স্বদেশত উপস্থিত মহাকাশচাৰী শুভাংশু শুক্লা

Story by  atv | Posted by  Munni Begum • 12 h ago
মহাকাশচাৰী শুভাংশু শুক্লাক ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উষ্ম আদৰণি জনোৱাৰ এক মূহুৰ্ত
মহাকাশচাৰী শুভাংশু শুক্লাক ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উষ্ম আদৰণি জনোৱাৰ এক মূহুৰ্ত
 
নতুন দিল্লী
 
মহাকাশৰ পৰা উভতি অহাৰ পিছত প্ৰথমবাৰলৈ স্বদেশত উপস্থিত হ'ল মহাকাশচাৰী শুভাংশু শুক্লা। আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ ঐতিহাসিক ভ্ৰমণৰ অন্তত দেওবাৰে পুৱা ভাৰতলৈ উভতি আহে শুক্লা। সেই সময়ত ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত মহাকাশচাৰীগৰাকীক উষ্ম আদৰণি জনোৱা হয়।
 
বিগত এবছৰ ধৰি এক্সিয়াম-৪ অভিযানৰ বাবে আমেৰিকাত প্ৰশিক্ষণত থকা ভাৰতীয় মহাকাশচাৰীগৰাকীক বিমানবন্দৰত আদৰণি জনাইছে কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিং, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা, ইছৰোৰ অধ্যক্ষ ভি নাৰায়ণনে। শুক্লাৰ সহযোগী মহাকাশচাৰী প্ৰশান্ত বালাকৃষ্ণণ নায়াৰো স্বদেশলৈ উভতি আহিছে। 
 
শুক্লাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰাৰ পিছত গৃহ চহৰ লক্ষ্ণৌলৈ যাত্ৰা কৰিব। ২২–২৩ আগষ্টত ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপনৰ সময়ত তেওঁ দিল্লীলৈ পুনৰ অহাৰ সম্ভাৱনা আছে। 
শুক্লা ভাৰতত উপস্থিত হোৱাৰ পিছতে কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰিছে। মন্ত্ৰীগৰাকীয়ে লিখিছে, "ভাৰতৰ মহাকাশ গৌৰৱে দেশৰ মাটি স্পৰ্শ কৰিছে। ভাৰত মাতৃৰ সুযোগ্য সন্তান গগণযাত্ৰী শুভাংশু শুক্লা আজি পুৱাৰ ভাগত দিল্লীত অৱতৰণ কৰিছে। তেওঁৰ সৈতে ভাৰতৰ প্ৰথম মানৱ অভিযান গগণযানৰ বাবে নিৰ্বাচিত মহাকাশচাৰীসকলৰ ভিতৰত আন এজন গ্ৰুপ কেপ্টেইন প্ৰশান্ত বালাকৃষ্ণণ নায়াৰো উভতি আহিছে, যি আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ অভিযানৰ বাবে ভাৰতৰ নিৰ্দিষ্ট বেকআপ আছিল।" 
 
ইয়াৰ পূৰ্বে শনিবাৰে শুক্লাই ইনষ্টাগ্ৰামত এখন বিমানত বহি থকা এখন ফটো পোষ্ট কৰি কয় যে, আমেৰিকা এৰাৰ সময়ত তেওঁৰ মনত মিশ্ৰিত আৱেগে আছিল আৰু ঘৰলৈ উভতি আহি নিজৰ অভিজ্ঞতা সকলোৰে সৈতে ভাগ-বতৰা কৰিবলৈ আগ্ৰহী আছিল। 
 
শুক্লাই পোষ্টটোত কয়, "ভাৰতলৈ উভতি আহিবলৈ বিমানত বহি থাকোঁতে মই আৱেগিক হৈ আছিলো । এই অভিযানৰ সময়ত যোৱা এবছৰ ধৰি মোৰ বন্ধু-বান্ধৱী আৰু পৰিয়ালক এৰি যোৱাৰ বাবে মই দুখ অনুভৱ কৰিছিলো। মই মোৰ সকলো বন্ধু-বান্ধৱী, পৰিয়াল আৰু দেশৰ সকলোকে প্ৰথমবাৰৰ বাবে অভিযানৰ পিছত লগ পোৱাৰ বাবেও উৎসাহিত হৈ আছো। মই অনুমান কৰিছোঁ যে জীৱনটো এনেকুৱাই।" 
 
তেওঁ লগতে কয়, "অভিযানৰ সময়ত আৰু পিছত সকলোৰে পৰা অবিশ্বাস্য মৰম আৰু সমৰ্থন লাভ কৰি মই ভাৰতলৈ উভতি আহি আপোনালোক সকলোৰে সৈতে মোৰ অভিজ্ঞতাসমূহ ভাগ-বতৰা কৰিবলৈ আগ্ৰহী। বিদায় লোৱাটো কঠিন, কিন্তু আমি জীৱনত আগবাঢ়ি যোৱাটো প্ৰয়োজন। মই বিশ্বাস কৰোঁ যে সেয়া জীৱনৰ ক্ষেত্ৰতো প্ৰযোজ্য।"
 
স্বদেশলৈ উভতি অহাৰ পূৰ্বে শুক্লা আৰু তেওঁৰ সহযোগী মহাকাশচাৰী প্ৰশান্ত নায়াৰে শুকুৰবাৰে হিউষ্টনৰ ভাৰতীয় দূতাবাসত স্বাধীনতা দিৱসৰ উদযাপনত অংশগ্ৰহণ কৰে। শুকুৰবাৰে লালকিল্লাত ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতে নিজাকৈ মহাকাশ কেন্দ্ৰ গঢ়ি তুলিছে বুলি উল্লেখ কৰি গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লা মহাকাশ অভিযানৰ পৰা উভতি অহাৰ কথা উল্লেখ কৰে।
 
২৫ জুনত ফ্ল'ৰিডাৰ পৰা উৰা মাৰি ২৬ জুনত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত উপস্থিত হোৱা শুক্লা এক্সিয়াম-৪ মহাকাশ অভিযানৰ অংশ আছিল। ১৫ জুলাইত তেওঁ পৃথিৱীলৈ উভতি আহিছিল ।