লাডাখক সম্পূৰ্ণ ৰাজ্যৰ মৰ্যাদা প্ৰদানৰ দাবীৰ জলবায়ু কৰ্মী সোণম ৱাংচুকক গ্ৰেপ্তাৰ

Story by  atv | Posted by  Munni Begum • 2 h ago
জলবায়ু কৰ্মী সোণম ৱাংচুক
জলবায়ু কৰ্মী সোণম ৱাংচুক
 
শ্ৰীনগৰ
 
লেহত হিংসাত্মক ৰূপ ধাৰণ কৰা শান্তিপূৰ্ণ বন্ধৰ পিছত ৪ জন লোকৰ মৃত্যু আৰু ৭০ জনতকৈ অধিক লোক আহত হোৱাৰ কেইদিনমানৰ পাছত শুকুৰবাৰে জলবায়ু কৰ্মী সোণম ৱাংচুকক ৰাষ্ট্ৰীয় নিৰাপত্তা আইন (এন এছ এ)ৰ অধীনত গ্ৰেপ্তাৰ কৰা হয়।
 
এক সূত্ৰই জনোৱা মতে, ৱাংচুকক লেহ বিমানবন্দৰলৈ লৈ যোৱা হয়, আৰু তেওঁক লাডাখৰ বাহিৰৰ কোনো স্থানলৈ স্থানান্তৰিত কৰাৰ প্ৰস্তুতি চলি আছে। তেওঁলোকে কয় যে, জলবায়ু কৰ্মী গৰাকীক দিল্লীলৈ লৈ যোৱাৰ সম্ভাৱনা আছে।
 
বুধবাৰে সংঘৰ্ষৰ পিছত কৰ্তৃপক্ষই লেহত সান্ধ্য আইন জাৰি কৰাৰ বিপৰীতে ৱাংচুকেও দুসপ্তাহৰ অনশন বাতিল কৰি ৰাজ্য গঠন আৰু লাডাখক সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ আহ্বান জনায়।
 
এদিন পিছত চৰকাৰে ৱাংচুকক এই  অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে দোষাৰোপ কৰি তেওঁৰ 'উদ্দ্যক্ত বক্তব্য' আৰু বিষয়া আৰু লাডাখী প্ৰতিনিধিৰ মাজত চলি থকা আলোচনাত অসন্তুষ্ট 'ৰাজনৈতিকভাৱে প্ৰেৰিত' গোটৰ কাৰ্য্যই প্ৰতিবাদকাৰীক উচটনি দিয়াৰ অভিযোগ উত্থাপন কৰে। 
 
লেহ এপেক্স বডী (এল এ বি) আৰু কাৰ্গিল ডেম’ক্ৰেটিক এলায়েন্স (কে ডি এ)ৰ সৈতে ৱাংচুকৰ নেতৃত্বত চলা আন্দোলন দুটা মূল দাবীক কেন্দ্ৰ কৰিছিল। প্ৰথম হৈছে লাডাখক সম্পূৰ্ণ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা আৰু জনজাতীয় অঞ্চলৰ বাবে বিশেষ সুৰক্ষা প্ৰদান কৰা  আৰু দ্বিতীয়টো হৈছে, সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত লাডাখক অন্তৰ্ভুক্ত কৰা।
 
এই আন্দোলনৰ ফলত বুধবাৰৰ হিংসাত্মক পৰিস্থিতিৰ পিছত কৰ্তৃপক্ষই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আনহাতে, ৱাংচুকে প্ৰতিষ্ঠা কৰা লাডাখৰ ছাত্ৰ শিক্ষা আৰু সাংস্কৃতিক আন্দোলনৰ (Students’ Educational and Cultural Movement of Ladakh, SECMOL) বিদেশী অনুদান নিয়ন্ত্ৰণ আইনৰ (এফ চি আৰ এ) অনুজ্ঞাপত্ৰ বাতিল কৰিছে কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰণালয়ে। 
 
ইয়াৰ উপৰি লেহ আৰক্ষীয়ে একাধিক এফ আই আৰ ৰুজু কৰিছে। সংঘৰ্ষৰ অভিযোগত অভিযুক্ত ৫০ জনতকৈ অধিক লোকক আটক কৰিছে আৰু অশান্তিৰ উচটনি দিয়াৰ সন্দেহযুক্ত লোকৰ বিৰুদ্ধে অধিক ব্যৱস্থা গ্ৰহণৰ ইংগিত দিছে। উল্লেখ্য যে, এই সংঘৰ্ষৰ সময়ত বিজেপি আৰু লাডাখ স্বায়ত্তশাসিত পাৰ্বত্য উন্নয়ন পৰিষদকে ধৰি কেইবাটাও চৰকাৰী আৰু ৰাজনৈতিক কাৰ্যালয় ভাঙি পেলোৱা হয়।