গুৱাহাটী
দুৰ্গা পূজাৰ উদযাপনৰ সময়ত জনসাধাৰণৰ সুৰক্ষা আৰু সুচাৰুৰূপে চলাচল সুনিশ্চিত কৰাৰ বাবে গুৱাহাটীৰ যান-বাহন উপ-আয়ুক্তৰ কাৰ্যালয়ে সমগ্ৰ মহানগৰীত ধাৰাবাহিকভাৱে যান-বাহন চলাচলত নিষেধাজ্ঞা আৰোপ কৰাৰ কথা ঘোষণা কৰিছে। ২০২৫ চনৰ ২৮ ছেপ্টেম্বৰৰ পৰা ৩ অক্টোবৰলৈ এই নিষেধাজ্ঞা বলৱৎ থাকিব।
কৰ্তৃপক্ষই কয় যে, এই ব্যৱস্থাৰ লক্ষ্য হৈছে সৰু পথ ব্যৱহাৰকাৰী যেনে শিশু, মহিলা, জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম লোকক সুৰক্ষা দিয়াৰ লগতে এম্বুলেন্স আৰু অগ্নিনিৰ্বাপক বাহিনীৰ নিবিদাকে ধৰি জৰুৰীকালীন বাহনৰ বাবেও মুক্তভাৱে যাতায়ত কৰাটো নিশ্চিত কৰা।
অধিসূচনা অনুসৰি মালবাহী বাহনৰ চলাচলত বাধা আৰোপ কৰা হ’ব, পূজাৰ দিনত পুৱা ৪ বজাৰ পৰা দুপৰীয়া ১২ বজাৰ ভিতৰতহে প্ৰৱেশৰ অনুমতি দিয়া হ’ব। দিছপুৰ, বশিষ্ঠ, ভৰলুমুখ, জালুকবাৰী, পানবজাৰ, চান্দমাৰী, নুনমাটি, লতাশিলকে ধৰি বিভিন্ন থানাৰ অন্তৰ্গত ব্যস্ত অঞ্চলত কেইবাটাও “ন'এণ্ট্ৰি” আৰু “ৱান ৱে” নিয়ম জাৰি কৰা হৈছে।
ড° আৰ পি ৰোড, বেলতলা মাৰ্কেট ৰোড, বিষ্ণু ৰাভা পথ, এ টি ৰোড, ডি জি ৰোড আৰু এফ চি ৰোডৰ দৰে মূল পথসমূহত যানজঁট নিয়ন্ত্ৰণৰ বাবে বাধা আৰোপ কৰা হ’ব। চিটি বাছৰো পথসমূহো সংশোধন কৰা হৈছে। বশিষ্ঠ আৰু ধৰাপুৰ, আদাবাৰী আৰু লালগনেশ, পাঞ্জাবাৰী আৰু ধৰাপুৰ, আৰু হাতীগাঁও আৰু ধৰাপুৰৰ মাজত চলা বাছসমূহে জি এছ ৰোড, গণেশগুৰি, চান্দমাৰী, এম জি ৰোড, আৰু অন্যান্য বিকল্প পথৰ মাজেৰে ডাইভাৰ্ট পথ অনুসৰণ কৰিব।
নিম্ন অসমৰ পৰা অহা আন্তঃজিলা বাছ জালুকবাৰীৰে মহানগৰীত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব আৰু ইয়াৰ পৰিৱৰ্তে আই এছ বি টিলৈ ডাইভাৰ্ট কৰা হ’ব। গুৱাহাটী যান-বাহন আৰক্ষীয়ে যাতায়তকাৰীসকলক নতুন ব্যৱস্থাত সহযোগিতা কৰি উৎসৱৰ সময়ছোৱাত সেই অনুসৰি যাত্ৰাৰ পৰিকল্পনা কৰিবলৈ আহ্বান জনাইছে।