'যৌন নিৰ্যাতনৰ বলি হোৱা' মহিলাৰ তথ্য বিচাৰি ৰাহুল গান্ধীৰ ঘৰত দিল্লী আৰক্ষী

Story by  atv | Posted by  [email protected] • 1 Years ago
ৰাহুল গান্ধীৰ ঘৰত দিল্লী আৰক্ষী
ৰাহুল গান্ধীৰ ঘৰত দিল্লী আৰক্ষী

নতুন দিল্লী

মহিলাৰ যৌন শোষণ সন্দৰ্ভত দিয়া ভাৰত জোড়ো যাত্ৰাৰ সময়ছোৱাত আগবঢ়োৱা এক বিতৰ্কিত মন্তব্য সন্দৰ্ভত সোধা-পোছাৰ বাবে আজি কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীৰ ঘৰত উপস্থিত হয় দিল্লী আৰক্ষীৰ এটা দল। এই বিষয়ত আৰক্ষীয়ে ৰাহুল গান্ধীক ইয়াৰ পূৰ্বে জাননী দিছিল। ভুক্তভোগীক ন্যায় দিয়াৰ উদ্দেশ্যে আৰক্ষীয়ে ৰাহুলৰ পৰা পৰ্যাপ্ত তথ্য আৰু প্ৰমাণ বিচাৰি জাননী প্ৰেৰণ কৰিছিল। 
 
লাভ কৰা তথ্য অনুসৰি বুধবাৰে দিল্লী আৰক্ষীৰ জ্যেষ্ঠ বিষয়াসকলে ৰাহুল গান্ধীক সাক্ষাৎ কৰিবলৈ গৈছিল যদিও ৩ ঘন্টা অপেক্ষা কৰিও ৰাহুল গান্ধীয়ে লগ নকৰিলে। ইয়াৰ পিছত বৃহস্পতিবাৰে আৰক্ষীয়ে কংগ্ৰেছৰ নেতাজনক পুনৰ সাক্ষাৎ কৰিবলৈ গৈছিল আৰু তেওঁৰ সৈতে কথা পাতিবলৈ সময় বিচাৰিছিল, কিন্তু ৰাহুলে তেওঁলোকক পুনৰ নিৰাশ কৰি কয় যে তেওঁৰ হাতত কথা পতাৰ সময় নাই।
 
উল্লেখ্য যে, দিল্লী আৰক্ষীয়ে সেই মহিলাসকলৰ বিষয়ে তথ্য বিচাৰিছে যিসকলে ৰাহুল গান্ধীক যৌন নিৰ্যাতনৰ কথা কৈছিল। আৰক্ষীয়ে প্ৰশ্ন কৰিছে যে মহিলাসকলে তেওঁলোকক লগ পোৱাৰ পিছত কেতিয়া আৰু ক’ত এই কথা ক’লে? মহিলাসকলক তেওঁ চিনি পাইছিল নেকি? ৰাহুল গান্ধীয়ে সেই মহিলাসকলৰ বিষয়ে আৰু কি জানে?

দিল্লী আৰক্ষীয়ে জানিব বিচাৰিছে যে মহিলাসকলে ৰাহুলক কোনো নিৰ্দিষ্ট ঘটনাৰ তথ্য দিছিল নেকি? যদি দিছিল তেন্তে আৰক্ষীয়ে তদন্ত আগবঢ়াই সেই মহিলাসকলক নিৰাপত্তা প্ৰদান কৰিব পাৰে।

ইফালে কংগ্ৰেছৰ প্ৰবীণ নেতা জয়ৰাম ৰমেশে কয় যে ভয় দেখুৱাবলৈ চেষ্টা কৰা হৈছে, কিন্তু আমি ভয় কৰা নাই। ভাৰত জোড়ো যাত্ৰা সমাপ্ত হোৱা ৪৫ দিন হ’ল। ৪৫ দিনৰ মূৰত সোধা-পোছাৰ বাবে আৰক্ষী ৰাহুলৰ ঘৰলৈ গৈ আছে। যদি তেওঁলোক (দিল্লী আৰক্ষী) ইমান চিন্তিত আছিল তেন্তে ফেব্ৰুৱাৰী মাহত কিয় যোৱা নাছিল? ৰাহুল গান্ধীৰ আইনী দলে আইন অনুসৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব।