নতুন দিল্লী
অহা ১ অক্টোবৰৰ পৰা ৰাজসাহায্যযুক্ত ৰন্ধন গেছৰ সুবিধা লাভ কৰি থাকিবলৈ সমগ্ৰ দেশৰ ঘৰুৱা গ্ৰাহকসকলে বায়’মেট্ৰিক আধাৰ প্ৰমাণীকৰণ সম্পূৰ্ণ কৰাটো বাধ্যতামূলক। ৰাজসাহায্যৰ অপব্যৱহাৰ ৰোধ কৰি প্ৰকৃত ঘৰুৱা গ্ৰাহকক সহায় কৰায়েই চৰকাৰৰ এই পদক্ষেপৰ মূল উদ্দেশ্য।
বৰ্তমানলৈকে প্ৰায় ৯০ শতাংশ গ্ৰাহকে এই প্ৰক্ৰিয়া সফলতাৰে সম্পূৰ্ণ কৰিছে আৰু তেওঁলোকৰ গেছ বুকিং কোনো বাধা নোহোৱাকৈ চলি থাকিব। আনহাতে, যিসকল গ্ৰাহকে এতিয়াও প্ৰমাণীকৰণ কৰা নাই, তেওঁলোকে এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পাছতহে ৰাজসাহায্যযুক্ত গেছৰ বুকিং কৰিব পাৰিব। যদি কোনো গ্ৰাহকে প্ৰমাণীকৰণ কৰিব নিবিচাৰে, তেন্তে তেওঁলোকে বজাৰ মূল্যত ৫ বা ১০ কেজিৰ চিলিণ্ডাৰ কিনিব পাৰিব, কিন্তু চৰকাৰী ৰাজসাহায্যৰ পৰা বঞ্চিত হ'ব।
গ্ৰাহকসকলে এই প্ৰমাণীকৰণ অতি সহজেই গেছ ডেলিভাৰী দিবলৈ অহা কৰ্মীৰ জৰিয়তে বা নিজৰ গেছ বিতৰকৰ কাৰ্যালয়লৈ গৈ সম্পূৰ্ণ কৰিব পাৰিব। ইয়াৰ উপৰিও ঘৰতে বহি ম'বাইল এপৰ জৰিয়তেও এই কাম কৰিব পৰা যাব। ইণ্ডেন গ্ৰাহকে 'IndianOil One', ভাৰত গেছৰ গ্ৰাহকে 'Hello BPCL' আৰু এইচ পি গ্ৰাহকে 'HP Pay' এপ ব্যৱহাৰ কৰি প্ৰমাণীকৰণ কৰিব পাৰিব। প্ৰক্ৰিয়াটো বুজাত সহায় হ'বৰ বাবে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ পৰ্টেলত ভিডিঅ’ টিউটৰিয়েলো উপলব্ধ কৰা হৈছে।
উল্লেখ্য যে, ২০২৩ চনৰ অক্টোবৰ মাহৰ পৰা সমগ্ৰ দেশজুৰি এই প্ৰমাণীকৰণ অভিযান চলি আছে। ইয়াৰ প্ৰাথমিক সময়সীমা আছিল ২০২৬ চনৰ ৩০ জুন, যিটো পৰৱৰ্তী সময়ত বৃদ্ধি কৰা হৈছিল। কোম্পানীসমূহে গ্ৰাহকক সজাগ কৰিবলৈ ইতিমধ্যে ১২ কোটিৰো অধিক এছ এম এছ আৰু হোৱাটছএপ বাৰ্তা প্ৰেৰণ কৰিছে।