গোৱালপাৰাত আৰক্ষীৰ এনকাউণ্টাৰ; নিহত ৪ দুধৰ্ষ ডকাইত

Story by  atv | Posted by  [email protected] • 2 h ago
গোৱালপাৰাত আৰক্ষীৰ এনকাউণ্টাৰ; নিহত ৪ দুধৰ্ষ ডকাইত
গোৱালপাৰাত আৰক্ষীৰ এনকাউণ্টাৰ; নিহত ৪ দুধৰ্ষ ডকাইত
 
গুৱাহাটী
 
গোৱালপাৰাত ডকাইতক লক্ষ্য কৰি গৰজি উঠিল আৰক্ষীৰ বন্দুক। গোৱালপাৰাত দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাই অহা চাৰি দুধৰ্ষ ডকাইত নিশা আৰক্ষীৰ গুলীত নিহত হয়। নিশাৰ ভাগত চলোৱা এক অভিযানত আৰক্ষীৰ এনকাউন্টাৰত নিহত হয় এই চাৰি দুধৰ্ষ ডকাইত। জিলাখনত দীৰ্ঘদিনৰ পৰা সন্ত্ৰাসৰ সৃষ্টি কৰি আছিল এই ডকাইতকেইটাই।
 
গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে চলোৱা এই অভিযানত নিহত হয় অস্ত্ৰধাৰী ডকাইতকেইটা। অভিযানৰ সময়ত ধূপধৰা থানাৰ অন্তৰ্গত ঘিলাডুবিত নিশা আৰক্ষীৰে মুখামুখি হয় ডকাইতকেইটা। পলোৱাৰ কোনো পথ নথকাত আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰে ডকাইতৰ দলটোৱে। ফলত ডকাইতৰ দলটোক লক্ষ্য কৰি আৰক্ষীয়েও গুলীচালনা কৰিবলৈ বাধ্য হয়।
 
পৰৱৰ্তী সময়ত গুলীচালনা বন্ধ হোৱাত আৰক্ষীয়ে গাড়ীৰ পৰা ডকাইতকেইটাক উদ্ধাৰ কৰে আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰে। কিন্তু চিকিৎসকে আটাইকেইটাকে মৃত ঘোষণা কৰে। নিহত ডকাইতকেইটা চুবুৰ উদ্দিন, মুকুন্দ ৰাভা, ছেমবাক মাৰাক আৰু জাহিদুল ইছলাম বুলি চিনাক্ত কৰা হৈছে।
 
উল্লেখ্য যে, ডকাইতকেইটাই AS 02 AE 2633 নম্বৰৰ বাহনখনত অস্ত্ৰসহ ঘূৰি ফুৰিছিল। গোৱালপাৰাৰ জ্যোষ্ঠ আৰক্ষী অধীক্ষক নৱনীত মহন্তৰ নেতৃত্বত চলা এই অভিযানত নিহত হয় দীৰ্ঘদিনে সন্ত্ৰাস সৃষ্টি কৰি অহা এই ডকাইতকেইটাৰ।