হিন্দুজা গ্ৰুপৰ অধ্যক্ষ গোপিচন্দ পি হিন্দুজাৰ মৃত্যু

Story by  atv | Posted by  Munni Begum • 4 h ago
গোপিচন্দ পি হিন্দুজা
গোপিচন্দ পি হিন্দুজা
 
নতুন দিল্লী
 
লণ্ডনৰ এখন চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে হিন্দুজা গ্ৰুপৰ অধ্যক্ষ গোপিচন্দ পি হিন্দুজাই। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৫ বছৰ। ৪ জন হিন্দুজ ভাতৃৰ ভিতৰত তেওঁ দ্বিতীয় আছিল। জ্যেষ্ঠজন শ্ৰীচন্দ হিন্দুজাৰ ২০২৩ চনত মৃত্যু হৈছিল। বাকী দুজন ভাতৃ হৈছে প্ৰকাশ হিন্দুজা আৰু অশোক হিন্দুজা। 
 
ব্যৱসায়িক মহলত 'জিপি' নামেৰে পৰিচিত গোপিচন্দ হিন্দুজাই ১৯৫০ চনত পাৰিবাৰিক ব্যৱসায়ত যোগদান কৰিছিল আৰু কোম্পানীটোক ভাৰত-মধ্যপ্ৰাচ্যৰ ব্যৱসায়িক কাৰ্য্যকলাপৰ পৰা আন্তঃৰাষ্ট্ৰীয় সংঘবদ্ধ সংস্থালৈ ৰূপান্তৰিত কৰাৰ কৃতিত্ব লাভ কৰিছিল। 
 
কোম্পানীটোৰ ৱেবছাইটত প্ৰকাশ পাইছে যে, বম্বে জয় হিন্দ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা গোপিচন্দে ইউনিভাৰ্চিটি অৱ ৱেষ্টমিনিষ্টাৰ আৰু ৰিচমণ্ড কলেজৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। 
 
হিন্দুজা গোটৰ অটোমোটিভ, বেংকিং আৰু বিত্ত, আই টি, স্বাস্থ্যসেৱা, ৰিয়েল এষ্টেট, শক্তি আৰু সংবাদ মাধ্যম আৰু মনোৰঞ্জনকে ধৰি এঘাৰটা খণ্ডত ব্যৱসায় আছে। ইয়াৰ কিছুমান সুপৰিচিত ব্ৰেণ্ডৰ ভিতৰত অশোক লেইলেণ্ড, ইণ্ডাছইণ্ড বেংক আৰু এনএক্সটিডিজিটেল লিমিটেড।
 
শেহতীয়াকৈ ছাণ্ডে টাইমছৰ ৰিচ লিষ্টৰ ২০২৫ চনৰ সংস্কৰণত গোপিচন্দ হিন্দুজাৰ পৰিয়ালটোক ৩২.৩ বিলিয়ন পাউণ্ডৰ সম্পত্তিৰে ব্ৰিটেইনৰ ভিতৰতে আটাইতকৈ ধনী হিচাপে স্থান দিয়া হৈছে।
 
২০২১ চনত লণ্ডনৰ আদালতৰ কক্ষত হোৱা কাজিয়াৰ বাবে হিন্দুজা পৰিয়ালে শিৰোনাম দখল কৰিছিল। শ্ৰীচন্দ হিন্দুজাৰ কন্যা বিনু আৰু শ্বানুৱে তেওঁলোকৰ তিনিজন খুড়াকে তেওঁলোকক পুঁজি আৰু সিদ্ধান্ত গ্ৰহণৰ পৰা আঁতৰাই পেলোৱাৰ অভিযোগ উত্থাপন কৰিছিল। সেই সময়ত এছ পি নামেৰে পৰিচিত শ্ৰীচন্দ হিন্দুজা ডিমেনচিয়া ৰোগত আক্ৰান্ত আছিল।
 
ভতিজীসকলৰ অভিযোগৰ উত্তৰত গোপিচন্দ, প্ৰকাশ আৰু অশোকে ২০১৩ চনত চাৰিও ভাতৃয়ে কৰা চুক্তিৰ উদাহৰণ দিয়ে যে, "সকলো সকলোৰে হয় আৰু একোৱেই কাৰো নহয়"।