ফুটবলক সমাজ পৰিৱৰ্তনৰ আহিলা হিচাপে ব্যৱহাৰ কৰা আনোৱাৰুল হক

Story by  atv | Posted by  Munni Begum • 6 h ago
আনোৱাৰুল হক
আনোৱাৰুল হক
 
জেব আখতাৰৰ দ্বাৰা
 
ভৱিষ্যতৰ সপোন ৰচা এজন শিক্ষক, যিয়ে ফুটবলক সমাজ পৰিৱৰ্তনৰ আহিলা হিচাপে ব্যৱহাৰ কৰিছে। ঝাৰখণ্ডৰ চাদ্ৰী গাঁৱৰ দৰিদ্ৰ পটভূমিৰ শিশুসকলক শিক্ষা আৰু ক্ৰীড়াৰ সৈতে সংযোগ কৰি তেওঁ প্ৰমাণ কৰিছে যে, একাগ্ৰতা, অধ্যৱসায় আৰু সদিচ্ছাই অন্ধকাৰময় জীৱনতো আশা কিৰণ জ্বলাব পাৰে। তেওঁ ফুটবলৰ জৰিয়তে গঢ়ি তুলিছে ভৱিষ্যতৰ নতুন প্ৰজন্মক, যিসকলে কেৱল খেলপথাৰত নহয়, জীৱনৰ প্ৰতিখন মঞ্চতে প্ৰতিযোগিতা কৰিবলৈ প্রস্তুত। তেওঁ হৈছে ঝাৰখণ্ডৰ কাংকে ব্লকৰ চাদ্ৰী গাঁৱৰ বাসিন্দা আনোৱাৰুল হক। 
 
দৰিদ্ৰ শিশুসকলৰ ভৱিষ্যত গঢ়াৰ বাবে আনোৱাৰুল হকে এক অনন্য পদক্ষেপ আৰম্ভ কৰিছে, য'ত তেওঁ দিনত ল’ৰা-ছোৱালীক ফুটবল শিকাই আৰু নিশা সিহঁতক পঢ়ুৱাই। মাত্ৰ তিনি বছৰৰ ভিতৰতে তেওঁৰ এই প্ৰচেষ্টাই বহু শিশুৰ জীৱন সলনি কৰিবলৈ সক্ষম হৈছিল, যিসকল শিশুৰ বাবে শিক্ষা আৰু ক্ৰীড়া দুয়োটায়ে দূৰৈৰ বিলাসীতা আছিল।  
 
আনোৱাৰুল হক তেওঁৰ একাডেমীৰ ল'ৰা-ছোৱালীবোৰৰ সৈতে
 
খেতিপথাৰৰ পৰা ফুটবলৰ খেলপথাৰলৈকে 
 
ৰাঁচীৰ এখন আৱাসিক ছোৱালী বিদ্যালয়ৰ ক্ৰীড়া শিক্ষক আনোৱাৰুল হকে নিজৰ কামৰ উৰ্দ্ধত গৈ সমাজলৈ পৰিৱৰ্তন অনাৰ এক সিদ্ধান্ত গ্ৰহণ কৰিছিল। ২০২১ চনত তেওঁৰ গাঁও আৰু ওচৰৰ অঞ্চলৰ শিশুসকলৰ অৱস্থা দেখি বিচলিত হৈ পৰিছিল। কিয়নো সেই অঞ্চলবোৰৰ অধিকাংশ শিশুৱেই দৈনিক মজুৰিৰে জীয়াই থকা পৰিয়ালৰ আছিল। যিসকলৰ বহুতে পৰিস্থিতিৰ বাধ্য হয় স্কুল এৰিবলগীয়া হোৱাৰ উপৰিও বেয়া সংগতও পৰিছিল। তেওঁ উপলব্ধি কৰিছিল যে, এই শিশুসকলক জীৱনত আগবঢ়াই লৈ যোৱাৰ একমাত্ৰ পথ হৈছে তেওঁলোকক শিক্ষা আৰু ক্ৰীড়াৰ সৈতে সংযোগ কৰা। কিন্তু ইয়াৰবাবে আনোৱাৰুলৰ ওচৰত কোনো ভূমি তথা কোনো সম্পদ নাছিল।
 
নিৰুৎসাহিত আনোৱাৰুলে গাঁৱৰ নিজৰ কৃষিভূমিকে সমতল কৰি ফুটবলৰ খেলপথাৰলৈ ৰূপান্তৰ কৰিছিল। শস্যৰ বতৰত তেওঁ বিকল্প ঠাই বিচাৰিছিল, তেনে সুবিধাজনক ঠাই নাপাই বহু কষ্টৰ মাজতো তেওঁৰ অধ্যৱসায় আৰু ল’ৰা-ছোৱালীৰ উৎসাহে লাহে লাহে অসম্ভৱক বাস্তৱত পৰিণত কৰিছিল।      

সংগ্ৰাম আৰু সন্দেহবাদ
 
পিতৃ-মাতৃসকলক নিজৰ সন্তানক খেলা আৰু পঢ়াৰ বাবে পঠিয়াবলৈ পতিয়ন নিয়াব পৰাটো আনোৱাৰুলৰ বাবে কোনো সহজ কাম নাছিল। দৰিদ্ৰ পৰিয়ালৰ বহু অভিভাৱকে কেতিয়াও জনা নাছিল যে, ফুটবলে তেওঁলোকৰ সন্তানক কেনেদৰে আগুৱাই লৈ যাব পাৰে।
 
দিব্যানী আৰু প্ৰশিক্ষক আনোৱাৰুল হক
 
আনকি একাংশলোকে আনোৱাৰুলে এইবোৰ ব্যক্তিগত স্বাৰ্থৰ বাবে কৰিছে বুলিও উৰাবাতৰি বিয়পাইছিল। তথাপিও তেওঁ হতাশ হৈ পৰা নাছিল। তেওঁ প্ৰত্যেক শিশুৰে ঘৰলৈ গৈ পিতৃ-মাতৃসকলক আশ্বাস দিছিল যে, তেওঁলোকৰ সন্তানে দিনত ফুটবল খেলিব আৰু নিশা পঢ়িব। লাহে লাহে তেওঁৰ প্ৰতি মানুহৰ বিশ্বাস গঢ় লৈ উঠিছিল আৰু ল’ৰা-ছোৱালীসকলেও তেওঁৰ সৈতে যোগ দিবলৈ আৰম্ভ কৰিছিল। 

চাৰিগৰাকী ছোৱালীৰ পৰা ১৫০ টা শিশুলৈ 
 
মাত্ৰ চাৰিজনী ছোৱালীৰ পৰা আৰম্ভ কৰা আনোৱাৰুলৰ এই পদক্ষেপ এক আন্দোলনলৈ পৰিণত হৈছিল। বৰ্তমান তেওঁৰ ষ্টাৰ ৱাৰিয়ৰ্ছ ক্লাবে কাংকে আৰু অৰমানঝিৰ প্ৰায় ১৫০ টা শিশুক ফুটবলৰ প্ৰশিক্ষণ প্ৰদান কৰি আছে। আজি ৬০ ৰ পৰা ৬৫ টা শিশু তেওঁ এই ক্লাবৰ সক্ৰিয় অংশ আৰু ১৪ গৰাকী ছোৱালীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত প্ৰতিনিধিত্ব কৰি আছে। আটাইতকৈ ডাঙৰ সফলতাৰ কাহিনী হৈছে  ক্লাবৰ দিব্যানী লিণ্ডাৰ, যিগৰাকীয়ে ভাৰতৰ ১৭ বছৰ অনুৰ্ধ মহিলা ফুটবল দলত স্থান লাভ কৰাৰ লগতে এতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলি আছে। 
 
দিব্যানী লিণ্ডাৰ কাহিনী 
 
দিব্যানীৰ এই যাত্ৰাত আনোৱাৰুলৰ কৰ্মৰ প্ৰকৃত প্ৰভাৱ প্ৰতিফলিত হৈছে। দিব্যানীৰ দেউতাকৰ মৃত্যুৰ পিছত মাকে শ্ৰমিক হিচাপে কাম কৰি পৰিয়াল চলাই আহিছে। দিব্যানীৰ সৰু ভায়েকৰ ভৰি ভাঙি বিচনাত পৰি আছিল। দিব্যানীয়ে ফুটবলৰ পৰাই জীৱনত আগুৱাই যোৱাৰ আত্মশক্তি লাভ কৰিছিল। আনোৱাৰুলৰ নিৰ্দেশনাত তেওঁ ৰাষ্ট্ৰীয় দলত স্থান লাভ কৰিছিল আৰু এতিয়া বিদেশত ভাৰতক প্ৰতিনিধিত্ব কৰি আছে।  দিব্যানীয়ে ফুটবলৰ পৰা উপাৰ্জন কৰা টকাখিনি ভায়েকৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰিব। 
 
আনোৱাৰুল হক তেওঁৰ একাডেমীৰ এজন ছাত্ৰী আৰু পিতৃ-মাতৃৰ সৈতে
 
আনোৱাৰুলৰ বাবে এইটোৱেই হব ডাঙৰ পুৰস্কাৰ। তেওঁ কয় যে, দিব্যানীৰ দৰে ল'ৰা-ছোৱালীক দেখিলে এনে লাগে যেন আমাৰ প্ৰচেষ্টা সফল হৈছে। তেওঁলোকৰ আশাবাদী চকুৱেই আমাৰ প্ৰকৃত কৃতিত্ব।

ফুটবলৰ জৰিয়তে ছোৱালীক শক্তিশালী কৰা 
 
ছোৱালীসকলক খেলপথাৰ লৈ অনাটোহে আছিল আনোৱাৰুলৰ বাবে আন এক বৃহৎ প্ৰত্যাহ্বানৰ কাম। যেতিয়া তেওঁলোকে প্ৰথমবাৰৰ বাবে চুটি কাপোৰ পিন্ধি খেলপথাৰত ওলাই আহিছিল, তেতিয়া গাঁৱৰ মানুহে আপত্তি কৰিছিল। অভিভাৱকসকলেও দ্বিধাবোধ কৰিছিল। কিন্তু আনোৱাৰুলে ধৈৰ্য্যৰে তেওঁলোকক পতিয়ন নিয়াবলৈ সক্ষম হৈছিল। আজি ছোৱালীয়ে ক্লাবত ল'ৰাৰ সৈতে কান্ধত কান্ধ মিলাই থিয় হয়।
 
আনোৱাৰুলৰ এই পদক্ষেপে স্থানীয় স্বীকৃতি লাভ কৰিছে। সমাজকৰ্মী জগদীশ সিং জগ্গুৱে ধাৰাবাহিকভাৱে ক্লাবৰ সমৰ্থক হিচাপে কাম কৰি আহিছে, যদিও স্থানীয় আৰক্ষী আৰু বিষয়াসকলে প্ৰায়ে শিশুসকলক উৎসাহিত কৰিবলৈ ক্লাব ভ্ৰমণ কৰা পৰিলক্ষিত হয়। আনকি আন্তঃৰাষ্ট্ৰীয় হকী খেলুৱৈ নিকি প্ৰধানেও তেওঁলোকৰ মনোবল বৃদ্ধি কৰিছে। 
 
আনোৱাৰুল হক তেওঁৰ  বিজয়ী ল'ৰা-ছোৱালীবোৰ ৰ সৈতে
 
যোৱা আগষ্ট মাহত ছিংগাপুৰ আৰু মালয়েছিয়াৰ পৰা বিদেশী অতিথিসকলে ষ্টাৰ ৱাৰিয়ৰ্ছ ক্লাব ভ্ৰমণ কৰি ইয়াৰ প্ৰভাৱৰ ওপৰত গৱেষণা কৰিছিল। শিশুসকলৰ সংগ্ৰামত আপ্লুত হৈ তেওঁলোকে সমৰ্থন আগবঢ়োৱাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল।

বাকী থকা প্ৰত্যাহ্বানসমূহ
 
অগ্ৰগতিৰ দিশত সম্প্ৰতিও প্ৰত্যাহ্বানসমূহ অব্যাহত আছে। ইয়াৰ ভিতৰত মুখ্য হৈছে স্থায়ী ফুটবল খেলপথাৰৰ অভাৱ। যেতিয়া শিশুসকলে ৰাজ্যিক বা ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত জয়ী হৈ উভতি আহে, তেতিয়া তেওঁলোকক উদযাপন কৰা হয় আৰু বহুতে বহু প্ৰতিশ্ৰুতি দিয়ে। কিন্তু কিছু সময় পিছতে সকলো পাহৰি যায় বুলি আনোৱাৰুলে দুখ প্ৰকাশ কৰি কয়।  

ক্ৰীড়াৰ লগতে শিক্ষা
 
আনোৱাৰুলৰ দৃষ্টিভংগী ফুটবলৰ ক্ষেত্ৰখনৰ উৰ্দ্ধত আছিল। দিনত খেলপথাৰত ঘাম উলিয়াই, নিশা একেখিনি ল’ৰা-ছোৱালীকে তেওঁৰ লগত পঢ়ুৱাই। তেওঁৰ মতে, শিক্ষা আৰু ক্ৰীড়াৰ সমন্বয়েহে এক সুদৃঢ় ভৱিষ্যত গঢ় দিব পাৰে। ক্লাবৰ সকলো শিশুৱেই পিছপৰা  ঠাইৰ পৰা আহিছে, যদিও তেওঁলোকৰ কষ্টবোৰে তেওঁলোকৰ শক্তি হৈ পৰিছে। কম সময়ৰ ভিতৰতে ক্লাবটোৱে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় দুয়োটা পৰ্যায়তে সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে।  
 

আনোৱাৰুল হক তেওঁৰ দুগৰাকী ছাত্ৰীৰ সৈতে
 
সামাজিক পৰিৱৰ্তনৰ বীজ
 
আনোৱাৰুলৰ কামে ক্ৰমান্বয়ে সমাজখনক ৰূপান্তৰিত কৰি আহিছে। শিশুসকলে ক্ৰীড়া আৰু শিক্ষাৰ উদ্দেশ্য বিচাৰি ড্ৰাগছ আৰু বেয়া প্ৰভাৱৰ পৰা আঁতৰি আহিছে। পৰিয়ালসমূহেও  শিশুসকলৰ এই পৰিৱৰ্তন দেখিবলৈ আৰম্ভ কৰিছে। ক্লাবলৈ বহু নেতা তথা বিষয়া আহিব পাৰে, যাব পাৰে, কিন্তু আনোৱাৰুলৰ বাবে প্ৰকৃত সন্তুষ্টি তেতিয়াহে আহে যেতিয়া খেলপথাৰত ল’ৰা-ছোৱালীয়ে জয়লাভ কৰে।
 
যিবোৰ গাঁৱত বঞ্চনাই বহু শিশুকে নিজৰ সপোন পৰিত্যাগ কৰিবলৈ বাধ্য কৰিছে, সেইবোৰ গাঁৱত চাদ্ৰীৰ ষ্টাৰ ৱাৰিয়ৰ্ছ ক্লাবে প্ৰমাণ কৰি দেখুৱাইছে যে, ইচ্ছা আৰু আত্মবিশ্বাস থাকিলে সকলোৱে সম্ভৱ হয়। আনোৱাৰুল হকে প্ৰমাণ কৰিছে যে, সৰু সৰু ব্যক্তিগত প্ৰচেষ্টাইও সমাজত ডাঙৰ পৰিৱৰ্তনৰ সূচনা কৰিব পাৰে। তেওঁৰ বাবে ফুটবল কেৱল এক খেল নহয়, ই সামাজিক পৰিৱৰ্তনৰ এক আহিলাও। তেওঁৰ সাহস আৰু দায়বদ্ধতা সঁচাকৈয়ে বহুত প্ৰশংসাৰ যোগ্য।