থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ ভাৰত-মাৰ্কিন যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

Story by  atv | Posted by  [email protected] • 1 h ago
ভাৰত-মাৰ্কিন যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’
ভাৰত-মাৰ্কিন যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’
 
নতুন দিল্লী
 
বিশ্বৰ সামৰিক প্ৰেক্ষাপটত এক গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰেৰণ কৰি মঙলবাৰৰ পৰা ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাবাহিনীৰ মাজত যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’ আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে। আটাইতকৈ তাৎপৰ্যপূৰ্ণ কথাটো হ'ল, এইবাৰৰ অনুশীলন একেলগে পাকিস্তান সীমান্তৱৰ্তী ৰাজস্থানৰ থৰ মৰুভূমি আৰু চীন-নিয়ন্ত্ৰিত তিব্বতৰ সমীপৱৰ্তী উত্তৰাখণ্ডৰ হিমালয় অঞ্চলত অনুষ্ঠিত কৰা হৈছে। প্ৰতিৰক্ষা খণ্ডত দুয়োখন দেশৰ মাজত পাৰস্পৰিক সহযোগিতা আৰু কৌশলগত বুজাবুজি বৃদ্ধিৰ স্বাৰ্থতেই এই বৃহৎ সামৰিক পদক্ষেপ গ্ৰহণ কৰা হৈছে।
 
অহা ২৮ ছেপ্টেম্বৰলৈকে চলিবলগীয়া এই বিশাল সামৰিক অনুশীলনত দুয়োখন দেশৰ প্ৰায় ১২০০ গৰাকী সেনা জোৱান আৰু উচ্চপদস্থ বিষয়াই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে, য'ত ভাৰত আৰু আমেৰিকাৰ ৬০০ গৰাকীকৈ সেনা অন্তৰ্ভুক্ত হৈছে। ২০০২ চনত পোনপ্ৰথমবাৰৰ বাবে আৰম্ভ হোৱা ভাৰত-মাৰ্কিন এই ‘যুদ্ধ অভ্যাস’ৰ এইবাৰৰ সংস্কৰণটো হৈছে ২২সংখ্যক। ইতিহাসত প্ৰথমবাৰৰ বাবে একেলগে দুখন ভিন্ন ভৌগোলিক পৰিৱেশত— অৰ্থাৎ ৰাজস্থানৰ বিকাণেৰ জিলাৰ ‘মহাজন ফিল্ড ফায়াৰিং ৰেঞ্জ’ৰ তপ্ত মৰুভূমি আৰু উত্তৰাখণ্ডৰ আউলিৰ ‘ফৰেইন ট্ৰেইনিং ন’ড’ৰ দুৰ্গম পাহাৰীয়া এলেকাত এই যুটীয়া যুদ্ধ প্ৰশিক্ষণ সমান্তৰালভাৱে চলোৱা হৈছে।
 
এইবাৰৰ অনুশীলনত ভাৰতীয় সেনাৰ ১৪সংখ্যক ইনফেন্ট্ৰি ডিভিজন আৰু মাৰ্কিন সেনাৰ ১১সংখ্যক এয়াৰবৰ্ণ ডিভিজনৰ সেনাসকলে একেলগে অংশগ্ৰহণ কৰিছে। মঙলবাৰে আউলিত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ উদ্বোধনী অনুষ্ঠানত ভাৰতীয় সেনাবাহিনীৰ ১৪ ইনফেন্ট্ৰি ডিভিজনৰ জেনেৰেল অফিচাৰ কমাণ্ডিং মেজৰ জেনেৰেল অমৰেশ গুঞ্জন আৰু মাৰ্কিন বাহিনীৰ ১১সংখ্যক এয়াৰবৰ্ণ ডিভিজনৰ প্ৰথম ইনফেন্ট্ৰি ব্ৰিগেড কমবেট টিমৰ কমাণ্ডাৰ কৰ্ণেল বেঞ্জামিন জেকমেন উপস্থিত থাকি এই অনুশীলনৰ শুভাৰম্ভ কৰে। ভাৰতীয় সেনাৰ উচ্চপদস্থ সূত্ৰই সদৰী কৰা মতে, ৰাষ্ট্ৰসংঘৰ নিৰ্দেশিকাৰ সপ্তম ধাৰা অনুসৰি সন্ত্ৰাসবাদ দমন অভিযানত দুয়োখন দেশৰ সামৰিক সক্ষমতা অধিক শক্তিশালী কৰাই হৈছে ইয়াৰ প্ৰধান লক্ষ্য। তদুপৰি, আধুনিক ৰণকৌশলৰ প্ৰতি লক্ষ্য ৰাখি অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ, ড্ৰোণৰ নিখুঁত সঞ্চালনা আৰু যিকোনো পৰিস্থিতিত বহুমুখী যুদ্ধ পৰিচালনাৰ সক্ষমতা বৃদ্ধিৰ ওপৰতো সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হৈছে।
 
প্ৰতিৰক্ষা আৰু সামৰিক বিশ্লেষকসকলৰ মতে, এই যুটীয়া অনুশীলনে এক গভীৰ কৌশলগত তাৎপৰ্য বহন কৰিছে। শেহতীয়াকৈ দক্ষিণ চীন সাগৰৰ সমীপত দুয়োখন দেশৰ যুটীয়া নৌ-অনুশীলনৰ পাছত এতিয়া চীন আৰু পাকিস্তানৰ স্পৰ্শকাতৰ সীমান্তৰ সমীপত ভাৰত আৰু মাৰ্কিন সেনাই যিদৰে শক্তি প্ৰদৰ্শন কৰিছে, সেয়া নিশ্চিতভাৱে বেইজিং আৰু ইছলামাবাদৰ বাবে এক প্ৰবল মানসিক চাপৰ কাৰণ হৈ পৰিব। সমাগত দিনত এই ‘যুদ্ধ অভ্যাসে’ দুয়োখন বৃহৎ দেশৰ সামৰিক বাহিনীৰ মাজত কৌশলগত আদান-প্ৰদান সুদৃঢ় কৰাৰ লগতে ভৱিষ্যতৰ যিকোনো সামৰিক প্ৰত্যাহ্বানৰ মুখামুখি হ'বলৈ প্ৰস্তুতি অধিক মজবুত কৰিব বুলি দৃঢ় আশা কৰা হৈছে।