গুৱাহাটীত অনুষ্ঠিত হ'ব CRPFৰ বাৰ্ষিক পেৰেড

Story by  atv | Posted by  Munni Begum • 2 h ago
চিআৰপিএফৰ সঞ্চালক প্ৰধান জি পি সিং, জ্যেষ্ঠ বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
চিআৰপিএফৰ সঞ্চালক প্ৰধান জি পি সিং, জ্যেষ্ঠ বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
 
গুৱাহাটী
 
চিআৰপিএফৰ বাৰ্ষিক পেৰেড প্ৰথমবাৰৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ গুৱাহাটীত অনুষ্ঠিত হ'ব বুলি বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰিছে। ২০২৬ চনৰ প্ৰথম ভাগত এই পেৰেড অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।
 
অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে গুৱাহাটীত চিআৰপিএফৰ বাৰ্ষিক পেৰেড অনুষ্ঠিত গুৱাহাটীত অনুষ্ঠিত হ'বলৈ গৈ আছে বুলি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়(CMO)-এ X হেণ্ডেলযোগে প্ৰকাশ কৰিছে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে লোকসেৱা ভৱনত চিআৰপিএফৰ সঞ্চালক প্ৰধান জি পি সিঙকে ধৰি জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এই সন্দৰ্ভত প্ৰাৰম্ভিক আলোচনাত মিলিত হয়।