MGNREGA শ্ৰমিকৰ মজুৰি বৃদ্ধি কেন্দ্ৰৰ

Story by  atv | Posted by  [email protected] • 30 d ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো

নতুন দিল্লী

মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চয়তা আঁচনিৰ অধীনত ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে শ্ৰমিকৰ মজুৰিৰ হাৰ ৩-১০ শতাংশ বৃদ্ধিৰ বাবে কেন্দ্ৰই অধিসূচনা জাৰি কৰিছে। নতুন মজুৰি ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব। 
 
২০২৪-২৫ বৰ্ষৰ বাবে সমগ্ৰ দেশত এমজিএনৰেগাৰ গড় মজুৰি ২৮৯ টকা বৃদ্ধি পাব, যিটো ২০২৩-২৪ বৰ্ষত ২৬১ টকা আছিল। ইয়াৰ ফলত শ্ৰমিকৰ মজুৰি প্ৰতিদিনে ২৮ টকা বৃদ্ধি পাব।
লোকসভা নিৰ্বাচনৰ বাবে আচৰণ বিধি বলবৎ হোৱাৰ বাবে শেহতীয়াকৈ গ্ৰামোন্নয়ন মন্ত্ৰালয়ে সংশোধিত মজুৰিৰ হাৰৰ বিষয়ে অৱগত কৰাৰ বাবে নিৰ্বাচন আয়োগৰ অনুমতি লাভ কৰিছিল। 
 
এই অনুসৰি, হাৰিয়ানাৰ শ্ৰমিকসকলে প্ৰতিদিনে সৰ্বাধিক ৩৭৪ টকা মজুৰি লাভ কৰিব। অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ বাবে সৰ্বনিম্ন ২৩৪ টকা প্ৰতিদিনে নিৰ্ধাৰণ কৰা হৈছে। 
 
উল্লেখ্য যে, কেন্দ্রই ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেটত এম জি এনৰেগাৰ বাবে ৮৬ হাজাৰ কোটি টকা আবণ্টন দিছে।