গুৱাহাটী
জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তত তৎপৰ হৈছে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগ (CID)। শুকুৰবাৰে জুবিন মৃত্যুৰ ৰহস্যভেদ কৰাৰ বাবে চি আই ডিয়ে অসমত শ্যামকানু মহন্ত, জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থৰ ঘৰত তালাচী চলোৱাৰ সমান্তৰালভাৱে শিল্পীগৰাকীৰ মৃত্যুৰ সময়ত প্ৰমোদ তৰীখনত সাগৰৰ মাজত উপস্থিত থকা ছিংগাপুৰৰ ১১ প্ৰবাসী অসমীয়ালৈ অসম আৰক্ষীৰ চিআইডিয়ে জাননী জাৰি কৰিছে।
জাননীত চিআইডিয়ে জুবিনক নৰ্থ ইষ্ট ফেষ্টিভেললৈ নিমন্ত্ৰণ কৰি নিয়া শ্যামকানু মহন্ত, মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু ছিংগাপুৰত বাস কৰা ১১ জন প্ৰবাসী অসমীয়াক সোঁ-শৰীৰে অসম আৰক্ষীৰ এছ আই টিৰ আগত উপস্থিত হ'বলৈ জাননী জাৰি কৰিছে।
সমগ্ৰ অসমজুৰি শ্যামকানু মহন্ত আৰু সিদ্বাৰ্থ শৰ্মাৰ বিৰুদ্ধে ক্ষোভৰ জুইৰ উদগীৰণ হোৱাৰ ঘটাৰ বাবে দুয়ো এতিয়াও আত্মগোপন কৰি আছে৷ চি আই ডিয়ে তলৱ কৰা এই আটাইকেইজনক ১০ দিনৰ সময়সীমা নিৰ্ধাৰণ কৰি দিয়া হৈছে।
অসম আৰক্ষীৰ চি আই ডিৰ স্পেচিয়েল ডি আই জি আই পি এছ মুন্নাপ্ৰসাদ গুপ্তাই এই তথ্য নিশ্চিত কৰি কয় যে, তলৱ কৰা সকলো ব্যক্তিক ৬ অক্টোবৰৰ ভিতৰত গুৱাহাটীৰ চি আই ডিৰ মুখ্য কাৰ্যালয়ত সোঁ-শৰীৰে হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে। নিৰ্ধাৰিত সময়ৰ ভিতৰত হাজিৰ নহ’লে তেওঁলোকৰ বিৰুদ্ধে লুক আউট নটিচ জাৰি কৰা হ’ব বুলি আই পি এছ গুপ্তাই স্পষ্ট কৰিছে।
উল্লেখযোগ্য যে, শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ ৰহস্য ভেদ কৰিবলৈ ইতিমধ্যেই গঠন কৰা হৈছে এক বিশেষ তদন্তকাৰী দল (SIT)৷ এই দলটোক নেতৃত্ব দিছে খোদ স্পেচিয়েল ডি আই জি আই পি এছ মুন্নাপ্ৰসাদ গুপ্তাই৷ নজনীয়া এই দলটোত আছে কেইবাগৰাকীও শীৰ্ষ আৰক্ষী বিষয়া ৷
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে ঘোষণা কৰিছিল যে ১০/১৫ দিনৰ ভিতৰতে গোটেই ঘটনাক্ৰম স্পষ্ট হৈ পৰিব। আনহাতে, যদিহে বিশেষ তদন্তকাৰী গোটে বিফল হয়, তেন্তে চিবিআই লৈও গোচৰটো হস্তান্তৰ কৰা হ’ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷
সমান্তৰালকৈ অভিনেত্ৰী নিশিতা গোস্বামী আৰু বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীকো তলৱ কৰিছে চি আই ডিৰ বিশেষ তদন্তকাৰী গোটে৷ কাইলৈ অৰ্থাৎ শনিবাৰে দিনৰ ১১ বজাত চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হ’বলৈ দুয়োগৰাকীয়ে নিৰ্দেশ দিয়া হৈছ ৷