নতুন দিল্লী
দেশৰ সকলোতকৈ ডাঙৰ বিমান প্রতিষ্ঠান ইণ্ডিগ'ৰ বিৰুদ্ধে তদন্তৰ নির্দেশ দিছে কম্পিটিচন কমিছন অব ইণ্ডিয়াই (চি চি আই)। যোৱা ডিচেম্বৰত বিমান প্রতিষ্ঠানটোৱে সহস্রাধিক বিমান সেৱা বাতিল কৰাৰ ফলত যাত্রীসকলে সম্মুখীন হোৱা অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই পদক্ষেপ গ্রহণ কৰিছে চি চি আয়ে।
সংস্থাটোৱে ইণ্ডিগ'ৰ বিৰুদ্ধে অনুচিত ব্যৱসায়িক গতিবিধি সন্দৰ্ভত তদন্ত কৰাৰ নিৰ্দেশ জাৰি কৰিছে। চি চি আয়ে ১৬ পৃষ্ঠাৰ এই নির্দেশনাত কয় যে ইণ্ডিগ'য়ে একেলগে সহস্রাধিক বিমান সেৱা বাতিল কৰাটো এক কথাত বজাৰত নিজৰ সেৱা বন্ধ কৰাৰ সদৃশ।
ইয়াৰ ফলত সৰ্বাধিক চাহিদাৰ সময়ত ইচ্ছাকৃতভাবে বিমানৰ নাটনিৰ সৃষ্টি কৰা হৈছিল। উল্লেখযোগ্য যে ইণ্ডিগ'ই যোৱা ডিচেম্বৰত প্রায় ২,৫০০ বিমান সেৱা বাতিল কৰাৰ ফলত প্রায় ৩ লাখ যাত্রী প্রভাবিত হৈছিল।