তামিলনাডুৰ শিৱ মন্দিৰত ১০৩ টা সোণৰ মুদ্ৰা উদ্ধাৰ

Story by  atv | Posted by  [email protected] • 4 h ago
তামিলনাডুৰ শিৱ মন্দিৰত ১০৩ টা সোণৰ মুদ্ৰা উদ্ধাৰ
তামিলনাডুৰ শিৱ মন্দিৰত ১০৩ টা সোণৰ মুদ্ৰা উদ্ধাৰ
 
নতুন দিল্লী
 
তামিলনাডুত এটা শিৱ মন্দিৰৰ মেৰামতি কৰাৰ সময়তে শ্রমিকে এটা মাটিৰ কলহৰ ভিতৰত ৰখা ১০৩ টা প্রাচীন সোণৰ মুদ্রা উদ্ধাৰ কৰিছে। ৰাজ্যখনৰ তিৰুআন্নামালাই জিলাৰ জলাদি পাহাৰৰ ওচৰত অৱস্থিত এটা প্রাচীন শিৱ মন্দিৰত এই গুপ্ত ধন উদ্ধাৰ হৈছে।
 
মন্দিৰটো ক'ভিলুৰ গাঁৱত অৱস্থিত। উদ্ধাৰ হোৱা প্রাচীন মুদ্রাসমূহ শোল ৰাজবংশৰ বুলি সন্দেহ কৰা হৈছে। মুদ্রাসমূহ উদ্ধাৰৰ পিচতে মন্দিৰ চৌহদটোত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। কালি মন্দিৰটোৰ গৰ্ভ গৃহত মেৰামতি চলি থকাৰ সময়তে শ্রমিকে এটা মাটিৰ বাচনত সোণৰ মুদ্রাসমূহ উদ্ধাৰ কৰে।
 
লগে লগে ৰাজহ বিভাগ আৰু আৰক্ষীৰ দল উপস্থিত হৈ মুদ্রাসমূহ নিজৰ জিম্মালৈ নিয়ে। মন্দিৰটো ১০০ বছৰৰো অধিক পুৰণি বুলি জনা যায়। এসময়ত এই স্থানত শোল ৰাজবংশৰ ৰজা শোলান তৃতীয়ই ৰাজত্ব কৰিছিল।