হিতাধিকাৰী আঁচনিৰ বিৰূপ প্ৰভাৱ পৰিব ৰাজ্যসমূহত; উপৰ্যুপৰি ঋণকলৈ সতৰ্কবাণী ৰিজাৰ্ভ বেংকৰ

Story by  atv | Posted by  [email protected] • 28 d ago
ৰিজাৰ্ভ বেংক
ৰিজাৰ্ভ বেংক
 
নতুন দিল্লী
 
যি সময়ত অসমৰ দৰে ৰাজ্যই হেজাৰ হেজাৰ কোটি টকা ঋণ লৈ ঋণগ্রস্ততাত নিমজ্জিত হৈছে, সেই সময়তে ভাৰতীয় ৰিজার্ভ বেংকে ৰাজ্যসমূহক বিত্তীয় শৃংখলা শক্তিশালী কৰি ঋণগ্রস্ততাৰ পৰা মুক্ত হ'বলৈ সকীয়াই দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। ৰিজার্ভবেংকৰ শেহতীয়া নির্দেশনাত স্পষ্টভাবে কোৱা হৈছে- বর্ধিত ঋণ আৰু তথাকথিত জনকল্যাণকামী আঁচনিয়ে ৰাজ্যসমূহক জুৰুলা কৰিছে, উন্নয়নমূলক কার্যত পিঠি দিবলৈ বাধ্য কৰি ছে। ফলত ব্যাহত হ'ব বিকাশ।
 
প্রতিবেদনখনৰ মতে ২০২৬ চনলৈ দেশৰ ডি জি পিৰ ২৯.২ শতাংশলৈ বৃদ্ধি পাইছে ৰাজ্যসমূহৰ মুঠ ঋণৰ পৰিমাণ। বহু ৰাজ্যৰ ঋণৰ পৰিমাণ ৰাজ্যখনৰ মুঠ ঘৰুৱা উৎপাদন (জি এছ ডি পি) তকৈ ৩৫ শতাংশলৈ বৃদ্ধি পাইছে। উল্লেখ্য যে এফ আৰ বি এম বিভিউ কমিটীয়ে সর্বাধিক ২০ শতাংশ ঊর্ধ্বতন সীমা নির্ধাৰণ কৰি দিছিল।
 
২০২৫-২৬ বৰ্ষৰ ৰাজ্যসমূহৰ বাজেটক লৈ ৰিজার্ভ বেংকে প্রকাশ কৰা প্রতিবেদনখনত ৰাজ্যসমূহৰ বিত্তীয় শৃংখলতাক লৈ উদ্বিগ্নতা প্রকাশ কৰি কোৱা হয়- যিসমূহত ৰাজ্যসমূহে মুঠ ঘৰুৱা উৎপাদনৰ দুই শতাংশতকৈ কম ধনহে উন্নয়ন অর্থাৎ মূলধনী শিতানত ব্যয় কৰিছে, তেনে সময়তে সংগৃহীত ৰাজহতকৈ ১৫ শতাংশতকৈ অধিক ধন ব্যয় কৰিবলগীয়া হৈছে ঋণৰ সুত পৰিশোধত। ৰাজ্যসমূহে ৰাজনৈতিক লাভালাভৰ বাবে হিতাধিকাৰী সৃষ্টিত হাত উজান দিয়াৰ কথা আওপকীয়াকৈ উল্লেখ কৰি প্রতিবেদনখনত কোৱা হৈছে- ব্যয়ৰ ক্ষেত্ৰত শংখল শক্তিশালী নকৰিলে বা বিত্তীয় শৃংখলতাৰ ক্ষেত্ৰত কঠোৰ নহ'লে বিকাশ ভয়াৱহভাবে ব্যাহত হ'ব।
 
ৰিজার্ভ বেংকৰ প্রতিবেদনখনত কোৱা হৈছে ২০২৫-২৬ চনৰ ৰাজ্যৰ বাজেটসমূহত ঘোষিত সামাজিক কল্যাণ আঁচনিসমূহ উদ্বেগৰ কাৰণ হৈ পৰিছে। কৃষি ঋণ ৰেহাই, বিনামূলীয়া বিদ্যুৎ, বেহাই হাৰৰ বাছসেৱা, নিবনুৱা ভাত্তা, মহিলাক ধন প্রদান আদি আঁচনি সামাজিকভাবে গুরুত্বপূর্ণ যদিও অন্তগাঁথনি, স্বাস্থ্য আৰু শিক্ষাত ব্যয় বাধাগ্রস্ত কৰি তুলিব।
 
প্রতিবেদনখনত কোৱা হৈছে ২০২৭-২৮ চনৰ পৰা ৮ম দৰমহা আয়োগৰ প্ৰতিবেদন ৰূপায়ণৰ পাচত ৰাজ্যসমূহৰ ওপৰত নতুন বিত্তীয় হেঁচা পৰিব। কিয়নো বহু ৰাজ্যই কেন্দ্ৰৰ সমহাৰাত দৰমহা প্ৰদানৰ সিদ্ধান্ত গ্রহণ কৰি আহিছে। প্রতিবেদনখনৰ মতে মূলধনী শিতানত কেন্দ্ৰৰ ৫০ বছৰীয়া ঋণমুক্ত ঋণৰ ব্যৱস্থায়ো বহু ৰাজ্যক ঋণগ্রস্ত কৰি তুলিছে। জলবায়ু পৰিবৰ্তনক বর্ধিত বিত্তীয় ভাবুকি বুলি উল্লেখ কৰি প্রতিবেদনখনত কোৱা হৈছে- অসম, বিহাৰ আৰু কেৰালাৰ দৰে ৰাজ্যই বাজেট প্রস্তুত কৰোতে পাৰিপার্শ্বিক লক্ষ্যও মনত ৰখা দৰকাৰ।
 
প্রতিবেদনখনত সোঁৱৰাই দিয়া হৈছে- বিশ্বৰ আটাইতকৈ জলবায়ু স্পর্শকাতৰ দেশসমূহৰ অন্যতম ভাৰত। চলিত বিত্তীয় বৰ্ষৰ প্ৰথমভাগত ৰাজ্যসমূহৰ ঋণৰ পৰিমাণ বিগত বৰ্ষৰ তুলনাত ২১.০ শতাংশলৈ বৃদ্ধি পায়। ৰিজার্ভ বেংকৰ মতে এনে বিপুল হাৰত ঋণ গ্রহণে ৰাজ্য আৰু কেন্দ্ৰৰ ঋণৰ বজাৰত সংকুচিত কৰি তুলিছে।
 
বিগত চাৰি বছৰত অসম চৰকাৰে অবাধ হাৰত ঋণ গ্রহণ উদ্বেগৰ কাৰণ হৈ আহিছে। বিজার্ভবেংকৰ তথ্যমতেই ২০২৫ চনৰ ৩১ মাৰ্চপর্যন্ত অসমে গ্রহণ কৰা ঋণৰ পৰিমাণ ১,৭৭,৯৮৩ কোটি টকালৈ বৃদ্ধি পাইছে। ২০১৬ চনৰ ৩১ মার্চলৈ অসম চৰকাৰৰ ঋণৰ পৰিমাণ আছিল ৪১,৯৬৪ কোটি টকা। ২০২১ চনৰ ৩১ মাৰ্চলৈ এই পৰিমাণ বৃদ্ধি পায় ৮২,৭৪১ কোটি টকালৈ। ২০২১ চনৰ মাৰ্চপর্যন্ত প্ৰতিগৰাকী অসমবাসীৰ মূৰৰ ওপৰত থকা ঋণৰ বোজা আছিল ২৪,৭৭৯ টকা। ২০২৫ চনৰ মাৰ্চ মাহলৈ প্ৰতিগৰাকীৰ ঋণৰ বোজা বৃদ্ধি পায় ৪২,৪১৮ টকা পর্যন্ত। ৫ বছৰত ঋণৰ পৰিমাণ বৃদ্ধি ৭১ শতাংশ। কেগৰ প্রতিবেদনমতে পৰৱৰ্তী তিনি বছৰৰ ভিতৰতে অসমে ৪৫,৪৫৮.৪১ কোটি টকা (১৮.৫৬ শতাংশ) টকাৰ ঋণ সুতসহ পৰিশোধ কৰিব লাগিব পৰৱৰ্তী ৩-৫ বছৰৰ ভিতৰত ২৯,৭৬৩.৬৮ কোটি টকা (১৮.৬৯ শতাংশ)।
 
তাৰ পৰৱৰ্তী ৫-৭ বছৰৰ ভিতৰত ৩৪,০৬১.৭৪ কোটি টকা (২১.৩৯ শতাংশ), তাৰ পৰৱৰ্তী ৭-১০ বছৰৰ ভিতৰত ৪৮,৮৪৯.৬০ কোটি টকা অর্থাৎ ৩০.৬৮ কোটি টকা অসম চৰকাৰে পৰিশোধ কৰিব লাগিব। স্পষ্টতঃ অহা দহ বছৰৰ ভিতৰত অসম চৰকাৰে ৯৯.৩২ শতাংশ ঋণ পৰিশোধ কৰিব লাগিব।