দিল্লী
লালকিল্লাৰ বিস্ফোৰণৰ পিছত আজি পুৱা দিল্লীৰ দক্ষিণ-পশ্চিমৰ মহিপালপুৰ অঞ্চলত বিস্ফোৰণৰ দৰে এক প্ৰচণ্ড শব্দই জনসাধাৰণৰ মাজত আতংকৰ সৃষ্টি কৰে।
জানিব পৰা মতে, দিল্লীৰ অগ্নিনিৰ্বাপক বাহিনীয়ে পুৱা ৯.১৯ বজাত এটা ফোন কল লাভ কৰে। ফোন কলটোত মহিপালপুৰৰ ৰেডিছন হোটেলৰ সমীপত "বিস্ফোৰণ সদৃশ" শব্দ শুনিবলৈ পোৱা বুলি খবৰ দিয়া হৈছিল। এই খবৰ লাভ কৰাৰ লগে লগে তিনিখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হয়। অৱশ্যে, পুংখানুপুংখভাৱে পৰীক্ষা কৰাৰ পিছত তাত বিস্ফোৰণৰ কোনো ঘটনা সংঘটিত হোৱা নাই বুলি অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়াসকলে নিশ্চিত কৰে।
পিছত অনুসন্ধানত এই শব্দৰ কাৰণ চিনাক্ত কৰা হয়। এখন DTC বাছৰ পিছফালৰ টায়াৰ ফাটি যোৱাৰ বাবে এই শব্দৰ সৃষ্টি হয় বুলি দিল্লীৰ দক্ষিণ-পশ্চিমৰ উপ-আৰক্ষী আয়ুক্ত অমিত গোৱেলে সংবাদ মাধ্যমক জানিবলৈ দিয়ে। বিষয়াজনে লগতে কয়, "কল কৰা ব্যক্তিজনৰ সৈতে যোগাযোগ কৰা হৈছিল আৰু তেওঁ জনায় যে তেওঁ গুৰুগ্ৰামলৈ গৈ থকা অৱস্থাত এটা প্ৰচণ্ড শব্দ শুনিবলৈ পাইছিল। আমি সকলোতে পৰীক্ষা কৰো আৰু ঘটনাস্থলীত একো পোৱা নগ'ল।’’ বৰ্তমান পৰিস্থিতি স্বাভাৱিক আৰু চিন্তাৰ কোনো কাৰণ নাই বুলি ডিচিপিয়ে জানিবলৈ দিয়ে।
উল্লেখ্য যে সোমবাৰে নিশা লালকিল্লাৰ সমীপত সংঘটিত শক্তিশালী বিস্ফোৰণত ১০ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২০ জনৰো অধিক লোক আহত হৈছিল। এই ঘটনাৰ পাছত দিল্লীবাসী শংকিত হৈ পৰিছে। সমগ্ৰ ৰাজধানীত নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰা হৈছে। তদন্তকাৰী সংস্থাসমূহে উক্ত বিস্ফোৰণক 'সন্ত্ৰাসবাদীৰ ঘটনা' হিচাপে গণ্য কৰিছে।
ইপিনে, সোমবাৰে সন্ধিয়া লালকিল্লাৰ বাহিৰত এখন বগা হুণ্ডাই i20 গাড়ীত বিস্ফোৰণ সংঘটিত কৰা ব্যক্তিজনক ড০ উমৰ উন নবী বুলি চিনাক্ত কৰা হৈছে। দিল্লী আৰক্ষীয়ে বৃহস্পতিবাৰে DNA পৰীক্ষাৰ জৰিয়তে এই কথা নিশ্চিত কৰে। ড০ উমৰ উন নবী
ফৰিদাবাদৰ আল ফালাহ বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপক হিচাপে কৰ্মৰত আছিল।
আৰক্ষীয়ে পূৰ্বে কৈছিল যে তেওঁ ড০ মুজাম্মিল ছাকিল গানেই আৰু ড০ আদিল ৰাথাৰৰ সৈতে জড়িত আছিল। দুয়োকে যোৱা সপ্তাহত জম্মু আৰু কাশ্মীৰত ফৰিদাবাদত ২,৯০০ কিলোগ্ৰামতকৈও অধিক এম'নিয়াম নাইট্ৰেট, ডিটেনেটৰ, টাইমাৰ আৰু এছল্ট ৰাইফল মজুত কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল।
নিৰাপত্তা সংস্থাসমূহে এতিয়া লালকিল্লাৰ বিস্ফোৰণ সংঘটিত কৰা মডিউলটোৰ বাকী সদস্যসকলক বিচাৰি উলিওৱা আৰু গ্ৰেপ্তাৰ কৰাৰ বাবে তদন্ত অব্যাহত ৰাখিছে।
নিৰাপত্তা সংস্থাসমূহে এতিয়া লালকিল্লাৰ বিস্ফোৰণ সংঘটিত কৰা মডুলৰ বাকী সদস্যসকলক বিচাৰি উলিয়াবলৈ আৰু গ্ৰেপ্তাৰ কৰিবলৈ কাম কৰি আছে।