অসমত আৰম্ভ লোকপিয়ল ২০২৭ৰ অনলাইন স্ব-গণনা; ৰাজ্যবাসীক অংশগ্ৰহণৰ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Story by  atv | Posted by  Munni Begum • 13 h ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
গুৱাহাটী
 
অসমত দেওবাৰৰ পৰা লোকপিয়ল ২০২৭ৰ অনলাইন স্ব-গণনা (Self-Enumeration) প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে। এই উপলক্ষে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসী এই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি সঠিক তথ্য দাখিল কৰিবলৈ আহ্বান জনাইছে।
 
মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেও অনলাইনযোগে নিজৰ তথ্য পূৰণ কৰি সকলো নাগৰিকক একে ধৰণে দায়িত্বশীলভাৱে এই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনায়।
 
সামাজিক মাধ্যমত এক বাৰ্তাত তেওঁ কয়, "আজি অসমত লোকপিয়ল ২০২৭ৰ অনলাইন স্ব-গণনা আৰম্ভ হৈছে। এতিয়া ঘৰতে বহি সহজেই নিজৰ তথ্য পূৰণ কৰিব পাৰিব। মই নিজেও মোৰ তথ্য দাখিল কৰিলোঁ। সকলোকে অনুৰোধ জনাইছোঁ, যাতে সঠিক তথ্য প্ৰদান কৰি এই ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ অংশীদাৰ হয়।"
 
ইয়াৰ লগতে এক ভিডিঅ' বাৰ্তাতো মুখ্যমন্ত্ৰীয়ে জনসাধাৰণক সঠিক তথ্য দাখিল কৰি এজন দায়িত্বশীল নাগৰিক হিচাপে নিজৰ কৰ্তব্য পালন কৰিবলৈ আহ্বান জনায়।
 
এই অনলাইন স্ব-গণনা সুবিধা ১৬ আগষ্টলৈ উপলব্ধ থাকিব। এই সময়ছোৱাত নাগৰিকসকলে se.census.gov.in প’ৰ্টেলৰ জৰিয়তে নিজৰ পৰিয়াল আৰু ব্যক্তিগত তথ্য অনলাইনত দাখিল কৰিব পাৰিব।
 
এই পৰ্যায় সম্পূৰ্ণ হোৱাৰ পিছত ১৭ আগষ্টৰ পৰা ১৫ ছেপ্টেম্বৰলৈ ৰাজ্যজুৰি গৃহ তালিকাকৰণ (House Listing) আৰু গৃহ গণনা (Housing Census) কাৰ্যসূচী চলোৱা হ’ব বুলি চৰকাৰী সূত্ৰই জনাইছে।
 
ইফালে, সাম্প্ৰতিক বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাত এই গণনা প্ৰক্ৰিয়া সাময়িকভাৱে স্থগিত ৰখা হৈছে। এই দুই জিলাত বান পৰিস্থিতি স্বাভাৱিক হোৱাৰ পিছত পৰৱৰ্তী সময়ত গণনা কাৰ্যসূচী আৰম্ভ কৰা হ'ব।