বুঢ়া মছজিদৰ বাকৰিত ব্যতিক্ৰম; বাজি উঠিল জুবিনৰ 'মায়াবিনি ৰাতিৰ বুকুত'

Story by  atv | Posted by  [email protected] • 2 h ago
বুঢ়া মছজিদৰ বাকৰিত বাজি উঠিল 'মায়াবিনি ৰাতিৰ বুকুত'
বুঢ়া মছজিদৰ বাকৰিত বাজি উঠিল 'মায়াবিনি ৰাতিৰ বুকুত'
 
আৰিফুল ইছলাম / গুৱাহাটী
 
জুবিন নামৰ দুৰন্ত সুৰীয়া যাত্ৰাৰ আকস্মিক পৰিসমাপ্তিয়ে শোক সাগৰত পেলাইছে অসমবাসীক। হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ বাতৰিয়ে বিষাদ হৈ বিন্ধিছে প্ৰতিজনৰ বুকু। গুৱাহাটীৰ ঐতিহ্যমণ্ডিত বুঢ়া জামে মছজিদৰ চৌহদতো দেখা গ'ল শোকাকূল পৰিৱেশ। মছজিদৰ বাকৰিত আজি বাজি উঠে জুবিনৰ 'মায়াবিনী ৰাতিৰ বুকুত'।
 
আজান পীৰৰ জিকিৰ 'মোৰ মনত ভেদ ভাই নাই অ আল্লা'ক নৱ প্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তোলা জুবিনক শ্ৰদ্ধা জনাবলৈ মন্দিৰ-মছজিদ চৌদিশে একগোট হৈছে হাজাৰ হাজাৰ অনুৰাগী। বুঢ়া জামে মছজিদত অৱস্থিত হোষ্টেলৰ আৱাসীসকলে মৰমৰ শিল্পী জুবিনৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি দীঘলীপুখুৰীৰ পাৰলৈ সমদল উলিয়ায়।

'জুবিন দা অমৰ হওক', 'জয় জুবিন দা' আদি ধ্বনিৰে সকলোৱে শ্ৰদ্ধাৰ শিল্পীগৰাকীক মৰম যাচে। ধৰ্মৰ পৰিধি ভঙা শিল্পীগৰাকীৰ বাবে বুঢ়া জামে মছজিদত আল্লাহৰ ওচৰত দোৱাও কৰে হোষ্টেলৰ আবাসী তথা মছজিদ কৰ্তৃপক্ষই।
 
হোষ্টেল আবাসী ছানিয়ে কয়; "আমাৰ মৰমৰ জুবিন দা আৰু আমাৰ মাজত নাই। আমি বুঢ়া জামে মছজিদ হোষ্টেলৰ তৰফৰ পৰা মমবাতি জ্বলাই সমদল উলিয়াইছিলোঁ। মছজিদ চৌহদৰ পৰা দীঘলীপুখুৰীলৈ। জুবিন দাৰ বিয়োগ হোৱাটো আমাৰ অসম আৰু অসমীয়াৰ বাবে বৃহৎ ক্ষতি। আমাৰ পৃথিৱীখনৰ বাবে আমাজন বৰ্ষাৰণ্য যিদৰে প্ৰয়োজনীয়। একেদৰেই অসমৰ বাবে জুবিন গাৰ্গ প্ৰয়োজনীয়। জুবিন দাৰ আকস্মিক বিয়োগে আমাক সকলোকে মৰ্মাহত কৰিছে। জুবিন দাৰ আত্মাৰ চিৰশান্তিৰ বাবে আমি আল্লাহৰ ওচৰত দোৱা কৰিছোঁ।"
 
হোষ্টেলখনৰ আবাসীসকলৰ মমবাতি লৈ পদযাত্ৰা
 
বুঢ়া জামে মছজিদৰ সম্পাদক নিজামুল হকে কয়; "জুবিন গাৰ্গ এটা অনুষ্ঠান। আজি তেওঁ আমাৰ মাজৰ পৰা গ'ল। প্ৰতিজন অসমীয়াৰ হৃদয়ত জুবিন সুমাই আছে। জাতি, ধৰ্ম, বৰ্ণ-ভাষা নিৰ্বিশেষে তেওঁ সকলোৰে আপোন। জুবিন গাৰ্গ অসমৰ প্ৰত্যেকতা পৰিয়ালৰে এজন সদস্য তেওঁ। কিন্তু জুবিনৰ মৃত্যু হ'ল, এই মৃত্যু কিদৰে আৰু কেনেকৈ হ'ল অসমবাসীৰ মনত সন্দেহ আছে। ইয়াৰ উচিত তদন্ত হ'ব লাগে। মই অসম চৰকাৰৰ ওচৰত দাবী জনাইছোঁ, জুবিনৰ মৃত্যুৰ ৰহস্যৰ ওপৰত তদন্ত হ'ব লাগে। চিবিআইৰ দ্বাৰা তদন্ত কৰক। যদি জুবিনৰ মৃত্যু মানুহে সন্দেহ কৰাৰ দৰে হয়, সেই দোষীক শাৰী যাবলৈ দিব নালাগে। গতিকে মই বিচাৰোঁ জুবিনৰ বিদেহী আত্মাই শান্তি লাভ কৰক। আমি বুঢ়া জামে মছজিদত দোৱা কৰিছোঁ। আমাৰ হোষ্টেলৰ লৰাসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে ইমান ধুনীয়াকৈ জুবিনক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।"
 
উল্লেখযোগ্য যে, জুবিনৰ সুৰ আজি স্তব্ধ হৈ গ’ল৷ কিন্তু অসমীয়াৰ বুকুৱে বুকুৱে এটি গান হৈয়েই চিৰদিন প্ৰবাহিত হৈ ৰ’ব জুবিন গাৰ্গ৷ সুৰৰ সোপানে সোপানে প্ৰতিদিনেই আমি অনুভৱ কৰিম তেওঁৰ সজীৱ উপস্থিতি৷