গুৱাহাটী
মৰমৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি চি আই ডিত পত্নী গৰিমা শইকীয়া গাৰ্গ, খুৰাক মনোজ বৰঠাকুৰ, ভগ্নী পাল্মী বৰঠাকুৰৰ স্বাক্ষৰ সম্বলিত এজাহাৰ দাখিল কৰে। মৃত্যুৰ ৯ দিনৰ দিনা শনিবাৰে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাৰ লগতে ছিংগাপুৰত জুবিনৰ সৈতে য়টত থকা আটাইৰে বিৰুদ্ধে এই এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে।
এজাহাৰ দাখিল কৰাৰ কথা জুবিন গাৰ্গৰ খুৰাক মনোজ বৰঠাকুৰে সংবাদ মাধ্যমৰ আগত সদৰী কৰি কয়, "সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্তৰ লগতে য়টত থকা সমগ্ৰ দলটোক তদন্তৰ আওঁতালৈ আনিবলৈ অনুৰোধ জনাইছোঁ। তদুপৰি জুবিনৰ ম'বাইল আৰক্ষীক জব্দ কৰিবলৈও অনুৰোধ জনাইছোঁ।"
উল্লেখ্য যে, ১৯ ছেপ্টেম্বৰত ছিংগাপুৰৰ সাগৰত ডুব গৈ ৰহস্যজনকভাৱে আকস্মিক মৃত্যু ঘটিছিল প্ৰাণৰ শিল্পীগৰাকীৰ। ৩৮ হাজাৰো অধিক গানত কণ্ঠ নিগৰোৱা, ৪৪ খন ছবিৰ সংগীত পৰিচালনা, দুকুৰিৰো অধিক ছবি-তথ্যচিত্ৰৰে অসমৰ সাংস্কৃতিক ক্ষেত্রক মহীয়ান কৰা জুবিন গাৰ্গৰ মৃত্যুত বৰ্তমানো শোকৰ সাগৰত অসমবাসী। জুবিন গাৰ্গৰ মৃত্যুৰ আজি ৯ দিন পাৰ হৈছে যদিও ৰাইজে আজিও শোকত ম্ৰিয়মান হৈ আছে।
ৰাজ্যজুৰি জুবিনৰ মৃত্যুৰ উচিত তদন্ত দাবী উঠিছে। আনহাতে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এজাহাৰ দাখিল কৰা হৈছে। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈ গ্ৰেপ্তাৰ হোৱা নাই দুয়োগৰাকী অভিযুক্ত।
ইপিনে দুয়োজন লৈ লুক আউট নটিছ জাৰি কৰিছে অসম আৰক্ষীয়ে। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ৬ অক্টোবৰত চি আই ডিত হাজিৰ হ'বলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কঠোৰ নিৰ্দেশ দিছে।