উল্লেখ্য যে, ক্ষতিগ্ৰস্ত অঞ্চলটো পবিত্ৰ গংগোত্ৰী ধামৰ ওচৰতে অৱস্থিত। পৰ্যটকসকলে ৰেকৰ্ড কৰা এটা দৃশ্যত দেখা গৈছে যে পাহাৰৰ পৰা ধ্বংসাৱশেষ কঢ়িয়াই নিয়া এটা প্ৰলয়ংকাৰী ঢৌৱে এফালৰ পৰা কেইবাটাও ঘৰ আৰু গছ-গছনি বুৰাই পেলাইছে। এজন প্ৰত্যক্ষদৰ্শীয়ে কয় যে হোটেলৰ পৰা বজাৰলৈকে সকলো ধ্বংস হৈছে আৰু তেওঁ আগতে কেতিয়াও এনেকুৱা প্ৰাকৃতিক দুৰ্যোগৰ সাক্ষী হোৱা নাই।Cloudburst and flash flood in Uttarakhand.
— Mufaddal Vohra (@mufaddal_vohra) August 5, 2025
- Praying for everyone's safety! 🙏❤️pic.twitter.com/OfnSoYL5XA
উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে এই ঘটনাক গভীৰভাৱে বেদনাদায়ক বুলি অভিহিত কৰি কয় যে তেওঁ জ্যেষ্ঠ বিষয়াৰ সৈতে অহৰহ যোগাযোগত আছে। "ধৰালী (উত্তৰকাশী)ত ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা ধ্বংসলীলাৰ খবৰ অত্যন্ত দুখজনক। এছডিআৰএফ, এনডিআৰএফ, জিলা প্ৰশাসন আৰু অন্যান্য আনুষংগিক দলসমূহে যুদ্ধকালীন তৎপৰতাৰে কাম কৰি আছে। মই সকলোৰে সুৰক্ষাৰ বাবে প্ৰাৰ্থনা কৰিছো।"-এক্সত এটা পোষ্টত এইদৰে কয় ধামীয়ে।#MudslideReliefOperations#HADR
— ADG PI - INDIAN ARMY (@adgpi) August 5, 2025
Update: 📍 Landslide at Dharali, Uttarakhand
05 August 2025
A landslide struck near Dharali village, approximately 4 km from the Indian Army Camp at Harshil, at around 1:45 PM today.
Responding with urgency, the #IndianArmy swiftly mobilised… pic.twitter.com/e8QajmsvFr