জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ বাবে মহানগৰ যানবাহন আৰক্ষীৰ নিৰ্দেশনা জাৰি

Story by  atv | Posted by  Munni Begum • 2 h ago
জুবিন গাৰ্গ
জুবিন গাৰ্গ
 
গুৱাহাটী 
 
শনিবাৰে নিশা এয়াৰ ইণ্ডিয়াৰ এখন বিমানেৰে অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ নশ্বৰ দেহ ছিংগাপুৰৰ পৰা দিল্লী হৈ অসমলৈ অনা হ’ব। অসম আহি পোৱাৰ পিছত তেওঁৰ মৃতদেহ প্ৰথমে তেওঁৰ পৰিয়ালৰ লোকে শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে ভগদত্তপুৰস্থিত তেওঁৰ বাসগৃহলৈ লৈ যোৱা হ’ব আৰু তাৰ পিছত সাধাৰণ জনতাই শ্ৰদ্ধাঞ্জলি জনোৱাৰ অৰ্থে অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পলৈ লৈ যোৱা হ’ব। 
 
তেওঁৰ অগাধ জনপ্ৰিয়তালৈ চাই গুৱাহাটী বিমানবন্দৰ, যাত্ৰাপথ, ভগদত্তপুৰত থকা তেওঁৰ বাসগৃহ আৰু অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত অনুৰাগী আৰু অনুগামীসকলৰ বৃহৎ সমাৱেশ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী যান-বাহন আৰক্ষীয়ে এই সময়ছোৱাত যান-বাহন চলাচলৰ বাবে কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে।  
 
মহানগৰীত ৰাজপথত যানবাহন চলাচলৰ ক্ষেত্ৰত যান-বাহন আৰক্ষীয়ে জাৰি কৰা নিৰ্দেশনাসমূহ ক্ৰমে --
 
১) ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ আদেশ নিদিয়া পৰ্যন্ত ২১ ছেপ্টেম্বৰৰ ৰাতিপুৱা ৬ বজাৰ পৰা নিশা ১১ বজালৈ সকলোধৰণৰ সামগ্ৰী কঢ়িওৱা যানবাহনৰ চলাচল নিয়ন্ত্ৰিত কৰা হ'ব।
 
২) অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া চৌহদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ অহা লোকসকলে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰংমন পইন্টত নামিব  (Alight) আৰু তেওঁলোকে গেট নং (1A) ১ এ হৈ চৌহদৰ ভিতৰত প্ৰৱেশ কৰিব লাগিব।
 
শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ পিছত তেওঁলোকে গেট নং ৩ ৰে প্ৰস্থান কৰিব, য'ৰ পৰা তেওঁলোকে নামঘৰ পথ, গৰোলিয়া (Gorolia) অথবা হ'লি গগৈ পথেৰে গৈ ৰাষ্ট্ৰীয় ঘাইপথ-২৭/চাৰ্ভিচ পথলৈ যাব পাৰিব।
 
অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ ভিতৰত কোনো যানবাহন প্ৰৱেশ কৰিব নোৱাৰিব। অত্যাৱশ্যকীয় সেৱা/জৰুৰীকালীন সেৱা/সংবাদ প্ৰতিষ্ঠান (ডি এছ এন জি)ৰ যানবাহন সমূহ গেট নং (1C) ১ চি আৰু অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ ইন্দোৰ ষ্টেডিয়ামৰ সন্মুখৰ পাৰ্ক হৈ প্ৰৱেশ কৰিব। 
 
৩) অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ সন্মুখত লখৰা আণ্ডাৰব্ৰিজৰ পৰা নালাপাৰালৈ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সেৱা পথটো হ’ব ন' ভেহিকেল প্লাইং জ'ন।
 
৪) এই নিষেধাজ্ঞাই কোনো কাৰণতে অগ্নি নিৰ্বাপক বাহন, এম্বুলেন্স, জীৱন ৰক্ষাকাৰী ঔষধ, অক্সিজেন চিলিণ্ডাৰ কঢ়িয়াই নিয়া বাহন, স্কুল বাছ, স্থানীয় ৰাইজৰ আদিৰ জৰুৰীকালীন বাহনৰ চলাচলত কোনো প্ৰভাৱ পেলাব নোৱাৰিব।
 
৫) অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া কমপ্লেক্সৰ ভিতৰত কোনো বাহন ৰখাব নোৱাৰিব। তলত জনসাধাৰণৰ বাবে নিৰ্ধাৰিত পাৰ্কিং স্থানসমূহ উল্লেখ কৰি দিয়া  হৈছে :-
 
খানাপাৰা ফালৰ পৰা অহা বাহনবোৰৰ বাবে লখৰা বিহুতলী, ছাগলপাৰা পথৰ মহিন্দ্ৰা ট্ৰেক্টৰ ষ্টকয়াৰ্ড, চাইকেল ট্ৰেক, সাউকুচি, বাথৌপুৰী বড়ো এইচ এছ স্কুল, আই এছ বি টিৰ ওচৰত, বড়ো সাহিত্য সভা, আই এছ বি টিৰ ওচৰত, বি চি জৈন পাৰ্কিং, ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰ্ভিচ ৰোড, গণেশ কাটা, ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰ্ভিচ ৰোড, মইনা পাৰিজাত, ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰ্ভিচ ৰোড, বৰাগাঁৱৰ ৰোডকে ধৰি শ্বহীদ ন্যাস ফিল্ডত পাৰ্কিংৰ ব্যৱস্থা কৰা হৈছে। 
 
জালুকবাৰী ফালৰ পৰা অহা যান-বাহনবোৰৰ বাবে বশিষ্ঠ মন্দিৰ পথ, জি এম চি পাৰ্কিং, খানাপাৰা, আই এছ বি টি খানাপাৰা, গ্ৰীণউড ৰিজ'ৰ্ট, এ ডি আৰ পাৰ্কিং, কালী মন্দিৰ ৰোড, পিংকু পাৰ্কিং, ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰ্ভিচ ৰোড, আভ্যন্তৰীণ জল পৰিবহণ পাৰ্কিং, কালি মন্দিৰ পথ, বালাজী পাৰ্কিং, আই এছ বি টিৰ ওচৰত, সোণকুচি সোণালী সংঘ খেলপথাৰ, ছাগলপাৰা ৰোডৰ পাৰ্কিংৰ ব্যৱস্থা কৰা হৈছে। 
 
অসামৰিক আৰু আৰক্ষী প্ৰশাসনৰ বাহনৰ বাবে দক্ষিণ গুৱাহাটী জুনিয়ৰ কলেজ, হকী ষ্টেডিয়াম ৰোড, হকী ষ্টেডিয়ামত আৰু আৰক্ষী/নিৰাপত্তা বাহিনীৰ কৰ্মী কঢ়িয়াই অনা বাহনৰ বাবে পুৰণি ৰাষ্ট্ৰীয় ঘাইপথ পাৰ্কিং, কালী মন্দিৰ পথ, নিউ তামুলী, কালী মন্দিৰ পথত পাৰ্কিংৰ ব্যৱস্থা কৰা হৈছে।