উত্তৰাখণ্ড, হিমাচলত প্ৰাকৃতিক দূৰ্যোগত ১৮ জনৰ মৃত্যু

Story by  atv | Posted by  [email protected] • 2 h ago
উত্তৰাখণ্ডত প্ৰকৃতিৰ ৰুদ্ৰৰূপ
উত্তৰাখণ্ডত প্ৰকৃতিৰ ৰুদ্ৰৰূপ
 
নতুন দিল্লী

ডাৱৰ বিস্ফোৰণ আৰু ভূমিস্খলনে উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশৰ পাহাৰীয়া অঞ্চলসমূহত পুনৰ দূৰ্যোগৰ সৃষ্টি কৰিছে। ইয়াৰ ফলত কমেও ১৮ জন লোকৰ মৃত্যু, ২০ জন নিৰুদ্দেশ আৰু শ শ লোক আৱদ্ধ হৈ পৰাৰ খবৰ পোৱা গৈছে।
 
এই সপ্তাহত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত নদীৰ পানী উফন্দি উঠিছে, আৰু ধাৰাবাহিকভাৱে হৈ থকা ভূমিস্খলনে ঘৰ-পথ বিধ্বস্ত কৰি পেলাইছে। বহু বাহন পথৰ ওপৰত আৱদ্ধ হৈ পৰিছে আৰু যাতায়ত ব্যৱস্থা বন্ধ হৈ পৰিছে। উত্তৰাখণ্ডত ১৫ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১৬ জন লোকৰ হিচাপ নাই বুলি ৰাজ্যৰ বিষয়াসকলে জানিবলৈ দিয়ে।
ৰাজ্যিক জৰুৰীকালীন অভিযান কেন্দ্ৰৰ তথ্য অনুসৰি এন ডি আৰ এফ, এছ ডি আৰ এফ আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দলে উদ্ধাৰ কৰাৰ পূৰ্বে বিভিন্ন স্থানত ৯০০ৰো অধিক লোক আবদ্ধ হৈ আছিল। ধাৰাসাৰ বৃষ্টিপাতে ডেৰাডুন জিলাক আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত কৰে। ৰাজ্যখনৰ ৰাজধানীত তেৰজন লোকৰ মৃত্যু হয়। ইয়াৰ ভিতৰত উত্তৰ প্ৰদেশৰ মোৰাদাবাদ জিলাৰ আঠজন বাসিন্দাও আছে। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে মৃতকৰ পৰিয়ালক ২ লাখ টকা ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে।