযোগ্য ঘোষণা

Story by  atv | Posted by  Munni Begum • 1 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
নগাঁও

নগাঁও জিলাৰ এগৰাকী মহিলা ৱাৰ্ড সদস্যক ১৪ বছৰ পূৰ্বে বাল্য বিবাহ কৰোৱাৰ অভিযোগত অযোগ্য ঘোষণা কৰি পদৰ পৰা অপসাৰণ কৰা হৈছে। বুধবাৰে জাৰি কৰা এক চৰকাৰী নিৰ্দেশনাত এই কথা উল্লেখ কৰা হৈছে।
 
নগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াই এক অনুসন্ধান চলাই মাহগুৰি গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্য ফৰিদা ইয়েছমিনে ১৫ বছৰ বয়সতে বিবাহপাশত আবদ্ধ হোৱাৰ তথ্য পোহৰলৈ অনা বুলি নগাঁও জিলা আয়ুক্তই নিৰ্দেশনাটোত উল্লেখ কৰিছে।
 
১৯৯৫ চনৰ ৩০ অক্টোবৰত মহিলাগৰাকীৰ জন্ম হৈছিল আৰু ২০১১ চনৰ ১০ ছেপ্টেম্বৰত ইছলামিক ৰীতি-নীতি অনুসৰি বিবাহপাশত আৱদ্ধ হৈছিল।
 
মহিলাগৰাকীৰ সৈতে জড়িত এটা ঘৰুৱা হিংসাৰ গোচৰত আদালতৰ এক নিৰ্দেশত কোৱা হৈছে যে তেওঁ নাবালিকা অৱস্থাত বিবাহপাশত আৱদ্ধ হৈছিল। ন্যায়ালয়ে কয় যে তেওঁ অসম পঞ্চায়ত আইন, ১৯৯৪ আৰু অসম পঞ্চায়ত (সংবিধান) নিয়ম, ১৯৯৫ উলংঘা কৰিছে।
 
নগাঁৱৰ আয়ুক্তই নিৰ্দেশটোত কয়, "জুৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত মাহগুৰি গাঁও পঞ্চায়তৰ ১ নং ৱাৰ্ডৰ নিৰ্বাচিত সদস্য ফৰিদা ইয়েছমিনক ইয়াৰ দ্বাৰা অযোগ্য ঘোষণা কৰি তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ ৱাৰ্ড সদস্য পদৰ পৰা অপসাৰণ কৰা হৈছে।"
 
চলিত বৰ্ষৰ স্বাধীনতা দিৱসৰ ভাষণত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে ২০২৬ চনৰ ভিতৰত তেওঁৰ চৰকাৰ ৰাজ্যখনৰ পৰা বাল্য বিবাহ সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ দিশত আগবাঢ়িছে।
 
তেওঁ কৈছিল যে ২০২১ চনৰ পৰা বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলোৱাৰ বাবে ৬৫০০ৰো অধিক গোচৰ পঞ্জীয়ন কৰা হৈছে আৰু ৯৫ শতাংশ গোচৰৰ চাৰ্জশ্বীট দাখিল কৰা হৈছে।