গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ৰোগী থকা কোঠাত মনিটৰ বিস্ফোৰণ

Story by  atv | Posted by  [email protected] • 1 h ago
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল
 
গুৱাহাটী
 
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত পুনৰ এক অঘটন সংঘটিত হৈছে। হাস্পতালখনৰ এম আই টি ইউ কোঠা এটাত হঠাতে এটা মনিটৰ বিস্ফোৰণ হয়। এই বিস্ফোৰণৰ ঠিক পিছতেই তাত জুইৰ সূত্ৰপাত হয়।
 
প্ৰাপ্ত খবৰ অনুসৰি, এই ঘটনাটো নিশা প্ৰায় ১১ বাজি ৫০ মিনিটত হাস্পতালখনৰ তৃতীয় মহলাত থকা এম আই টি ইউ ৱাৰ্ডত ঘটিছিল। ঘটনাটো হোৱাৰ লগে লগে ততাতৈয়াকৈ সেই কোঠাটোত থকা ৰোগীসকলক নিৰাপদভাৱে আন এটা কোঠালৈ লৈ যোৱা হয়। হাস্পতালখনৰ নিজা অগ্নিনিৰ্বাপক বাহিনীয়ে লগে লগে ঘটনাস্থলীত উপস্থিত হৈ জুইখিনি নুমুৱাবলৈ সক্ষম হয়। জি এম চি এইচৰ অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়া মতে, এই জুই লগা ঘটনাত কোনো লোকৰে ক্ষয়-ক্ষতি বা কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই।
 
আনহাতে, সেই সময়তে এগৰাকী ৰোগীৰ মৃত্যু হোৱা বুলিও এটা খবৰ পোৱা গৈছিল। কিন্তু জি এম চি এইচ কৰ্তৃপক্ষই এই কথাটো একেবাৰে পৰিষ্কাৰ কৰি দিছে যে, মনিটৰ বিস্ফোৰণ হোৱাৰ আগতেই সেই ৰোগীগৰাকীৰ মৃত্যু হৈছিল। সেয়েহে, হাস্পতাল কৰ্তৃপক্ষই স্পষ্ট কৰি দিছে যে মনিটৰটো বিস্ফোৰণ হোৱা ঘটনাৰ লগত ৰোগীগৰাকীৰ মৃত্যুৰ কোনো ধৰণৰ সম্পৰ্ক নাই।