বান পৰিস্থিতিৰ বুজ লোৱাৰ বাবে ক্ষতিগ্ৰস্ত অঞ্চল ভ্ৰমণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ; ৯ আগষ্টৰ পৰা আৰম্ভ হ’ব ৰাজ্যজোৰা ক্ষয়-ক্ষতিৰ মূল্যায়ন

Story by  atv | Posted by  Munni Begum • 12 h ago
বান পৰিস্থিতিৰ বুজ লোৱাৰ বাবে ক্ষতিগ্ৰস্ত অঞ্চল ভ্ৰমণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
বান পৰিস্থিতিৰ বুজ লোৱাৰ বাবে ক্ষতিগ্ৰস্ত অঞ্চল ভ্ৰমণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
 
গুৱাহাটী
 
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে ৰাজ্যৰ সৰ্বাধিক বানাক্ৰান্ত জিলাসমূহলৈ ভ্ৰমণ আৰম্ভ কৰে। এই ভ্ৰমণৰ সময়ত তেওঁ চলি থকা সাহায্য আৰু উদ্ধাৰ কাৰ্যৰ বুজ লোৱাৰ লগতে ক্ষয়-ক্ষতিৰ সঠিক মূল্যায়ন প্ৰক্ৰিয়াৰ প্ৰস্তুতিও পৰ্যালোচনা কৰিব।
 
ইফালে, ৰাজ্যৰ সামগ্ৰিক বান পৰিস্থিতিৰ কিছু উন্নত হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (ASDMA)ৰ শেহতীয়া তথ্য অনুসৰি, বানত ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা হ্ৰাস পাই এতিয়া ১,৭৮,০০০লৈ নামিছে। 
 
বৰ্তমান গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, বজালী, ধেমাজি, শোণিতপুৰ আৰু যোৰহাট জিলাৰ ৩৪৯খন গাঁও এতিয়াও বানৰ কবলত আছে। বিগত ২৪ ঘণ্টাত কোনো নতুন মৃত্যুৰ ঘটনা নঘটাত বানত মৃতকৰ সংখ্যা ৮২তেই স্থিৰ হৈ আছে। 
 
চৰাইদেউ জিলাত সৰ্বাধিক ৭৫,১৯৯জন লোক আৰু শিৱসাগৰ জিলাত ৫৮,৮২৪জন লোক এতিয়াও বানৰ প্ৰভাৱত আছে। উল্লেখ্য যে, শুকুৰবাৰে ৰাজ্যত প্ৰায় ১.৯২ লাখ লোক বানত ক্ষতিগ্ৰস্ত হোৱা বুলি জানোৱা হৈছিল। 
 
বৰ্তমান বানপীড়িতসকলৰ বাবে ৪৪টা সাহায্য শিবিৰত প্ৰায় ১৫ হাজাৰ লোকে আশ্ৰয় লৈ আছে। ইয়াৰ উপৰিও ১৭টা সাহায্য বিতৰণ কেন্দ্ৰৰ জৰিয়তে ৫,৫৬৯জন লোকক সহায় আগবঢ়োৱা হৈছে। 
 
বানপানীয়ে কৃষিক্ষেত্ৰতো ব্যাপক ক্ষতি কৰিছে। এতিয়াও ১৫,০৬০ হেক্টৰ কৃষিভূমি পানীৰ তলত আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি, বানত ১,৫৪৩টা পশুধন উটি গৈছে, আনহাতে ৬,৭৬৫টা পশুধন এতিয়াও বানৰ প্ৰভাৱত আছে। 
 
বানাক্ৰান্ত অঞ্চললৈ ৰাওনা হোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক অসমলৈ আগবঢ়োৱা সহায়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেওঁলোকে ৰাজ্যৰ বাবে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ (SDRF) অধীনত ৩৭৯.৩৫ কোটি টকা মুকলি কৰাৰ লগতে ক্ষয়-ক্ষতি মূল্যায়নৰ বাবে কেন্দ্ৰীয় আন্তঃমন্ত্ৰালয় দল প্ৰেৰণ কৰিছে। 
 
সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীয়ে কয়, "অলপ সময়ৰ পিছতেই মই ডিব্ৰুগড় পাম আৰু তাৰ পিছত বানাক্ৰান্ত অঞ্চলসমূহ ভ্ৰমণ কৰি ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে মত-বিনিময় কৰিম। চলি থকা সাহায্য কাৰ্য পৰ্যালোচনা কৰাৰ লগতে ক্ষতিগ্ৰস্তসকলে যাতে উপযুক্ত ক্ষতিপূৰণ লাভ কৰে, তাৰ বাবে এক নিৰ্ভুল মূল্যায়ন প্ৰক্ৰিয়াৰ ভেটি স্থাপন কৰা হ’ব।"  
 
ইয়াৰ পূৰ্বে শনিবাৰে মুখ্যমন্ত্ৰীয়ে শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ উপায়ুক্তসকলৰ সৈতে এক ভাৰ্চুৱেল পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰি সাহায্য আৰু পুনৰ সংস্থাপন কাৰ্যৰ অগ্ৰগতি পৰ্যালোচনা কৰে। 
 
মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে (CMO) জনোৱা মতে, ৩ আগষ্টৰ পৰা আৰ্থিক সাহায্য বিতৰণ নিশ্চিত কৰিবলৈ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ তালিকা অতি শীঘ্ৰে দাখিল কৰাৰ নিৰ্দেশ দিয়া হৈছে। লগতে সাহায্য সামগ্ৰী বিতৰণ অব্যাহত ৰখা, ১০ আগষ্টত বিদ্যালয় পুনৰ মুকলি হোৱাৰ পূৰ্বে শিক্ষানুষ্ঠানসমূহৰ ক্ষয়-ক্ষতিৰ মূল্যায়ন সম্পূৰ্ণ কৰা আৰু ক্ষতিগ্ৰস্ত নামঘৰসমূহৰ তালিকা দাখিল কৰিবলৈও নিৰ্দেশ দিয়া হৈছে।
 
ইয়াৰ লগতে ৯ আগষ্টৰ পৰা সমগ্ৰ ৰাজ্যজুৰি এক বিস্তৃত বানজনিত ক্ষয়-ক্ষতিৰ মূল্যায়ন অভিযান আৰম্ভ হ’ব বুলিও মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে জানিবলৈ দিয়ে।