আজি সন্ধিয়া ৫ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

Story by  atv | Posted by  Munni Begum • 1 h ago
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
 
নতুন দিল্লী 
 
দেওবাৰে সন্ধিয়া ৫ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অৱশ্যে সন্ধিয়া তেওঁৰ ভাষণৰ বিষয়ক লৈ আনুষ্ঠানিকভাৱে কোনো কথা  প্ৰকাশ কৰা হোৱা নাই।
 
নৱৰাত্ৰিৰ প্ৰাকক্ষণত প্ৰধানমন্ত্ৰী মোদীয়ে এই ভাষণ  প্ৰদান কৰিব। আজিৰ পৰাই জি এছ টিৰ হাৰ কৰ্তন কৰা হ’ব, যাৰ ফলত কেইবাটাও সামগ্ৰীৰ মূল্য হ্ৰাস পাব। 
 
জি এছ টি সংস্কাৰৰ নতুন  স্তৰ হিচাপে পূৰ্বৰ চাৰিটা  স্তৰৰ পৰা দুটা স্তৰলৈ হ্ৰাস কৰা হৈছে। যি নৱৰাত্ৰিৰ প্ৰথম দিনা অৰ্থাৎ ২২ ছেপ্টেম্বৰৰ পৰা (সোমবাৰ) বলৱৎ কৰা হ’ব। 
 
তাৎপৰ্যপূৰ্ণভাৱে, প্ৰধানমন্ত্ৰীৰ এই ভাষণ এনে এটা সময়ত  প্ৰদান কৰিব,  যি সময়ত ৰাছিয়াৰ তেল ক্ৰয়ৰ ক্ষেত্ৰত ৱাশ্বিংটনে নতুন দিল্লীৰ ওপৰত অতিৰিক্ত ২৫ শতাংশ  শুল্ককে ধৰি ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ বাবে বিগত কেইমাহমানৰ পৰা আমেৰিকাৰ সৈতে ভাৰতৰ সম্পৰ্ক তিক্ত হৈ পৰিছে।  
 
উল্লেখ যে,  ২০১৪ চনত দেশৰ শীৰ্ষ কাৰ্যবাহী পদ গ্ৰহণ কৰাৰ পিছৰে পৰা প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক সম্বোধন কৰি চৰকাৰী গুৰুত্বপূৰ্ণ সিদ্ধান্ত ঘোষণা কৰিছিল। ২০১৬ চনৰ ৮ নৱেম্বৰত তেওঁ দেশবাসীক সম্বোধন কৰি ৫০০ আৰু ১০০০ টকীয়া নোটৰ বিমুদ্ৰাকৰণৰ কথা ঘোষণা কৰিছিল। এনে আন এক ভাষণ ২০১৯ চনৰ ১২ মাৰ্চত প্ৰচাৰিত হৈছিল, যেতিয়া প্ৰধানমন্ত্ৰীয়ে পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত আৰম্ভ হোৱা বালাকোট বিমান আক্ৰমণৰ কথা ঘোষণা কৰিছিল। 
 
প্ৰধানমন্ত্ৰী মোদীয়ে ২০২০ চনৰ ২৪ মাৰ্চত দেশবাসীক সম্বোধন কৰি কোভিড-১৯ মহামাৰী নিয়ন্ত্ৰণৰ বাবে তিনি সপ্তাহৰ বাবে দেশজুৰি লকডাউন ঘোষণা কৰিছিল। তেওঁ ১৪ এপ্ৰিল, ২০২০ তাৰিখে পুনৰ দেশবাসীক সম্বোধন কৰি লকডাউন বৃদ্ধিৰ কথা ঘোষণা কৰিছিল। মে' মাহত তেওঁ দেশবাসীক জনাইছিল যে, চৰকাৰে লকডাউন শিথিল কৰাৰ সিদ্ধান্ত লৈছে। 
 
২০২৫ চনৰ ১২ মে’ত প্ৰধানমন্ত্ৰীয়ে দেশবাসীক দিয়া শেষ ভাষণত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতৰ পাল্টা আক্ৰমণৰ বিষয়ে ৰাইজক অৱগত কৰিছিল।