মণিপুৰত সন্দেহযুক্ত নগা উগ্ৰপন্থীৰ আক্ৰমণ; দুই কুকি মহিলা নিহত

Story by  atv | Posted by  [email protected] • 49 m ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
গুৱাহাটী
 
মণিপুৰত পুনৰ এক হিংসাত্মক ঘটনা সংঘটিত হৈছে৷ উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম ৰাজ্য মণিপুৰত নগা উগ্ৰপন্থীৰ আক্ৰমণত দুই কুকি মহিলা নিহত হৈছে ৷ মঙলবাৰে জিৰিবাম জিলাৰ লেইছাংফাইত এই ঘটনা সংঘটিত হয়৷
 
আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, ঘৰৰ খেতিপথাৰৰ পৰা খৰি সংগ্ৰহ কৰি থকা মহিলাকেইগৰাকীক উগ্ৰপন্থীয়ে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল ৷ নিহত মহিলা দুগৰাকী ক্ৰমে ৬০ বছৰীয়া চোংগা ছিটলৌ আৰু ২৮ বছৰীয়া এন জি কিমনিও চিংছন৷ আনহাতে, স্থানীয় সূত্ৰই জনোৱা মতে, চিংছনে শেহতীয়াকৈ নাৰ্ছিং পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পিছত ঘৰলৈ উভতি আহি পিতৃ-মাতৃক কৃষিকাৰ্যত সহায় কৰিছিল।
 
এনে ঘটনাৰ বাবে কুকি সংগঠনসমূহে এনএছচিএন-আইএম আৰু জিইউএফ-কেক জগৰীয়া কৰিছে। তেওঁলোকে কয় যে, জিৰিবাম, টামেংলং আৰু ননে জিলাত কুকিসকলৰ সাধাৰণ নাগৰিকক উগ্ৰপন্থীয়ে আক্ৰমণৰ লক্ষ্য কৰি আহিছে ৷ ৰাজ্যখনত ধাৰাবাহিকভাৱে সংঘটিত হৈ অহা আক্ৰমণ অথবা হত্যাৰ মাজতে এই কাণ্ড সংঘটিত হয়।
 
এই ঘটনাৰ পিছতে কুকি-জো কাউন্সিলে এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ শেহতীয়াকৈ নগা সশস্ত্ৰ উগ্ৰপন্থীৰ আক্ৰমণত নিহত হোৱা মহিলা দুগৰাকীৰ মৃতদেহ পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত সমাধিস্থ কৰাত সংগঠনটোৱে বাধা প্ৰদান কৰিছে ৷ সংগঠনটোৱে এক বিবৃতিত কয়, ‘‘কুকি-জো কাউন্সিলৰ পৰা পৰৱৰ্তী নিৰ্দেশনা নোপোৱালৈকে এনে প্ৰতিগৰাকী ভুক্তভোগীৰ মৃতদেহ সমীপৰ শীতল ভঁৰালত নিৰাপদে ৰখা হ'ব।’’
 
উল্লেখ্য যে, মণিপুৰত কুকি-জো নাগৰিকৰ ওপৰত নগা সশস্ত্ৰ গোটে ধাৰাবাহিকভাৱে আক্ৰমণ চলোৱা কাৰ্যৰ গৰিহণা দি কাউন্সিলে এক বিবৃতিৰ জৰিয়তে এই নিৰ্দেশনা জাৰি কৰিছে । কাউন্সিলে নিহতসকলৰ প্ৰতি ন্যায় আৰু দায়বদ্ধতা নিশ্চিত কৰাত ব্যৰ্থ হোৱা বুলি অভিযোগ তুলি প্ৰতিবাদৰ মাজেৰে এক সুচিন্তিত আৰু সামূহিক পদক্ষেপ হিচাপে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
 
আন এটা বিশিষ্ট জনজাতীয় সংগঠন কুকি ইনপি মণিপুৰে এনএছচিএন-আইএম আৰু জেইউএফে সাধাৰণ তথা নিৰ্দোষী কুকি গাঁৱৰ লোকসকলক আক্ৰমণ কৰি হত্যা কৰাৰ দৰে ঘটনাক তীব্ৰ গৰিহণা দিছে। এক বিবৃতিত সংগঠনটোৱে বিগত তিনিদিনত ছয়জনকৈ নিৰীহ কুকি লোকক হত্যা কৰাৰা দাবী তোলে৷