অঞ্জু শাণ্ডিল্য
এনেকৈ বাৰু যাওঁ বুলি গুচি যাব পাৰেনে! অসমখনক ইমান ভালপোৱা শিল্পীজনে বাৰু সুদূৰ ছিংগাপুৰতহে অন্তিম শয়নত পৰিব লাগেনে? খবৰটো পোৱাৰ লগে লগে যে অসমখনত কান্দোনৰ ৰোল উঠিল। আমিও ৰ'ব পৰা নাছিলো। আমাৰো মন শৈশৱ-কৈশোৰ কাললৈ উৰা মাৰিছে। ১৯৮৫ নে ৮৬ চন পাহৰিছো, আমাৰ যোৰহাটৰ ঘৰৰ সন্মুখৰ পুলটোত আবেলি সময়ত বহি আছিলো পাকুন (জয়শ্রী)ৰ সৈতে মৰমলগা ল'ৰা এটা আহি আমাৰ কাষত থিয় হ'ল। পাকুনে ল'ৰাটোক আমাৰ লগত চিনাকি কৰাই দি ক'লে- "এয়া গল্ডি, আমাৰ মামাৰ ল'ৰা। তামুলপুৰত থাকে। গৰমৰ বন্ধত ফুৰিবলৈ আহিছে।"
ল'ৰাটোৰ ফালে চালো। ভৰিত মোজাবিহীন স্পর্টছ শ্বু, জলহু হাফপেন্ট, টি-ছার্ট পৰিহিত ল'ৰাটোৰ মুখত মিচিকিয়া হাঁহি। আমাৰ কাষতে বহি দীঘল চুলিকোছা চুই চালে। সেয়াই প্রথম দেখা। স্কুলৰ বন্ধত যোৰহাটলৈ আহিলে, পাচতো মাজে মাজে লগ পাই থকা হ'লো। এটা সময়ত তামুলপুৰৰ পৰা আহি গল্ডিহঁত যোৰহাটৰ বঙালপুখুৰীত থাকিবলৈ ল'লে। যোৰহাট সংগীত বিদ্যালয়ত তবলা শিকিবলৈ লোৱাত, গল্ডিক সঘনাই লগ পোৱা হ'লো। ১৯৯৩ চনত আমি গুৱাহাটীলৈ আহো আৰু গল্ডিয়েও বি বৰুৱা কলেজত নামভর্তি কৰে।
জুবিন গাৰ্গে মঞ্চত গীত পৰিবেশন কৰাৰ এক মূহুৰ্ত
তবলা, কীব'র্ড বজোৱা গল্ডিয়ে 'অনামিকা' গীতৰ সংকলনত গীত গোৱাত গোটেই অসমৰ মানুহে চিনি পোৱা হ'ল। লাহে লাহে অসংখ্য সংকলন, ভি চি ডি ছবি, কেছেটত গল্ডিৰ গীতেৰে ৰজনজনাই থকা হ'ল। ৰাষ্ট্রীয়, আন্তঃৰাষ্ট্ৰীয় পর্যায়তো গল্ডি উজলি উঠিল। 'অনামিকা'ৰ পৰা বর্তমানলৈকে গল্ডিয়ে সংগীত, ছবি, বানাক্রান্ত, অসমৰ জ্বলন্ত সমস্যাৰ বাবে ক'ত, কি, কিমান কৰিলে, সেইবোৰ উল্লেখ কৰিলে এখন মহাভাৰত হ'বগৈ। তথাপি জনাই সকলো জানে।
জুবিন গাৰ্গ বুলিলে শিশুৰ পৰা বৃদ্ধলৈ সকলোৱে ভালপোৱা হ'ল। এৰা, গল্ডিক জুবিন গাৰ্গ বুলিহে সকলোৱে জানে, চিনি পায়। শৈশৱৰ সেই মৰমলগা, আপোনভোলা, মানুহক সহায় কৰি ভালপোৱা গল্ডিটোৱে জুবিন গাৰ্গ হৈ মাজে মাজে বিতর্কত সোমাই পৰে, নক'ব লগা কথা কয়, উদ্ভণ্ডালি কৰে। কেতিয়াবা তাক খঙতে ফোনযোগে কওঁ ---
: কিয়, কিয় এনেকুৱা কৰিছ কচোন? ইমান ভাল পায় তোক মানুহবোৰে! এনেকুৱা কৰি থাকিলে তোক কোনে ভাল পাব? বহুতে বেয়া পাইছে জাননে?
: আজি বেয়া পাইছে, কাইলৈকে মোক আকৌ ভাল পাব। আৰু তই ভাল পাৱ কাৰণেই মোক এনেকৈ ক'ব পাৰিছ। আৰু কওঁতে যে তোৰ চকুপানী-কান্দোন ওলাইছে মই গম পাইছো।
জুবিন গাৰ্গে কী-বোৰ্ড বজোৱা এক মূহুৰ্ত
সঁচাই আমাৰ চকপানী-কান্দোন ওলাইছিল। জুবিনক ভালপোৱা অসংখ্য লোকৰ চকুপানী-কান্দোন ওলায়, যেতিয়া জুবিন বিতর্কত সোমাই পৰে, নক'ব লগা কথা কয়, উৎপাত-উদ্ভণ্ডালি কৰে। সকলোৱে বিচাৰে জুবিন গাৰ্গ সোণৰ দৰে উজলি থাকক। গল্ডি, গল্ডি হৈ থাকক। সংগীত, কলা-কৃষ্টিৰ সোণালী যাত্রা অব্যাহত থাকক।
কিন্তু নাথাকিল। গুচি গ'ল গল্ডি। আৰু সকলোকে কন্দুৱাই, শোকৰ সাগৰত ডুবাই কোনোদিন নহা বাটেৰে গুচি গ'ল। দুদিনমানৰ আগতে ফোনত কথা পাতিছিলো, তেতিয়া কৈছিল- 'আহিবিচোন, মোৰ ষ্টুডিঅ'লৈ। বহুত দিন লগ পোৱা নাই।' কিন্তু যোৱা নহ'ল আৰু শেষৰবাৰৰ কাৰণে ওচৰৰ পৰা নেদেখিলো। তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক। পৰিয়ালৰ সকলোকে সমবেদনা জ্ঞাপন কৰিছো।