খাদ্যত বিষক্ৰিয়াৰ ফলত হঠাৎ অসুস্থ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ; বাতিল সকলো কাৰ্যসূচী

Story by  atv | Posted by  [email protected] • 44 m ago
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
 
নতুন দিল্লী
 
কৰ্ণাটক ভ্ৰমণৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ হঠাতে অসুস্থ হৈ পৰে। প্ৰাপ্ত তথ্য অনুসৰি, শনিবাৰে কৰ্ণাটকৰ হুব্বাল্লিত উপস্থিত থকাৰ সময়তে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে। এই আকস্মিক অসুস্থতাৰ প্ৰতি লক্ষ্য ৰাখি গৃহমন্ত্ৰীগৰাকীৰ নিৰ্ধাৰিত সকলো কাৰ্যসূচী তাৎক্ষণিকভাৱে বাতিল কৰা হয়।
 
সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ এই অসুস্থতাৰ মূল কাৰণ হৈছে খাদ্যৰ বিষক্ৰিয়া। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী প্ৰহ্লাদ যোশীয়ে এই সন্দৰ্ভত জানিবলৈ দি কয় যে খাদ্যত বিষক্ৰিয়া হোৱাৰ ফলত অমিত শ্বাহৰ বমি হোৱাৰ লগতে তেওঁ যথেষ্ট দুৰ্বলতা অনুভৱ কৰে। অৱশ্যে, আশ্বস্ত কৰিবলগীয়া কথাটো হ'ল যে তেওঁক কোনো চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ প্ৰয়োজন হোৱা নাই। চিকিৎসকৰ পৰামৰ্শ মৰ্মে তেওঁ বাহৰ পাতি থকা হোটেলটিতে প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয়।
 
উল্লেখযোগ্য যে, ১৯ তাৰিখ শনিবাৰে হুব্বাল্লিত এখন ১২০০ বিচনাযুক্ত অত্যাধুনিক 'হস্পিতাল এণ্ড মেডিকেল ৰিচাৰ্ছ চেণ্টাৰ'ৰ শুভ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথা আছিল অমিত শ্বাহৰ। কিন্তু হঠাতে শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাৰ বাবে তেওঁ এই গুৰুত্বপূৰ্ণ অনুষ্ঠানটোত যোগ দিবলৈ অসমৰ্থ হয় আৰু চিকিৎসকৰ পৰামৰ্শ মানি হোটেলতে জিৰণি লয়।
 
উল্লেখযোগ্য যে, বৰ্তমান গৃহমন্ত্ৰীগৰাকীৰ শাৰীৰিক অৱস্থা সম্পূৰ্ণ সুস্থিৰ বুলি চিকিৎসকে জানিবলৈ দিছে। কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়েও সংবাদ মাধ্যমৰ আগত শেহতীয়াকৈ স্পষ্ট কৰি দিছে যে অমিত শ্বাহ বৰ্তমান সুস্থ আৰু ক্ৰমান্বয়ে আৰোগ্য লাভ কৰিছে।