লাডাখক ৰাজ্যৰ স্বীকৃতি দিয়াৰ দাবীত হিংসাত্মক প্ৰতিবাদ; ৪ জন নিহত

Story by  atv | Posted by  [email protected] • 9 h ago
লাডাখত হিংসাত্মক প্ৰতিবাদ
লাডাখত হিংসাত্মক প্ৰতিবাদ
 
লাডাখ

লাডাখক ৰাজ্যৰ স্বীকৃতি আৰু ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবীত বুধবাৰে বিক্ষোভকাৰীয়ে কৰা প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰে। ইয়াৰ ফলত কমেও চাৰিজন লোক নিহত হোৱাৰ লগতে ৭০ জনতকৈ অধিক লোক আহত হয়। কৰ্তৃপক্ষই সমগ্ৰ অঞ্চলটোত সান্ধ্য আইন জাৰি কৰি পাঁচজনতকৈ অধিক লোকৰ সমাৱেশত নিষেধাজ্ঞা আৰোপ কৰে।
 
প্ৰতিবাদকাৰীয়ে স্থানীয় বিজেপিৰ কাৰ্যালয়ত অগ্নিসংযোগ কৰাৰ লগতে এখন বাহনকো জ্বলাই দিয়ে। হিংসাত্মক পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে কন্দুৱা গেছ আৰু লাঠিৰে প্ৰতিবাদকাৰীক আক্ৰমণ কৰে।
এই অশান্তিৰ পাছতে লেহ লাডাখত কেন্দ্ৰীয় প্ৰশাসনে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা (বিএনএছএছ), ২০২৩ৰ ১৬৩ ধাৰা অনুসৰি সান্ধ্য আইন জাৰি কৰে আৰু লেহত প্ৰতিবাদ আৰু সমাৱেশত নিষেধাজ্ঞা আৰোপ কৰিছে। লেহ এপেক্স বডি (এল এ বি)ৰ যুৱ শাখাই আহ্বান কৰা এই আন্দোলনটো লাডাখৰ ৰাজ্যৰ স্বীকৃতি আৰু সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্তিৰ বাবে চলি থকা আন্দোলনৰ অংশ আছিল।
 
উল্লেখ্য যে, লাডাখ পূৰ্বৰ জম্মু-কাশ্মীৰ ৰাজ্যৰ অংশ আছিল আৰু ২০১৯ চনৰ ৫ আগষ্টত ৩৭০ অনুচ্ছেদ বাতিল হোৱাৰ পিছত পোনপটীয়াকৈ কেন্দ্ৰৰ নিয়ন্ত্ৰণলৈ অহা কেন্দ্ৰীয় শাসিত অঞ্চলত পৰিণত হৈছিল। কেন্দ্রীয় শাসিত অঞ্চল জম্মু আৰু কাশ্মীৰৰ লগতে লাডাখৰ জনসাধাৰণে তেতিয়াৰ পৰাই স্বতন্ত্ৰ ৰাজ্যৰ দাবী উত্থাপন কৰি আহিছে৷