অসমত বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৯ জনলৈ বৃদ্ধি, ক্ষতিগ্ৰস্ত ১.৪৭ লাখৰো অধিক

Story by  atv | Posted by  Munni Begum • 17 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
গুৱাহাটী
 
অসমত বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৯ জনলৈ বৃদ্ধি পাইছে আৰু ১.৪৭ লাখৰো অধিক লোক বৰ্তমান বানৰ কৱলত আছে৷ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দৈনিক বান সম্বন্ধীয় প্ৰতিবেদনত শনিবাৰে প্ৰকাশ পোৱা অনুসৰি, অসমৰ ভয়াৱহ বানত ৫৮ জন পুৰুষ আৰু ২৩ গৰাকী মহিলাৰ লগতে ১৮ টা শিশু (১২ ল’ৰা আৰু ৬ ছোৱালী)ৰ মৃত্যু হৈছে৷
 
কাছাৰ জিলাত আটাইতকৈ বেছি ২২ জন আৰু তাৰ পাছতেই শিৱসাগৰত ১০ জন লোকৰ মৃত্যু হৈছে৷ একেদৰে কৰিমগঞ্জ ৯ জন, গোলাঘাটত ৭ জন লোকৰ মৃত্যু হোৱাৰ লগতে ধেমাজি, নগাঁও, ওদালগুৰি, শোণিতপুৰ আৰু কাৰ্বি আংলঙত হতাহতিৰ খবৰ পোৱা গৈছে৷
 
ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি শনিবাৰে গোলাঘাট জিলাত এজন লোকৰ মৃত্যু হয় ৷ ইফালে শোণিতপুৰ, নগাঁও, গোলাঘাট, শিৱসাগৰ, হোজাই, দৰং, যোৰহাট, ধেমাজি, চৰাইদেউ, কাৰ্বি আংলং, লখিমপুৰ আৰু বিশ্বনাথ জিলাৰ ১ লাখ ৪৭ হাজাৰ ৩৭৬ জন লোক বানত আক্ৰান্ত হৈছে৷
 
গোলাঘাটত আটাইতকৈ বেছি ৬১,৭৩৫ জন লোক বানত আক্ৰান্ত হোৱাৰ বিপৰীতে শিৱসাগৰত ৪৩,৪৯২ জন আৰু যোৰহাট ২৪,২৮৩ জন লোক বৰ্তমানো বানৰ কৱলত আছে৷ 
 
প্ৰশাসনে স্থাপন কৰা ৫৩টা সাহায্য শিবিৰত ৮,৫৬৮ জন স্থানচ্যুত লোকে আশ্ৰয় লৈ আছে৷ ইয়াৰ উপৰিও ৪১টা সাহায্য বিতৰণ কেন্দ্ৰৰ জৰিয়তে ১৩৪৭৯ জন লোকক সাহাৰ্য প্ৰদান কৰা হৈছে৷ বানত ১০,৫৯৯.৮৯ হেক্টৰ শস্য ভূমি ডুব য়োৱাৰ বিপৰীতে ৩৯৯৫৯ টা পোহনীয়া জীৱ-জন্তু ক্ষতিগ্ৰস্ত হৈছে।