১১১ টকাকৈ বৃদ্ধি পালে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য

Story by  atv | Posted by  [email protected] • 1 Months ago
১১১ টকাকৈ বৃদ্ধি পালে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য
১১১ টকাকৈ বৃদ্ধি পালে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য
 
নতুন দিল্লী
 
ভাৰতত আজিৰে পৰা বৃদ্ধি পালে বাণিজ্যিক চিলিণ্ডাৰৰ দাম। নৱবৰ্ষৰ প্ৰথম দিনটোতে আজি বাণিজ্যিক চিলিণ্ডাৰৰ দাম ১১১ টকাকৈ বৃদ্ধি পালে। ১৯ কেজি বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য আজি ১১১ টকাকৈ বৃদ্ধি পাই হয়গৈ ১,৬৯১ টকা। পূর্বে এই চিলিণ্ডাৰৰ মূল্য আছিল ১,৫৮০ টকা।
 
দেশৰ বাণিজ্যিক চহৰ মুম্বাইত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ'লগৈ ১,৬৪২.৫০ টকা। উল্লেখযোগ্য, বাণিজ্যিক চিলিণ্ডাৰৰ দাম আজি বৃদ্ধি পোৱাৰ লগে লগে হোটেল-বেষ্টুৰেণ্টৰ স্বত্বাধিকাৰীৰ মাজত স্বাভাৱিকতে উদ্বেগৰ সৃষ্টি হৈছে।
 
স্মর্তব্য যে বিশ্ববজাৰৰ সৈতে সামঞ্জস্য ৰাখি প্রতিমাহত নতুনকৈ বাণিজ্যিক গেছৰ দাম নির্ধাৰণ কৰা হয়। সেই অনুসৰি নতুন বছৰৰ প্ৰথম দিনটোত এইদৰে দাম বাঢ়িল। ৰাজধানী দিল্লীত আজি বাণিজ্যিক গেছৰ দাম বৃদ্ধি পাই হ'লগৈ ১,৬৯১ টকা। পূর্বে ইয়াৰ মূল্য আছিল ১,৫৮০ টকা।